ঘৰৰ ল’ৰা ৰিয়ানৰ ধৈৰ্যশীল ইনিংছ! অধিনায়ক কুৰানৰ বিক্ৰমেৰে গুৱাহাটীত ৰাজস্থানক হৰুৱালে পঞ্জাবে

অধিনায়ক ছেম কুৰানৰ দুৰ্দান্ত অৰ্ধশতকৰ ওপৰত নিৰ্ভৰ কৰি পঞ্জাৱ কিংছে ৰাজস্থানৰ হাতৰ পৰা জয় কাঢ়ি লৈ ​​গ’ল। প্লে অফ নিশ্চিত হোৱাৱা ৰাজস্থান ৰয়েলছক তেওঁলোকৰ ঘৰুৱা খেলপথাৰতে পৰাস্ত কৰে কুৰান বাহিনীয়ে।

ইপিনে, একেৰাহে চাৰিখন মেচত পৰাস্ত হৈ পইণ্ট তালিকাৰ শীৰ্ষ দুটা স্থানত থকাটো কঠিন হৈ পৰিল সঞ্জু চেমছনৰ ৰাজস্থানৰ বাবে।

বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত খেলিবলৈ নমাৰ পূৰ্বে ৰাজস্থান ৰয়েলছে আই পি এল ২০২৪ৰ প্লে অফ নিশ্চিত কৰিছিল। আনহাতে, পঞ্জাব কিংছ পইণ্ট টেবুলত একেবাৰে তলত আছিল। হিচাপ-নিকাচৰ ফালৰ পৰা এই মেচখনৰ বিশেষ কোনো গুৰুত্ব নাছিল।

কিন্তু সেই মেচতে পঞ্জাবে কঠিন যুঁজ দিলে। পইণ্ট টেবুলতো সামান্য উন্নতি সাধন কৰিলে। আনহাতে, পইণ্ট তালিকাৰ শীৰ্ষ দুটা স্থানত থকাটো ৰাজস্থানৰ বাবে অধিক কঠিন হৈ পৰিল। ৰয়েলছ একেৰাহে চাৰিখন মেচত পৰাস্ত হৈছে। ৰাজস্থানে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলখনত পইণ্ট তালিকাৰ শীৰ্ষত থকা কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিব লাগিব।

বুধবাৰে গুৱাহাটীত তেওঁলোকৰ ‘ছেকেণ্ড হোম’ত খেলিছিল ৰাজস্থানে।  এই ছিজনত দলটোৰ অন্যতম আশা ৰিয়ান পৰাগৰ ঘৰুৱা খেলপথাৰ। সঞ্জুৱে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু মন্থৰ পিটছত হৰ্ষল-কুৰাণৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত ৰাজস্থানৰ বেটছমেনসকলে হাৰ মানিলে। কেৱল ৰিয়ানৰ ৪৮ ৰানৰ ইনিংছৰ ওপৰত ভৰ কৰিয়েই ৰয়েলছে ১৪৪ ৰান কৰে।

ইপিনে, লক্ষ্য অনুসৰণ কৰি পঞ্জাব কিংছো বিপদত পৰে। প্ৰভসিমৰন সিং-জনী বেয়াৰষ্টো সোনকালে আউট হৈ যায়। কিন্তু ছেম কুৰানে চাপত শীতল মস্তিষ্কৰে অধিনায়কোচিত ইনিংছ খেলিলে। বিপৰীত দিশত উইকেট পৰিলেও ৰানৰ গতি কমিবলৈ নিদিলে। শেষত তেওঁ  ৪১টা বলত ৬৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। এটা অভাৰ বাকী থকা অৱস্থাতে পঞ্জাবে জয়লাভ কৰে।

সংক্ষিপ্ত স্কোৰঃ

 ৰাজস্থান ৰয়েলছঃ ১৪৪/৯ (ৰিয়ান ৪৮, অশ্বিন ২৮, কুৰাণ ২/২৪, ৰাহুল ২/২৬)

পঞ্জাৱ কিংছ: ১৪৫/৫ (কুৰাণ ৬৩, আৱেশ ২/২৮)

৫ উইকেটত জয়লাভ কৰে পঞ্জাবে।