সমলিংগীয় বিবাহক স্বীকৃতি দিয়ক : মুখ্য ন্যায়াধীশলৈ চিঠি পিতৃ-মাতৃৰ

অধিবক্তা গীতা লুথ্ৰাই কয় যে জি-২০ গোটৰ ১২খন দেশে ইতিমধ্যে সমলিংগ বিবাহক স্বীকৃতি দিছে। গতিকে এই ক্ষেত্ৰত ভাৰত পিছ পৰি ৰোৱা উচিত নহয়।

সমলিংগীয় বিবাহক আইনী স্বীকৃতি প্ৰদান কৰক – এই দাবীৰে দেশৰ প্ৰায় ৪০০ ৰো অধিক সমকামী সন্তানত অভিভাৱকে চিঠি লিখিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদলৈ।

অভিভাৱক সকলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদলৈ পত্ৰ লিখি সমলিংগীয় বিবাহক স্বীকৃতি দিবলৈ অনুৰোধ জনাইছে। তেওঁলোকে লিখিছে যে তেওঁলোকৰ বিশেষ বিবাহ আইনৰ অধীনত সমলিংগীয় বিবাহে বৈধ বিবাহৰ মৰ্যাদা লাভ কৰাটো বিচাৰে।

লগতে পঢ়কঃ চাণক্যৰ বাণী: পুৰুষৰ এইকেইটা গুণ দেখি প্ৰেমত বাউলী হয় নাৰী

 

উচ্চতম ন্যায়ালয়ত সমলিংগীয় বিবাহ সন্দৰ্ভত আজি চতুৰ্থ দিনৰ শুনানিত এই আবেদনকাৰী পক্ষৰ অধিবক্তাই বিভিন্ন যুক্তি দাঙি ধৰি এনে বিবাহক স্বীকৃতি দিবলৈ অনুৰোধ জনায়।

লগতে পঢ়কঃ যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

সমলিংগীয় বিবাহক বৈধতা প্ৰদানৰ বাবে তেওঁলোকৰ সন্তানে আদালতত যুঁজ দিয়াৰ লগে লগে অভিভাৱকসকলেও নিজৰ সন্তানৰ সমৰ্থনত একত্ৰিত হৈছে।

ভাৰতত বিবাহ সমতাৰ বাবে অভিভাৱকসকলে মুখ্য ন্যায়াধীশলৈ পত্ৰযোগে কাতৰ অনুৰোধ জনাই লিখিছে, সন্তানৰ জীৱন আৰু যৌনতাৰ কথা চিন্তা কৰি তেওঁলোকে সমকামীতাক মানি লৈছে। এতিয়া তেওঁলোকে সমকামী ব্যক্তিৰ মাজত হোৱা বিবাহৰ আইনী বৈধতা বিচাৰিছে।চিঠিখনত লিখিছে– “এনে বিবাহৰ বিৰোধিতা কৰাসকলৰ প্ৰতি আমি সহানুভূতিশীল। কাৰণ এসময়ত আমাৰ বহুতেই সেই পক্ষত আছিলোঁ। কিন্তু শিক্ষা, আলোচনা আৰু ধৈৰ্য্যৰ জৰিয়তে আমি বুজি পাওঁ যে আমাৰ ল’ৰাছোৱালীৰ চিন্তাভাৱনা শুদ্ধ। আজি সমলিংগীয় বিবাহৰ বিৰোধিতা কৰা সকলেও এদিন আমাৰ লগত যোগ দিব।”

লগতে পঢ়কঃ উঃপূঃৰ পৰা গুজৰাটলৈ অধিক হাতী প্ৰেৰণ কৰা হ’ব : উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটীৰ নিৰ্দেশনা

সমলিংগীয় বিবাহৰ সপক্ষে থকা অধিবক্তাই আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত সংবিধান বিচাৰপীঠৰ সন্মুখত নিজৰ যুক্তি দাখিল কৰে। অধিবক্তা গীতা লুথ্ৰাই কয় যে জি২০ গোটৰ ১২খন দেশে ইতিমধ্যে সমলিংগ বিবাহক স্বীকৃতি দিছে। গতিকে এই ক্ষেত্ৰত ভাৰত পিছ পৰি ৰোৱা উচিত নহয়।

লগতে পঢ়কঃ গুগলত ভুলটো সন্ধান নকৰিব এইকেইটা বিষয়: কৰিলে হ’ব পাৰে ৰঙাঘৰৰ আলহী