• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমিধান ((Xomidhan.org)ৰ ছাত্ৰবৃত্তিৰ ফলাফল ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2021 5:21 pm
243
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটি অনলাইন কেৰিয়াৰ কাউঞ্চেলিং স্বেচ্ছাসেৱী সংস্থা “সমিধান” (Xomidhan.org)এ আজি ১১ বছৰ অতিক্ৰম কৰিলে।

অসমৰ কেইগৰাকীমান উদ্যমী যুৱক-যুৱতীৰ প্ৰচেষ্টাত ২০১০ চনৰ ১ জানুৱাৰীত জন্ম হৈছিল “সমিধান, এক স্বেচ্ছাসেৱী সংস্থা”ৰ।

জন্ম লগ্নৰ উদ্দেশ্য আগত ৰাখি সমিধানে কেৰিয়াৰ কাউঞ্চেলিঙৰ লগতে বিগত সময়চোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ সমিধানৰ ৱেবচাইট তথা অন্যান্য বিভিন্ন মাধ্যমৰ জৰিয়তে দি আহিছে।

এই স্বেচ্ছাসেৱী সংস্থাৰ হৈ ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন বিষয়ৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত সিচঁৰিত হৈ থকা প্ৰায় ৩০০ৰো অধিক সমিধানৰ কাউঞ্চেলৰে।

আনহাতে, বিগত তিনিবছৰ ধৰি “The Assam Tribune” ৰ যুটীয়া সহযোগত প্ৰতি সোমবাৰে এটি প্ৰশ্নোত্তৰ শিতান প্ৰকাশ কৰি আহিছে। বৰ্তমানলৈ সমিধানে ছাত্ৰ-ছাত্ৰীৰ প্ৰায় ৩০০০ৰো অধিক প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰ’না মহামাৰীৰ লগত সংগতি ৰাখি সমিধানে কৰ’না মহামাৰীৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক WhatsApp ছেছন অনুষ্ঠিত কৰে।

এই সময়চোৱাই সৃষ্টি কৰা অনিশ্চয়তাত ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকৈ এলানি “Live Zoom Career Counseling” ছেছন অনুষ্ঠিত কৰে।

চলচ্চিত্ৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি ৰন্ধনক কেনেকৈ পেচা হিচাপে ল’ব পাৰি, UPSC-APSC পৰীক্ষা প্ৰস্তুতিৰ পৰা আৰম্ভ পেচাদাৰী লিখক কেনেকৈ হ’ব ইত্যাদি বিভিন্ন বিষয়ত কেনেকৈ কেৰিয়াৰ গঢ়িব পাৰি তাৰ বিষয়ে বিতংকৈ সেই বিষয়বোৰৰ লগত জড়িত দক্ষ ব্যক্তিসকলক সমল ব্যক্তি হিচাপে আমন্ত্ৰণ জনাই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰে।

এই ছেছনবোৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসমৰ সুযোগ্য সন্তান আৰু সেই বিষয়বোৰত অসম তথা বিশ্ববাসীৰ আগত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস; বিশিষ্ট লিখক ৰীতা চৌধুৰী; আইএএছ আৰণ্যক শইকীয়া; অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, তৰালি শৰ্মা; মনিতা বৰগোহাঁই, সঞ্চালক, ড° ভূপেন হাজৰিকা আঞ্চলিক ফিল্ম আৰু টেলিভিছন সংস্থা, গুৱাহাটী; উৎপল দত্ত, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বটাঁ প্ৰাপ্ত চলচ্চিত্ৰ সমালোচক; ‘চলচ্চিত্ৰম’ চলচ্চিত্ৰ ছোছাইটিৰ অধ্যক্ষ লগতে চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক; সমিধানৰ কাউঞ্চেলৰ তথা বিশিষ্ট কেৰিয়াৰ দিহা-পৰামৰ্শদাতা বুলজিৎ বুঢ়াগোহাই; প্ৰদ্যুৎ বৰদলৈ;  ইত্যাদি বিশিষ্ট ব্যক্তিয়ে।

যোৱা বছৰ সমিধানৰ জন্ম বাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি সমিধানে ছয়টাকৈ ছাত্ৰবৃত্তি প্ৰদানৰ কথা ঘোষণা কৰিছিল। এই বৃত্তি কেইটাৰ বাবে সৰ্বমুঠ ৩৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা আৱেদন আহিছিল। ইয়াৰ মাজত যোগ্যতাৰ ভিত্তিত কেৱল পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীকহে বাচনি কৰি পৰা গ’ল। এই বছৰৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি সেই বৃত্তি লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ নাম ঘোষণা কৰিবলৈ ঠিৰাঙ কৰিছে। সেই ছাত্ৰ-ছাত্ৰীসকল হ’ল ক্ৰমে-

১)চৰকাৰী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে মহেশ্বৰ নাথ সোঁৱৰণী ন্যাস বৃত্তি:-
ক)ললিতা বিশ্বাস (Lalita Biswas), গোৱালপাৰা
২)বিজ্ঞান শাখাৰ ছাত্ৰীৰ বাবে নকুল-অলকা দত্ত বৃত্তি:-
ক) নাইমা ফীৰড’জ বৰভূঞা (Nayeema Firdous Barbhuyan), নগাওঁ
৩))উচ্চ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দেহিৰাম শইকীয়া সোঁৱৰণী বৃত্তি:-
ক)মালৱিকা সোণোৱাল (Malabika Sonowal), যোৰহাট
খ)প্ৰাঞ্জল চুতিয়া (Pranjal chutia), ধেমাজী
৪) বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে বৰুৱা-হাজৰিকা বৃত্তি:-
ক) প্ৰান্তু প্ৰতীম বৰা (Prantu Pratim Borah) শিৱসাগৰ

আনহাতে আন দুটা বৃত্তিৰ বাবে কোনো যোগ্য প্ৰাৰ্থীৰ আৱেদন নোপোৱাৰ বাবে কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল। ছাত্ৰীবৃত্তিসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলে সমিধানৰ ৱেবছাইটত সবিশেষ জানিব পাৰিব। আনহাতে ছাত্ৰবৃত্তি প্ৰদানৰ বাবে ইচ্ছুক দাতাসকলক [email protected] ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বেচ্ছাসেৱী সংস্থাটোৰ বিষয়ববীয়াসকলে।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd