• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমিধান ((Xomidhan.org)ৰ ছাত্ৰবৃত্তিৰ ফলাফল ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2021 5:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটি অনলাইন কেৰিয়াৰ কাউঞ্চেলিং স্বেচ্ছাসেৱী সংস্থা “সমিধান” (Xomidhan.org)এ আজি ১১ বছৰ অতিক্ৰম কৰিলে।

অসমৰ কেইগৰাকীমান উদ্যমী যুৱক-যুৱতীৰ প্ৰচেষ্টাত ২০১০ চনৰ ১ জানুৱাৰীত জন্ম হৈছিল “সমিধান, এক স্বেচ্ছাসেৱী সংস্থা”ৰ।

Apply Now

জন্ম লগ্নৰ উদ্দেশ্য আগত ৰাখি সমিধানে কেৰিয়াৰ কাউঞ্চেলিঙৰ লগতে বিগত সময়চোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ সমিধানৰ ৱেবচাইট তথা অন্যান্য বিভিন্ন মাধ্যমৰ জৰিয়তে দি আহিছে।

এই স্বেচ্ছাসেৱী সংস্থাৰ হৈ ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন বিষয়ৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত সিচঁৰিত হৈ থকা প্ৰায় ৩০০ৰো অধিক সমিধানৰ কাউঞ্চেলৰে।

আনহাতে, বিগত তিনিবছৰ ধৰি “The Assam Tribune” ৰ যুটীয়া সহযোগত প্ৰতি সোমবাৰে এটি প্ৰশ্নোত্তৰ শিতান প্ৰকাশ কৰি আহিছে। বৰ্তমানলৈ সমিধানে ছাত্ৰ-ছাত্ৰীৰ প্ৰায় ৩০০০ৰো অধিক প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰ’না মহামাৰীৰ লগত সংগতি ৰাখি সমিধানে কৰ’না মহামাৰীৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক WhatsApp ছেছন অনুষ্ঠিত কৰে।

এই সময়চোৱাই সৃষ্টি কৰা অনিশ্চয়তাত ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকৈ এলানি “Live Zoom Career Counseling” ছেছন অনুষ্ঠিত কৰে।

চলচ্চিত্ৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি ৰন্ধনক কেনেকৈ পেচা হিচাপে ল’ব পাৰি, UPSC-APSC পৰীক্ষা প্ৰস্তুতিৰ পৰা আৰম্ভ পেচাদাৰী লিখক কেনেকৈ হ’ব ইত্যাদি বিভিন্ন বিষয়ত কেনেকৈ কেৰিয়াৰ গঢ়িব পাৰি তাৰ বিষয়ে বিতংকৈ সেই বিষয়বোৰৰ লগত জড়িত দক্ষ ব্যক্তিসকলক সমল ব্যক্তি হিচাপে আমন্ত্ৰণ জনাই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰে।

এই ছেছনবোৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসমৰ সুযোগ্য সন্তান আৰু সেই বিষয়বোৰত অসম তথা বিশ্ববাসীৰ আগত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস; বিশিষ্ট লিখক ৰীতা চৌধুৰী; আইএএছ আৰণ্যক শইকীয়া; অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, তৰালি শৰ্মা; মনিতা বৰগোহাঁই, সঞ্চালক, ড° ভূপেন হাজৰিকা আঞ্চলিক ফিল্ম আৰু টেলিভিছন সংস্থা, গুৱাহাটী; উৎপল দত্ত, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বটাঁ প্ৰাপ্ত চলচ্চিত্ৰ সমালোচক; ‘চলচ্চিত্ৰম’ চলচ্চিত্ৰ ছোছাইটিৰ অধ্যক্ষ লগতে চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক; সমিধানৰ কাউঞ্চেলৰ তথা বিশিষ্ট কেৰিয়াৰ দিহা-পৰামৰ্শদাতা বুলজিৎ বুঢ়াগোহাই; প্ৰদ্যুৎ বৰদলৈ;  ইত্যাদি বিশিষ্ট ব্যক্তিয়ে।

যোৱা বছৰ সমিধানৰ জন্ম বাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি সমিধানে ছয়টাকৈ ছাত্ৰবৃত্তি প্ৰদানৰ কথা ঘোষণা কৰিছিল। এই বৃত্তি কেইটাৰ বাবে সৰ্বমুঠ ৩৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা আৱেদন আহিছিল। ইয়াৰ মাজত যোগ্যতাৰ ভিত্তিত কেৱল পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীকহে বাচনি কৰি পৰা গ’ল। এই বছৰৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি সেই বৃত্তি লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ নাম ঘোষণা কৰিবলৈ ঠিৰাঙ কৰিছে। সেই ছাত্ৰ-ছাত্ৰীসকল হ’ল ক্ৰমে-

১)চৰকাৰী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে মহেশ্বৰ নাথ সোঁৱৰণী ন্যাস বৃত্তি:-
ক)ললিতা বিশ্বাস (Lalita Biswas), গোৱালপাৰা
২)বিজ্ঞান শাখাৰ ছাত্ৰীৰ বাবে নকুল-অলকা দত্ত বৃত্তি:-
ক) নাইমা ফীৰড’জ বৰভূঞা (Nayeema Firdous Barbhuyan), নগাওঁ
৩))উচ্চ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দেহিৰাম শইকীয়া সোঁৱৰণী বৃত্তি:-
ক)মালৱিকা সোণোৱাল (Malabika Sonowal), যোৰহাট
খ)প্ৰাঞ্জল চুতিয়া (Pranjal chutia), ধেমাজী
৪) বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে বৰুৱা-হাজৰিকা বৃত্তি:-
ক) প্ৰান্তু প্ৰতীম বৰা (Prantu Pratim Borah) শিৱসাগৰ

আনহাতে আন দুটা বৃত্তিৰ বাবে কোনো যোগ্য প্ৰাৰ্থীৰ আৱেদন নোপোৱাৰ বাবে কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল। ছাত্ৰীবৃত্তিসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলে সমিধানৰ ৱেবছাইটত সবিশেষ জানিব পাৰিব। আনহাতে ছাত্ৰবৃত্তি প্ৰদানৰ বাবে ইচ্ছুক দাতাসকলক [email protected] ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বেচ্ছাসেৱী সংস্থাটোৰ বিষয়ববীয়াসকলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd