• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেধা পাটকাৰ আৰু সণ্ডীপ পাণ্ডেক উভটি ধৰিলে আছুৱে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 21, 2020 7:24 am
Lurin Samujjwal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে গুৱাহাটীত উপস্থিত হৈ নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰ আৰু আছা ফৰ এডুকেশ্যন বঁটাপ্ৰাপক সণ্ডীপ পাণ্ডেই আছুৰ আন্দোলন প্ৰণালীক সমালোচনা কৰি ‘চৰকাৰী পক্ষ হৈ আছুৱে কা বিৰোধী আন্দোলন কৰিছে’ বুলি মন্তব্য কৰাৰ পাছতে দুয়োগৰাকীকে উভটি ধৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।

দুয়োগৰাকীকে সমালোচনা কৰি আছুৰ উপদেষ্টাগৰাকীয়ে কয়, ‘মেধা পাটকাৰ আৰু সণ্ডীপ পাণ্ডেৰ মন্তব্য দায়িত্বজ্ঞানহীন আৰু টুলুঙা। অসমৰ জনসাধাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ অভিভাৱক। পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয়।‘

Apply Now

ইয়াৰ উপৰি ‘কা’ বিৰোধী আন্দোলনত চৰকাৰৰ গুলীত ফুলকুমলীয়া ছাত্ৰকে ধৰি পাঁচজনকৈ চহিদ হৈছে বুলি সদৰী কৰি ভট্টাচাৰ্য্যই লগতে কয় ‘কেইবা শতাধিক আটক হৈছে, বহুজনৰ ওপৰত নিৰ্য্যাতন চলোৱা হৈছে। চৰকাৰৰ মতে আন্দোলন চলোৱা বুলি কৈ দুয়োগৰাকীয়ে চহিদৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ অহিংস আন্দোলনক চুড়ান্ত অপমান কৰিছে।‘

ইপিনে, উত্তপ্ত তথা অগ্নিগৰ্ভা পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈহে সন্ধিয়া ৫ বজাৰ পৰা আন্দোলন স্থগিত হোৱা বুলি উল্লেখ কৰে ভট্টাচাৰ্য্যই।

তেওঁ কয় ‘যোৱা ১০ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈকে যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পাছৰে পৰা ছাত্ৰ সন্থাই আন্দোলনত অহিংস আৰু শৃংখলাবদ্ধভাৱে আগুৱাই নিয়াৰ লক্ষ্যৰে সন্ধিয়া ৫ বজাৰ পৰা সাত দিনৰ বাবে সাময়িকভাৱে আন্দোলন স্থগিত ৰাখিছিল। তাৰ পাছৰে পৰা অসমৰ ৰাইজৰ অভিভাবকত্বত ছাত্ৰ সন্থা আৰু ৰাইজৰ আন্দোলন যিকোনো সময়তে খেলপথাৰ, ৰাজপথ সকলোতে সমানেই অহিংস আৰু শৃংখলাবদ্ধভাৱে চলি আছে।‘

আনহাতে, দুয়োগৰাকীকে সমালোচনা কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় ‘তেওঁলোকে প্ৰমাণ কৰক আমি এই ‘কা’ বিৰোধী সংগ্ৰাম চৰকাৰৰ লগত জৰিত হৈ কৰিছো। তেওঁলোকৰ কথাই প্ৰমাণ কৰি দিলে তেওঁলোকৰ জ্ঞানশূণ্যতা। অসমত ২০১৫ চনৰ পৰা চলি থকা সংগ্ৰামৰ ধাৰা গতিবিধি আৰু স্বৰূপ আৰু জনগণৰ নিৰবিচ্ছিন্ন প্ৰতিবাদৰ নুন্যতম জ্ঞান নথকাটোৱেই প্ৰতিফলিত কৰিছে।‘

‘কোনোবা নিৰ্দিষ্ট ব্যক্তিৰ দালাল বা এজন্টে হৈ তেওঁলোকে এই কথাবোৰ কৈছে সেই কথা স্পষ্ট হৈ পৰিছে। গণসংগ্ৰামক বিধি পথালি দিয়াৰ নিচিনা কথা ক’ব, তেওঁলোক চৰকাৰৰ লগত যে জৰিত সেই কথা প্ৰমাণ কৰিছে। এই কথাই গণসংগ্ৰামৰ ধাৰাক কেতিয়াও শক্তিশালী নকৰে। ই মানুহৰ মাজত ভাঙোনমুখী পৰিৱেশ আনিব কাৰণ তেওঁলোকে চৰকাৰৰ এজেন্ট হৈ এই কাম কাজ কৰিছে।‘ লুৰিণে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

লুৰিণে পাটকাৰ আৰু পাণ্ডেক কটাক্ষ কৰি কয় ‘নৰ্মদা আৰু লোকপাল আন্দোলন কৰিছিল এতিয়া সেই আন্দোলনবোৰ কি হ’ল? সেই আন্দোলনবোৰ কেনেকৈ মেনেজ হ’ল সেই কথা ভাৰত বা অসমৰ মানুহে জানে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd