৪ দিনে সন্ধানহীন মাৰ্ঘেৰিটাৰ সন্ধ্যা তামাঙৰ; বুঢ়ীদিহিঙত জাপ দিয়াৰ সন্দেহ

সন্ধ্যা তামাং

সময় সলনি হৈছে। একাংশ সন্তানে পিতৃ-মাতৃৰ শাসনকো নুবুজা হৈছে। অনুভৱ নকৰা হৈছে পিতৃ মাতৃৰ শাসনৰ অন্তৰালত থকা নিৰ্ভেজাল মৰম।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বৰগোলাইত সংঘটিত এক ঘটনাই এইয়াই যেন প্ৰমাণিত কৰিছে। বৰগোলাইৰ বিজয় তামাঙৰ পত্নী সন্ধ্যা তামাং (১৮) নামৰ এগৰাকী মহিলাক ২৩জুনত মাতৃয়ে ঘৰতে সামান্য শাসন কৰিছিল। তাৰ পাছৰ পৰাই নিৰুদিষ্ট হৈ আছে মহিলা গৰাকী।

৬ মাহ পূৰ্বে স্বামীৰ মৃত্যুৰ পাছত একমাত্ৰ বিবাহিত জীয়ৰী সন্ধানহীন হোৱাত কান্দোনত ভাগি পৰিছে মাতৃগৰাকী। একাংশই সন্দেহ কৰা অনুসৰি মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নদীত মহিলা গৰাকীয়ে জাপ দি আত্মহত্যা কৰিছে যদিও বাতৰি লেখা সময়লৈকে মাৰ্ঘেৰিটা আৰক্ষীয়ে সন্ধ্যাৰ শুংসূত্ৰ বাহিৰ কৰিব নোৱাৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত।

আজি বৰগোলাইস্থিত দুৰ্ভগীয়া মাতৃ গৰাকীৰ বাসগৃহত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ এটা দল বাতৰি সংগ্ৰহ বাবে উপস্থিত হোৱাত মাতৃ গৰাকীয়ে কান্দোনত ভাঙি পৰি কয় যে তেখেতৰ মৰমৰ জীয়ৰী সন্ধ্যাৰ জীৱিত বা মৃত্যু হওক প্ৰকৃত খবৰ দিয়াত মাৰ্ঘেৰিটা আৰক্ষীয়ে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি দিবলৈ সংবাদ মাধ্যমৰ যোগে অনুৰোধ কৰিছে।

আনহাতে বিগত কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাত বুঢ়ীদিহিং নদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পোৱাত বুঢ়ীদিহিং নৈত উদ্ধাৰ অভিযান চলাব পৰা নাই আৰক্ষীয়ে। অন্যহাতে সমগ্ৰ অঞ্চলটোত বাতৰি প্ৰেৰণ কৰা মুহূৰ্ত্বলৈকে কোনো ধৰণৰ মহিলাৰ মৃতদেহ উদ্ধাৰ নোৱাত সমগ্ৰ ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি হৈছে।

আৰক্ষীৰ অনুসন্ধানতে প্ৰকৃত তথ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি স্থানীয় ৰাইজে আশা কৰিছে যদিও সমগ্ৰ ঘটনাক্ৰমক মাৰ্ঘেৰিটা আৰক্ষীয়ে কিমান গুৰুত্ব সহকাৰে লৈছে সেইয়া লক্ষণীয় হ’ব।

উল্লেখ যে ২০১৮বৰ্ষৰ ৩১ জানুৱাৰীত এক শোকাবহ ঘটনাত বৰগোলাইত জামাদাৰ বস্তী অঞ্চলেৰে বৈ যোৱা বুঢ়ীদিহিং নৈত গা ধুবলৈ গৈ তিনিগৰাকী যুৱতীৰ মৃত্যু হৈছিল আৰু উক্ত দলটোত সন্ধ্যাও আছিল যদিও সংজ্ঞাহীন ভাৱে উদ্ধাৰ হৈছিল। ততাতৈয়াকৈ উক্তদিনা সন্ধ্যাক চিকিৎসাধীন কৰা হৈছিল আৰু পৰবৰ্তী সময়ত সুস্থ হৈ উঠিল।