গুৱাহাটীৰ শান্তিপুৰত বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ আয়োজন

Sanjevani Camp

সঞ্জীৱনী হস্পিটেল, চাইল্ড ফ্ৰে’ণ্ডলি গুৱাহাটী আৰু একাডেমিক এণ্ড ৰিছাৰ্চ ফাউণ্ডেশ্যনে সমূহীয়াভাৱে আজি ২৩ জানুৱাৰি বুধবাৰে গুৱাহাটীৰ শান্তিপুৰত এটা বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ আয়োজন কৰে।  এই স্বাস্থ্য শিৱিৰত ৬-১২ বছৰ বয়সৰ ভিতৰুৱা প্ৰায় ৮০ গৰাকী শিশুৱে এই অংশগ্রহণ কৰে।

এই স্বাস্থ্য শিৱিৰটোত সঞ্জীৱনী চিকিৎসালয়ৰ চিকিৎসক ডাঃ এম চোৱেইৱ মহম্মদ আৰু ডাক্তৰ এছ এছ চৌধুৰীয়ে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে শিশুসকলক বিনামূলীয়া ঔষধ প্ৰদান কৰে।

এই অনুষ্ঠানতেই সঞ্জীৱনী চিকিৎসালয়ৰ প্ৰৱন্ধন সঞ্চালক ডাঃ ভৱেন চৌধুৰীয়ে মন্তব্য কৰে “ আমাৰ চিকিৎসালয়ে স্বাস্থ্য সেৱাৰ প্ৰয়োজন থকা সকললৈ চিকিৎসাসেৱা আগবঢ়াবলৈ সদায় আগ্ৰহী।  আমি ইয়াৰ আগেও মানৱ সেৱাৰ হকে বহুতো চিকিৎসা শিৱিৰৰ আয়োজন কৰিছোঁ আৰু ভৱিষ্যতেও এনেদৰে মানৱ সেৱা কৰি যাম।“

ডাক্তৰ ভৱেন চৌধুৰীয়ে আৰু কয় যে সঞ্জীৱনী চিকিৎসালয়ে আয়োজন কৰা আজিৰ স্বাস্থ্য শিৱিৰ সফল হৈছে আৰু শীঘ্ৰেই এটা দন্ত চিকিৎসা শিৱিৰৰো আয়োজন কৰা হ’ব। জানুৱাৰিৰ ৩১ তাৰিখলৈকে এই স্বাস্থ্য সেৱা প্ৰদান কৰা হ’ব বুলি চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে। লগতে তেওঁ জনায় যে জানুৱাৰিৰ ২৬ আৰু ২৭ তাৰিখে এটা ৰক্তদান শিৱিৰৰো আয়োজন কৰা হ’ব।