• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাকাব্যিক ইনিংছ, সঞ্জুৰ ধুমুহাত বিধ্বস্ত ৱেষ্ট ইণ্ডিজ; ছেমিফাইনেল পালেও ভাৰতৰ আছে কিছু উদ্বেগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2026 7:49 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজয়ী বাউণ্ডেৰী কোবাই সঞ্জু চেমছনে হেলমেটটো খুলি আঁঠু কাঢ়ি বহিছিল। দুয়োখন হাত ওপৰলৈ তুলি ভগৱানক ধন্যবাদ দিয়াৰ ভংগীত আকাশলৈ চালে। গেলেৰীত দৰ্শকৰ ধ্বনি, চৌদিশে মাথোঁ এটা নাম – সঞ্জু! তেওঁ সকলো সমালোচনা, প্ৰশ্ন, কটাক্ষৰ উত্তৰ দিছিল – বিশ্বকাপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মঞ্চত।

দেওবাৰে ইডেনত হৈছিল ‘ডু অৰ ডাই’ যুঁজ। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই ছুপাৰ-এইট মেচখনত পৰাজয়ৰ অৰ্থ আছিল বিদায়। আৰু সেই চৰম চাপত সঞ্জু হৈ পৰিল দলৰ প্ৰকৃত নায়ক। দায়িত্ব কান্ধত লৈ তেওঁ একক হাতেৰে ভাৰতক ছেমি ফাইনেলৰ দুৱাৰমুখলৈ টানি লৈ গ’ল।

Apply Now

বিশ্বকাপৰ আৰম্ভণিতে প্ৰথম এঘাৰত স্থান নোপোৱা সঞ্জু, আনৰ বিফলতাৰ বাবে ঘূৰি গ’ল ভাগ্যৰ চকা। অভিষেক শৰ্মা আৰু ঈশান কিষানে যদি তেওঁক অবিৰতভাৱে নিৰাশ নকৰিলে হয়তো তেওঁ সুযোগ নাপালেহেঁতেন। আৰু সেই সঞ্জু হৈ পৰিল ২০২৬ চনৰ আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপত ভাৰতৰ ছেমি ফাইনেলৰ আঁৰৰ প্ৰকৃত যোদ্ধা।

১৯৬ ৰানৰ কঠিন লক্ষ্য খেদি ভাৰতৰ আৰম্ভণি হৈছিল হতাশজনক। অভিষেকে ১১ বলত ১০ ৰান, ঈশানে ৬ বলত ১০, সূৰ্যকুমাৰ যাদৱে ১৬ বলত ১৮ ৰান— এজন এজনকৈ সকলোৱে ড্ৰেছিং ৰুমলৈ উভতি আহিছিল। চাপ বাঢ়ি আহিছিল, গেলেৰীত উদ্বিগ্নতা স্পষ্ট হৈ পৰিছিল। ঠিক তেতিয়াই সঞ্জুৱে বেটেৰে ধুমুহাৰ সৃষ্টি কৰিলে। ৫০টা বলত অপৰাজিত ৯৭ৰএটা বিস্ফোৰক ইনিংছ—১২টা চাৰি, ৪টা ছয়, ১৯৪.০০ ষ্ট্ৰাইক ৰেট! প্ৰতিটো শ্বট আছিল প্ৰত্যুত্তৰ, প্ৰতিটো বাউণ্ডেৰী আছিল যেন ঘোষণা, ‘মোক এলাগীৰ তালিকাত স্থান দিব নোৱাৰে।’

ইডেনত দেওবাৰৰ এই নিশাটো ভাৰতীয় ক্ৰিকেটে বহুদিনলৈ মনত ৰাখিব। কাৰণ  ডাঙৰ খেলুৱৈয়ে ডাঙৰ মেচত ইতিহাস লিখে—আৰু সঞ্জুৱে সেই ইতিহাস এই দিনটোতে লিখিলে।

এই যুঁজত সঞ্জুৰ সহযোগী আছিল তিলক ভাৰ্মা। তেওঁ ১৫টা বলত ২৭ ৰান সংগ্ৰহ কৰি গুৰুত্বপূৰ্ণ সহায় আগবঢ়ায়। হাৰ্দিক পাণ্ডিয়াই ১৪টা বলত ১৭ ৰান সংযোজন কৰে। শিৱম ডুবে ৪টা বলত অপৰাজিত ৮ ৰান কৰি মেচখন সহজ কৰি তুলিলে। ভাৰতে ৫টা উইকেট হেৰুৱাই ১৯.২ অভাৰত ১৯৯ ৰান সংগ্ৰহ কৰে। চাৰিটা বল বাকী থকা অৱস্থাত টিম ইণ্ডিয়াই মেচখনত জয়ী হয়। ৱেষ্ট ইণ্ডিজৰ হৈ জেছন হোল্ডাৰ আৰু শ্বামাৰ জোচেফে ২টাকৈ উইকেট দখল কৰে। আকিল হোছেইনে ১ টা উইকেট লাভ কৰে।

টছত পৰাস্ত হোৱাৰ পাছত ৱেষ্ট ইণ্ডিজে আত্মবিশ্বাসেৰে প্ৰথমে বেটিং আৰম্ভ কৰে। প্ৰথম উইকেটৰ বাবে ৬৮ ৰানৰ যুটী গঢ়ি মেচখনৰ ভেটি মজবুত কৰে দুয়োগৰাকী অ’পেনাৰে। শ্বাই হোপে ৩৩টা বলত ৩২ ৰান সংগ্ৰহ কৰি আউট হয়। অৱশ্যে ৰষ্টন চেজে অধিক আক্ৰমণাত্মক মুডত খেলিছিল – তেওঁ মাত্ৰ ২৫টা বলত ৪০ ৰান সংগ্ৰহ কৰি ভাৰতীয় বলাৰসকলৰ ওপৰত চাপ সৃষ্টি কৰিছিল।

তিনি নম্বৰত নমা শ্বিমৰন হেটমায়াৰেও ধুমুহাৰ সৃষ্টি কৰিলে। মাত্ৰ ১২টা বলত ২৮ ৰানৰ আগ্ৰাসী ইনিংছ খেলি মেচখনৰ গতি বৃদ্ধি কৰে। ইয়াৰ পাছত ৰ’ভমেন পাৱেলে মাজৰ অভাৰত ১৯টা বলত ৩৪ ৰান সংগ্ৰহ কৰি স্ক’ৰব’ৰ্ড আগুৱাই লৈ যায়। শেষৰ ফালে জেছন হোল্ডাৰে ২২টা বলত ৩৭ ৰানৰ শক্তিশালী ইনিংছ খেলি ৱেষ্ট ইণ্ডিজক ডাঙৰ স্ক’ৰলৈ লৈ যায়। শ্বাৰফান ৰাদাৰফোৰ্ডেও ৯টা বলত ১৪ ৰান সংগ্ৰহ কৰে।

ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৯৫ ৰানৰ প্ৰত্যাহ্বানমূলক স্ক’ৰ সংগ্ৰহ কৰে। ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে ২টা উইকেট দখল কৰে। হাৰ্দিক পাণ্ডিয়া আৰু বৰুণ চক্ৰৱৰ্তীয়ে ১টাকৈ উইকেট পায়।

ইপিনে, মেচখনত জয়ী হৈ ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে যদিও চিন্তা কিছু ৰৈ গৈছে। কিছুমান ডাঙৰ সমস্যা স্পষ্ট হৈ পৰিছে।

১) বেটিঙত ধাৰাবাহিকতাৰ অভাৱ: প্ৰতিখন মেচতে এজন বা দুজন বেটছমেনে ৰান সংগ্ৰহ কৰি আছে, কিন্তু সমগ্ৰ বেটিং লাইনআপ একেলগে উজলি উঠা নাই। এনে অনিশ্চয়তাই নকআউটৰ দৰে চাপৰ মেচত ডাঙৰ বিপদৰ সৃষ্টি কৰিব পাৰে।

২) বলিংত চোক নাই : বলাৰসকলে নিয়মিতভাৱে উইকেট ল’ব পৰা নাই। মিডল অভাৰত ৰান ব্লক কৰাৰ পৰিৱৰ্তে মুক্তভাৱে ৰান দিছে। এই দুৰ্বলতাই ডাঙৰ মেচত মাৰাত্মক হ’ব পাৰে।

৩) ফিল্ডিং এটা ডাঙৰ সমস্যা: আটাইতকৈ ডাঙৰ চিন্তা হৈছে ফিল্ডিং। সহজ কেচ মিছ এতিয়া প্ৰায় নিয়ম হৈ পৰিছে। এই মেচখনত অভিষেক শৰ্মাই দুটা সহজ কেচ পেলাইছে। কেৱল সেয়াই নহয়, ফিল্ডাৰসকলৰ গাফিলতিৰ বাবে বাৰে বাৰে বাউণ্ডেৰী পাৰ হৈছে। এই সকলোবোৰ সৰু সৰু ভুলে মেচৰ গতি ঘূৰাই দিব পাৰে।

ছেমি ফাইনেল আৰু সম্ভাৱ্য ফাইনেলৰ আগত যদি এই ভুলবোৰ শুধৰোৱা নহয়, তেন্তেডাঙৰ মূল্য দিব ভৰিব লগা হব পাৰে। কাৰণ ডাঙৰ মেচত এটা সৰু ভুলেই শেষত ভাগ্য নিৰ্ণয় কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd