• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰিদ্ৰতাৰে যুঁজি যুঁজি নতুন দিল্লীত মৃত্যু সাহিত্য অকাডেমী বঁটা প্ৰাপক কবি সনন্ত তাঁতীৰ

ধনৰ অভাৱত চিকিৎসালয়তে পৰি ৰৈছে মৃতদেহ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 25, 2021 8:23 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সাহিত্য জগতৰ বাবে এক দুখবৰ। সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট কবি সনন্ত তাঁতী আৰু নাই।

 নতুন দিল্লীৰ ইন্দ্ৰপস্থ এপল’ চিকিৎসালয়ত পুৱতি নিশা মৃত্যু ঘটিছে সনন্ত তাঁতীৰ।

দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ থকা সনন্ত তাঁতীক নতুন দিল্লীৰ ইন্দ্ৰপস্থ এপল’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৯ বছৰ।

Apply Now

২০১৮ চনত ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ শীৰ্ষক গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰা সনন্ত তাঁতীৰ জন্ম হৈছিল ১১৯৫২ চনৰ ৪ নৱেম্বৰত কৰিমগঞ্জৰ কালীনগৰ চাহ বাগিচাত। তেওঁৰ পিতৃৰ নাম লোকনাথ তাঁতী আৰু মাতৃ বৈতৰণী তাঁতী।

তীব্ৰ অৰ্থনৈতিক সংকটত ভোগা সনন্ত তাঁতীৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ একপ্ৰকাৰ অসমৰ্থ হৈ পৰিছিল কবি গৰাকীৰ পৰিয়াল।

চিকিসালয়ত আদায় দিবলৈ থকা ধন আদায় দিব নোৱাৰাৰ বাবেই  সনন্ত তাঁতীৰ মৃতদেহ সেয়ে এতিয়াও নতুন দিল্লীৰ ইন্দ্ৰপস্থ এপল’ চিকিৎসালয়তে পৰি ৰৈছে। অসম চৰকাৰৰ তৰফৰ পৰা কবিগৰাকীৰ পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ এতিয়ালৈকে কৰা হোৱা নাই।

সেয়ে স্বামীৰ মৃতদেহৰ কাষতে কান্দি কাটি ৰৈ আছে পত্নী। ধনৰ অভাৱতে কবিগৰাকীৰ মৃতদেহ নতুন দিল্লীৰ ইন্দ্ৰপস্থ এপল’ চিকিৎসালয়ৰ পৰা অসমলৈ আনিব পৰা হোৱা নাই।

কবি সন‍ন্ত তাঁতিৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল —উজ্জ্বল নক্ষত্ৰৰ সন্ধানত (১৯৮১),মই মানুহৰ অমল উৎসৱ ( ১৯৮৫),নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ ( ১৯৯০),শব্দত অথবা শব্দহীনতাত ( ১৯৯৩),মৃত্যুৰ আগৰ ষ্টপেজত ( ১৯৯৬),টোপনিতো কেতিয়াবা বাৰিষা আহে (১৯৯৭),ধোঁৱা ছাইৰ সপোন (১৯৯৯),দীৰ্ণ বসন্তৰ সৌৰভ (২০০২),আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে ( ২০০৪),মই (২০০৮),মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ ( ২০১০),কাইলৈৰ দিনটো আমাৰ হ’ব (২০১৩),মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে ( ২০১৭),’Selected Poems Sananta Tanty’ (২০১৭) আদি।

২০১৭ চনত তাঁতীয়ে মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল।

কবি সনন্ত তাঁতীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

ধনৰ অভাৱত চিকিৎসালয়তে পৰি থকা কবিগৰাকীৰ মৃতদেহ অসমলৈ অনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ গ্ৰহণ কৰিব বুলি সাহিত্যানুৰাগীসকলে আশা প্ৰকাশ কৰিছে।

কবি সনন্ত তাঁতীয়ে বিভিন্ন সময়ত লাভ কৰা বঁটা-পুৰস্কাৰসমূহ—

১৯৯২ চনত মৃণালিনী দেৱী গোস্বামী সোঁৱৰণী বঁটা,২০০২ চনত বীৰ বীৰসা মুণ্ডা পুৰস্কাৰ,২০১১ ওচমান আলী সদাগৰ সমন্বয় বঁটা,২০১৪ ক্ৰান্তিকাল সাহিত্য সন্মান,২০১৫ চনত অসম সাহিত্য সভাই আগবঢ়োৱা নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটা,২০১৬ চনত শিৰীষ-অইল সাহিত্য বঁটা,২০১৬ চনত পণ্ডিত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ,অসম উপত্যকা সাহিত্য বঁটা,২০১৮ চনত ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা, ২০২০ চনত মেঘৰাজ কৰ্মকাৰ সাহিত্য বঁটা আদি।

 

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd