NORTHEAST NOW (Assamese)

বিচ্ছেদৰ জল্পনাত নতুন ইন্ধন! ইনষ্টাগ্ৰামত ইজনে-সিজনক আনফ’ল’ কৰিলে ছাৰা আৰু শুভমনে?

April 20, 2025 11:53 am · এন ই নাও নিউজ, গুৱাহাটী

২০২০ চনৰ পৰা বিভিন্ন ছবি আৰু মন্তব্য দেখি তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কই চৰ্চা লাভ কৰিছিল। শুভমন গিল আৰু ছাৰা টেণ্ডুলকাৰৰ প্ৰেমৰ সম্পৰ্ক আছে বুলিও শুনা গৈছিল। কিন্তু তেওঁলোকে কেতিয়াও নিজৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ কোৱা নাছিল। শেহতীয়াকৈ লক্ষ্য কৰা হৈছে যে দুয়োজনে ছ’চিয়েল মিডিয়াত ইজনে সিজনক আনফ’ল’ কৰিছে। আৰু সেইটোৱে যেন তেওঁলোকৰ সম্পৰ্কৰ আলোচনাত নতুন ইন্ধন যোগালে।

যেতিয়া শুভমন গিলৰ ইনষ্টাগ্ৰামত গৈ ফলোৱাৰ্ছ লিষ্টত “ছাৰা” বুলি চাৰ্চ কৰিলে  একো দেখা নাযায়। অৰ্থাৎ এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰক অনুসৰণ কৰা ২৪২ জনৰ ভিতৰত ছাৰা নাই। শচীনৰ কন্যাইও তেওঁক আনফ’ল’ কৰিছে। আৰু ইয়াৰ পৰা প্ৰশ্ন উত্থাপন হয় যে এই চৰ্চা অনুসৰি দুয়োৰে সঁচাকৈয়ে প্ৰেম আছিল নেকি? শেহতীয়াকৈ ব্ৰেকআপৰ হোৱাত ইজনে সিজনক আনফ’ল’ কৰিলে?

উল্লেখ্য যে ২০২০ চনৰ আই পি এল ছিজনত প্ৰথমবাৰৰ বাবে ছাৰা টেণ্ডুলকাৰে ৰাজহুৱাভাৱে শুভমান গিলক প্ৰশংসা কৰা দেখা গৈছিল। সেই সময়ত তেওঁলোকে প্ৰায়ে ইজনে সিজনৰ পোষ্টত কমেণ্ট কৰিছিল। লাইকো কৰিছিল। কেবল সেয়াই আছিলনে? ইয়াৰ উপৰিও ছাৰা টেণ্ডুলকাৰে শুভমনৰ দুই ভগ্নী শ্বাহনীল গিল আৰু ছিমৰান সিদ্ধুক ইনষ্টাগ্ৰামত ফ’ল’ কৰিছিল।

অৱশ্যে ছাৰা বা শুভমনৰ কোনোৱেই আগতে কেতিয়াও তেওঁলোকৰ সম্পৰ্ক নিশ্চিত কৰা নাছিল। যদিও তেওঁলোকে বিভিন্ন সময়ত একেখন ঠাইৰ পৰা ছবি শ্বেয়াৰ কৰা দেখা গৈছে। এইবোৰ দেখি তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ চৰ্চা আৰু অধিক তীব্ৰতৰ হৈ পৰে।

মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে ছাৰা টেণ্ডুলকাৰে ছ’চিয়েল মিডিয়াত এটা ইংগিতধৰ্মী পোষ্ট শ্বেয়াৰ কৰিছিল। তেওঁ লিখিছে, ‘তুমি মোক মুৰ্খ সজাব নোৱাৰা।’ যদিও তেওঁ কাৰো কথা উল্লেখ কৰা নাছিল। অৱশ্যে তেওঁ এই বাৰ্তা শুভমনক দিছিল বুলি নেটিজেনে অনুমান কৰিছে। আৰু বৰ্তমান তেওঁলোকে ইনষ্টাগ্ৰামত ইজনে সিজনক ফ’ল’ কৰা নাই বুলি প্ৰকাশ পোৱাৰ লগে লগে জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰে।

উল্লেখ্য যে ছাৰা টেণ্ডুলকাৰৰ উপৰিও শুভমান গিলৰ নাম ছাৰা আলী খানৰ সৈতেও জড়িত আছিল। যেতিয়া  কফি উইথ কৰণ ছিজন ৮ত ছাইফ কন্যাক এই বিষয়ে সুধিছিল, তেতিয়া তেওঁ তেওঁলোকৰ প্ৰেমৰ জল্পনা-কল্পনা অস্বীকাৰ কৰিছিল। তেওঁ কয়, ” ভুল ছাৰাৰ পিছত দৌৰিছে বন্ধুসকল। ছাৰা কা ছাৰা দুনীয়া গলত ছাৰাকে পিছে পৰা হ্যেয়।”

Related News