• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অবৈধ অনুপ্ৰৱেশকাৰী বিতাড়ন প্ৰক্ৰিয়াত স্থগিতাদেশ আমেৰিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2025 11:10 am
89
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত ভেনিজুৱেলাৰ পৰা অবৈধভাৱে অনুপ্ৰৱেশ কৰা এটা দলৰ বিতাড়ন প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত ৰাখিছে। ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে ১৭৯৮ চনৰ ‘এলিয়েন এনিমিজ এক্ট’নামৰ যুদ্ধকালীন আইন ব্যৱহাৰ কৰি ২৬১ জন ভেনিজুৱেলাৰ নাগৰিকক তেওঁলোকৰ দেশলৈ ঘূৰাই পঠিয়াবলৈ পদক্ষেপ লৈছিল। এই আইনখন যুদ্ধৰ সময়ত শত্ৰু দেশৰ নাগৰিকক বিতাড়নৰ বাবে প্ৰণয়ন কৰা হৈছিল।

এই অনুপ্ৰৱেশকাৰীসকল ড্ৰাগছ সৰবৰাহ আৰু অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত হৈ দেশৰ নিৰাপত্তাৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছিল বুলি ট্ৰাম্প প্ৰশাসনে দাবী কৰিছিল। কিন্তু শনিবাৰে উচ্চতম ন্যায়ালয়ে এই বিতাড়ন প্ৰক্ৰিয়া স্থগিত ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে।

এই গোটৰ কিছু সদস্যই দাবী কৰিছে যে তেওঁলোক কোনো অপৰাধৰ সৈতে জড়িত নহয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই আইন আমেৰিকাত ব্যৱহাৰ কৰা হোৱা নাছিল। ট্ৰাম্পে পূৰ্বে কৈছিল যে তেওঁ পুনৰ ক্ষমতালৈ আহিলে এই আইনৰ জৰিয়তে অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰিব। ১৫ মাৰ্চত নিম্ন আদালতে এই প্ৰক্ৰিয়া স্থগিত কৰিছিল, কিন্তু ৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ প্ৰত্যাহাৰ কৰই কয় যে বন্দীসকলক বিতাড়ন প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনোৱাৰ সুযোগ দিয়া উচিত। বৰ্তমান এই ভেনিজুৱেলাৰ নাগৰিকসকল টেক্সাছৰ এল ছালভাডৰ কাৰাগাৰত বন্দী হৈ আছে।

এটা অধিকাৰ সংগঠনে উচ্চতম ন্যায়ালয়ত অভিযোগ কৰিছে যে চৰকাৰে কাৰাগাৰলৈ ইংৰাজীত জাননী প্ৰেৰণ কৰিছিল, যিখন স্পেনিছ ভাষী বন্দীসকলে বুজিব পৰা নাছিল। তেওঁলোকক জাননীৰ বিষয়ে ব্যাখ্যা বা আদালতত প্ৰত্যাহ্বানৰ তথ্য প্ৰদান কৰা হোৱা নাছিল। এই অভিযোগৰ ভিত্তিত শনিবাৰে উচ্চতম ন্যায়ালয়ে বিতাড়ন প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে, যাতে বন্দীসকলে ন্যায্য প্ৰক্ৰিয়াৰ সুযোগ লাভ কৰে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd