আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জীৱনলৈ সংশয় আহিছে। এই কথা তেওঁ নিজেই প্ৰকাশ কৰিছিল।
ইয়াৰ পিছতে আজি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোস্বামীৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেক অনুৰোধ জনাইছে।
মুখ্য মন্ত্ৰী সোণোৱালে আজি তেওঁৰ টুইটাৰত এই কথা প্ৰকাশ কৰিছে।
সোণোৱালে এই বুলি কৈছে যে গোস্বামীৰ পৰিয়ালৰ অনুৰোধ মৰ্মে তেওঁ থাকৰেক এই অনুৰোধ জনাইছে।
Talked to Maharashtra CM Shri Uddhav Thackeray ji and requested him for adequate security arrangements for renowned journalist Arnab Goswami. I talked to him as Mr. Goswami’s family members approached me and intimated that there is not enough security provided to him. @OfficeofUT
— Sarbananda Sonowal (@sarbanandsonwal) November 11, 2020
উল্লেখ্য যে, সাংবাদিক গোস্বামীৰ মোমায়েক অৰ্থাৎ অসম চৰকাৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অনুৰোধত মুখ্য মন্ত্ৰী সোণোৱালে উদ্ধৱ থাকৰেৰ সৈতে এই বিষয়ত আলোচনা কৰা বুলিও চৰ্চা লাভ কৰিছে।
উল্লেখ্য যে গোস্বামীক আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাইছিল যদিও আলিবাগ সত্ৰ আদালতে অৰ্ণৱ গোস্বামীক ১৪ দিনৰ ন্যায়িক জিম্মালৈহে প্ৰেৰণ কৰে।
আৰক্ষীয়ে নিজৰ জিম্মাত নোপোৱাৰ বাবেই আৰক্ষীয়ে তেওঁৰ ওপৰত অত্যাচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে অভিযুক্ত সাংবাদিক গৰাকীয়ে।
“মই ভাৰতৰ জনতাক জনাব খুজিছো যে মোৰ জীৱনলৈ ভাবুকি আহিছে। তেওঁলোকে কয় যে অধিবক্তাৰ সৈতে কথা পাতিব নোৱাৰিব। মোক অত্যাচাৰ কৰা হৈছে। মোৰ আৰক্ষী জিম্মাৰ আবেদন আদালতে খাৰিজ কৰিলে। তেওঁলোকে মোক মুকলি হৈ অহাটো বিচৰা নাই। আজি পুৱাও মোক চোচৰাই আনিছে।” ৰিপাব্লিক টিভিয়ে সম্প্ৰচাৰ কৰা বাতৰিত অৰ্ণৱ গোস্বামীয়ে এইদৰে কোৱা দেখা যায়।
উল্লেখ্য দেওবাৰে অৰ্ণৱ গোস্বামীক আলিবাগৰ পৰা তাল’জা কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়।
এখন আৰক্ষীৰ বাহনত তাল’জা কাৰাগাৰলৈ নি থকাৰ সময়তে খিৰিকীৰেদি অৰ্ণৱ গোস্বামীয়ে চিঞৰি চিঞৰি এইদৰে কোৱা দেখা যায়।
উল্লেখ্য যে, যোৱা বুধবাৰে আলিবাগ সত্ৰ আদালতে অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।
ইয়াৰ পিছতে বিতৰ্কিত সাংবাদিক গৰাকীক আলিবাগৰ পৰা তাল’জা কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়।
ইফালে সাংবাদিক গৰাকীয়ে চিঞৰি চিঞৰি উচ্চতম ন্যায়ালয়ক তেওঁৰ জামিন মঞ্জুৰ কৰিবলৈও আবেদন কৰা দেখা যায়।