ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত দুজন ভূটীয়া ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা জব্দ ৩৫ কেজি গাঞ্জা

Ganja seized

মঙলদৈস্থিত এছএছবিৰ ৩৭ নং বেটেলিয়নৰ এটা গোটে ওদালগুৰিৰ জিলাৰ ভাৰত-ভূটান সীমান্তত চলোৱা এক অভিযানত ভূটানৰ পঞ্জীয়নকৃত এখন বলেৰ’ পিকআপ ভানৰ পৰা ৩৫ কেজি গাঞ্জা সহিতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক জব্দ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে ভাৰত-ভূটান সীমান্তৰ ছামৰাং অঞ্চলত শনিবাৰে চলোৱা অভিযানত আটক কৰা লোক দুজন ভূটান ৰাষ্ট্ৰৰ নাগৰিক লেকজাই আৰু মেটো চাৰিং বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে লোক দুজনে ভূটানৰ পৰা গাঞ্জা খিনি অসমৰ ওদালগুৰি জিলাৰ কোনো অঞ্চলত যোগান ধৰাৰ উদ্দেশ্যেৰে আহিছিল বুলি অভিযানকাৰী দলটোৰ আগত স্বীকাৰোক্তি প্ৰদান কৰে।

ইফালে এছএছবিৰ দলটোৱে আটক কৰা লোক দুজনৰ সহিতে জব্দকৃত গাঞ্জা আৰু গাড়ীখন ডিমাকুছি আৰক্ষী থানাক চমজাই দিয়ে। ঘটনাৰ অনুসন্ধান সম্পূৰ্ণ কৰাৰ পাছত এতিয়া ডিমাকুছি আৰক্ষীয়ে জব্দকৃত সামগ্ৰীৰ সহিতে লোক দুজনক ভূটান আৰক্ষীৰ ওচৰত গতাই দিয়াৰ পৰিকল্পনা কৰি থকা হৈছে বুলি ডিমাকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেশ্বৰ শৰ্মাই জানিবলৈ দিয়ে।