দঃ আফ্ৰিকাৰ জাম্বিয়াত হেৰাই গ’ল উপগ্ৰহ-চিহ্নিত আমুৰ ফেলকন

A

প্ৰতিনিধিত্বমূলক ফটো

তামেংলং নামৰ উপগ্ৰহ-চিহ্নিত আমুৰ ফেলকনটো ইয়াৰ সুদীৰ্ঘ প্ৰৱ্ৰজন পথ অতিক্ৰম কৰি দক্ষিণ আফ্ৰিকাৰ জাম্বিয়া গৈ পোৱাৰ পাছত বৰ্তমান ই সংযোগ বিচ্চিন্ন হৈ আছে।

ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ (WII) বিজ্ঞানী আৰ সুৰেশ কুমাৰে কৈছে যে মণিপুৰৰ তামেলং জিলাৰ নামেৰে এই পক্ষীটোৰ নাম দিয়া হৈছিল। যোৱা বছৰৰ ১৪ ডিচেম্বৰৰ পাছত ই বৰ্তমান সংযোগ সীমাৰ বাহিৰত আছে।

দ্য আছাম ট্ৰিবিউন কাকতত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে তামেলঙক অন্তিমবাৰৰ বাবে জাম্বিয়াৰ লুৱাংগুৱা ৰাষ্ট্ৰীয় উদ্যানত স্থান নিৰূপিত কৰা হৈছিল। বিজ্ঞানীগৰাকীয়ে অনুভৱ কৰে যে তামেলঙৰ পৰা কোনো সংকেট নোপোৱাৰ কাৰণ হৈছে কোনো কাৰিকৰী বিজুটি। কিন্তু তেওঁ চৰাইটো কাৰো হাতত মৰা পৰাৰ সম্ভাৱনা নস্যাৎ কৰিছে।

আনহাতে, লংলেং নামৰ আন এটা উপগ্ৰহ-চিহ্নিত আমুৰ ফেলকন বৰ্তমনো সক্ৰিয় অৱস্থাত আছে আৰু ই তাৰ যোৱা বছৰৰ আৱাসিক এলেকাৰ সমীপত গৈ উপস্থিত হৈছেগৈ। বিজ্ঞানী কুমাৰে জনাইছে যে লংলেঙক ২০১৬ৰ অক্টোবৰত নাগালেণ্ডত উপগ্ৰহ-চিহ্নিত কৰা গৈছিল।

তামেলং আৰু মণিপুৰ নামৰ এটা মতা আমুৰ ফেলকনক যোৱা বছৰৰ নৱেম্বৰৰ প্ৰথম সপ্তাহত উপগ্ৰহ-চিহ্নিত কৰা হৈছিল। অৱশ্যে, উপগ্ৰহ-চিহ্নিত কৰাৰ ৪ দিন পাছতেই তামেলং জিলাৰ কেইবু চিং এলেকাত মণিপুৰ নামৰ আমুৰ ফেলকনটোৰ মৃত্যু ঘটিছিল।

উল্লেখ্য যে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ বিজ্ঞানীগৰাকীয়ে চৰাইৰ উৰণ পথ আৰু উৰণ পথৰ পাৰিপাৰ্শিক ধৰণৰ ওপৰত অধ্যয়ন কৰিবলৈ ভালেমান চৰাইক উপগ্ৰহ-চিহ্নিত কৰিছিল।