• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাডাখক পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল কৰাকলৈ চীনৰ আপত্তি; ক’লে লাডাখ আমাৰহে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 6, 2019 8:24 pm

2 min read

China reaction

লাডাখ সম্বন্ধত চীনৰ প্ৰতিক্ৰিয়া

6.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতে জম্মু-কাশ্মীৰ পুনৰ গঠন বিধেয়কত উল্লেখ কৰা অনুসৰি লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল (বিধানসভা অবিহনে) হিচাপে ঘোষণা কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে প্ৰতিবেশী দেশ চীনে।

বেংইজিং মহলে মঙলবাৰে জম্মু আৰু কাশ্মীৰৰ উত্তেজনাময় পৰিবেশৰ সন্দৰ্ভত ভাৰতে একপক্ষীয় সিদ্ধান্ত লোৱা উচিত নহয় বুলি মন্তব্য কৰে।

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে জম্মু আৰু কাশ্মীৰত লাঘু হৈ থকা ৩৭০ নং অনুচ্ছেদ বাতিল কৰি লাডাখক সুকীয়া কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ পাছতে চীনে এনেদৰে শক্তিশালী প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

চীনৰ বিদেশ মন্ত্ৰীৰ তৰফৰ পৰা মঙলবাৰে এই সন্দৰ্ভত দুটা বিজ্ঞপ্তি প্ৰকাশ কৰা হয়।

চীনে সদায়ে পশ্চিম প্ৰান্তৰ চীন-ভাৰত সীমান্তৰ চীনৰ ভূখণ্ড ভাৰতৰ প্ৰশাসনিক যন্ত্ৰৰ অন্তৰ্ভূক্ত কৰাৰ বিৰোধিতা কৰি আহিছে। চীনৰ এই স্থিতি কেতিয়াও সলনি নহয় বুলি বিদেশ মন্ত্ৰালয়ৰ ৱেবচাইটত প্ৰকাশ পায়।

লাডাখক ভাৰতে সদায় নিজৰ বুলি উল্লেখ কৰি আহিলেও সেয়া বেইজিঙেহে নিয়ন্ত্ৰণ কৰে বুলিও চীনৰ বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা বিজ্ঞপ্তিটোত উল্লেখ কৰা দেখা যায়।

‘‘বিগত সময়ছোৱাত ভাৰতীয় পক্ষৰ তৰফৰ পৰা ঘৰুৱা আইনত সংশোধনৰ জৰিয়তে চীনৰ সাৰ্বভৌমত্তক হেয় প্ৰতিপন্ন কৰিব বিচৰা হৈছে যিটো কেতিয়াও গ্ৰহণ কৰা নহ’ব’’। চীনৰ ফালৰ পৰা প্ৰকাশ কৰা প্ৰতিক্ৰিয়াত এনেদৰে উল্লেখ কৰা হয়।

আনহাতে, চীনৰ ফালৰ পৰা প্ৰকাশ কৰা প্ৰতিক্ৰিয়াটোত ভাৰতক সীমা বিবাদক লৈ উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত লোৱাৰ বাবে আহ্বান জনায় প্ৰতিবেশী ৰাষ্ট্ৰখনে যাতে ভবিষ্যতে সীমা বিবাদ আৰু জটিল হৈ নপৰে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd