NORTHEAST NOW (Assamese)

১৬ ডিচেম্বৰত গুৱাহাটীত ‘এছ বি আই ৰান ফৰ গ্ৰীনাৰ ফিউচাৰ’ মাৰাথন দৌৰ

December 13, 2018 1:25 pm · এন ই নাও নিউজ
Updated: December 13, 2018 1:43 pm
প্ৰতিনিধিত্বমূলক ছবি

অহা ১৬ ডিচেম্বৰত গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা আয়োজিত ‘এছ বি আই ৰান ফৰ গ্ৰীনাৰ ফিউচাৰ’ শীৰ্ষক মাৰাথন দৌৰ।

উল্লেখযোগ্য যে এছ বি আইয়ে যোৱা ৩০ ছেপ্টেম্বৰত ৰাজধানী দিল্লীত সূচনা কৰা স্বাস্থ্য আৰু পৰিৱেশ সজাগতামূলক উক্ত মাৰাথন দৌৰ লক্ষ্ণৌ, হায়দৰাবাদ, মুম্বাই, বেংগালুৰু আৰু তিৰুৱনন্তপুৰম হৈ অহা ১৬ ডিচেম্বৰত গুৱাহাটী পাবহি।

প্ৰাপ্ত তথ্য মতে, দেশৰ মুঠ গুৱাহাটীকে ধৰি ১৫খন মহানগৰত ‘এছ বি আই ৰান ফৰ গ্ৰীনাৰ ফিউচাৰ’ৰ আয়োজন কৰা হৈছে। সেই অনুসৰি ১৬ ডিচেম্বৰৰ পুৱা খানাপাৰাৰ পশুপালন মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা এছ বি আইৰ উত্তৰ-পূব চাৰ্কোলৰ মুখ্য মহাপ্ৰৱন্ধক সুনীল কুমাৰ টেণ্ডনে এই দৌৰ কাৰ্যসূচীৰ পতাকা জোকাৰি সূচনা কৰিব।

ইচ্ছুক অংশগ্ৰহণকাৰী সকলে বুক মাই শ্ব’ ডট কম বা  youtoocanrun.com যোগে নাম পঞ্জীয়ন কৰিব পাৰিব বুলি আয়োজকৰ ফালৰ পৰা জনোৱা হৈছে।

Related News