NORTHEAST NOW (Assamese)

২২০ গৰাকী পুঁজিপতিলৈ ৭৬,৬০০ কোটি টকাৰ ঋণ ৰেহাই SBIৰ

October 10, 2019 3:00 pm · এন ই নাও নিউজ
Updated: October 10, 2019 3:03 pm

দেশৰ প্ৰধান আৰু সৰ্বৃবহৎ বেংক, ভাৰতীয় ষ্টেট বেংক (SBI)-এ ২২০ গৰাকী ডিফল্টাৰ (ঋণ ঘূৰাই দিব নোৱৰা ব্যক্তি)ৰ মূঠ ৭৬,৬০০ কোটি টকাৰ অনুদায় ঋণ ৰেহাই কৰিছে।

ইয়াৰে প্ৰত্যেক গৰাকীৰে বেংকটোত ১০০ কোটিতকৈ অধিক টকাৰ ঋণ আছে। গড় হিচাপত প্ৰত্যেকটো এনে একাউণ্টৰ পৰা মাফ কৰা টকাৰ পৰিমাণ হৈছে ৩৪৮ কোটি টকা।

এই তথ্য প্ৰকাশ পাইছে তথ্য জনাৰ অধিকাৰ আইন (RTI)ৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) CNN-News18-ক দিয়া উত্তৰত। উক্ত (RTI)ৰ  উত্তৰত যোৱা ৩১ মাৰ্চ ২০১৯ৰ পৰা বেংক অনুযায়ী ১০০ কোটি আৰু ৫০০ কোটি টকাতকৈ অধিক ঋণ মাফৰ তালিকা দিয়া হৈছে।

উল্লেখযোগ্য যে যোৱা ৩১ মাৰ্চত SBI-এ বেংকটোৰ পৰা ৫০০ কোটিতকৈ অধিক ঋণ লোৱা ৩৩ গৰাকী ব্যক্তিৰ পৰা পাবলগীয়া ৩৭,৭০০ কোটি টকা অনুদায় হৈ আছে বুলি ঘোষণা কৰিছিল।

ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তালিকা মতে দেশৰ বেংকসমূহত ১০০ কোটি টকাতকৈ অধিক অনুদায় ঋণ থকা মূঠ একাউণ্টৰ সংখ্যা হ’ল ৯৮০টা। ইয়াৰে ২২০টা একাউণ্ট অৰ্থাৎ ৫ ভাগৰ এভাগ হৈছে SBIৰ।

Related News