• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্তৰ ১০% নমুনাৰূপে লৈ সেইবোৰ ভিন্ন জিলাৰ সেৱাকেন্দ্ৰ বিষয়াৰ দ্বাৰা পুনৰ পৰীক্ষণ কৰা হ’ব পাৰে : উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2018 11:00 am
supreme-court_of_India-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুলাইৰ ৩০ তাৰিখে প্ৰকাশ পোৱা অসমৰ এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নামৰ পৰা ১০ শতাংশ নমুনাৰূপে লৈ সেইবোৰ প্ৰয়োজন হ’লে ভিন্ন জিলাৰ এন আৰ চি সেৱাকেন্দ্ৰৰ বিষয়াৰ দ্বাৰা পুনৰ সত্যাসত্যতা নিৰূপণৰ ব্যৱস্থা কৰা হ’ব পাৰে। এই কথা এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক ২৮ আগষ্টৰ এক শুনানিৰ সময়ত জানিবলৈ দিছে উচ্চতম ন্যায়ালয়ে।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ তদাৰক কৰি থকা ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমানেৰে গঠিত উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠখনে প্ৰতীক হাজেলাই আদালতখনত দাখিল কৰা এন আৰ চি খচৰাৰ পৰা বাদ পৰা লোকৰ জিলাভিত্তিক শতকৰা হাৰটো চালি-জাৰি চোৱাৰ পিছতে এই পুনৰ সত্যাসত্য পৰীক্ষাৰ প্ৰয়োজন সন্বন্ধে বিবেচনা কৰি চোৱাৰ সিদ্ধান্তত উপনীত হোৱা বুলি জানিবলৈ দিয়ে বিচাৰপীঠখনে। এইটো কেতিয়া আৰু কিমান দিনৰ ভিতৰত কৰিব পৰা হ’ব তাৰ আভাস দিবলৈ হাজেলাক আদালতে নিৰ্দেশ দিয়ে।

Apply Now

বিচাৰপীঠখনে লগতে এইটো প্ৰশ্ন তোলে যে দাবী আপত্তি দাখিলৰ সময়ত দাবী কৰোঁতাক তেওঁৰ লিগেচী সলনি কৰিবলৈ আৰু অতিৰিক্ত নথি জমা দিবলৈ অনুমতি দিব পাৰি নে নোৱাৰি সেই সন্দৰ্ভত এই প্ৰক্ৰিয়াটোৰ নেতৃত্ব দি থকা প্ৰতীক হাজেলাক জনাবলৈ দিছে। ইয়াৰ পৰা হ’ব পৰা সুবিধা-অসুবিধাকে ধৰি এই গোটেই কথাবোৰ সামৰি অহা ৫ ছেপ্তেম্বৰৰ ভিতৰত বিস্তাৰিত প্ৰতিবেদন দাখিল কৰিবলৈও প্ৰতীক হাজেলাক নিৰ্দেশ দিছে আদালতে।

কেন্দ্ৰই দাখিল কৰা এচ অ’ পি (Standard Operating Procedure)ৰ নিৰ্দিষ্ট পৰস্পৰ বিৰোধ কিছুমানলৈ আঙুলিয়াই আদালতে খচৰা এন আৰ চিৰ দাবী আৰু আপত্তি প্ৰাপ্তিৰ নিৰ্ধাৰিত সময়সীমা আগষ্টৰ ৩০ তাৰিখটোও বাতিল কৰিছে।

উল্লেখযোগ্য যে ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ২.৮৯ কোটি এন আৰ চিৰ সম্পূৰ্ণ খচৰাত ভৰ্তি হোৱাৰ বাবে যোগ্য বুলি বিবেচিত হৈছে। অসমীয়া পৰিচয়ৰ এক প্ৰমাণ বুলি চৰ্চিত হোৱা এই ঐতিহাসিক দলিলত ঠাই পোৱা নাছিল ৪০.০৭ লাখ আবেদনকাৰীয়ে।

চূড়ান্ত খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰাটোক এক ৰাজনৈতিক হূলস্থুল লাগিছিল। বিৰোধী দলসমূহে এন আৰ চিক অসমৰ পৰা মুছলিমক খেদাৰ প্ৰক্ৰিয়া বুলি অভিহিত কৰিছিল।

টি এম চিৰ মুৰব্বী তথা পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে সকীয়নি দিছিল যে অসমৰ এন আৰ চিৰ পৰা ৪ মিলিয়ন লোক বাদ পৰাটোৱে ‘ৰক্তস্নান’ আৰু এক ‘গৃহযুদ্ধ’ৰ মুখে লৈ যাব পাৰে।

মন কৰিব লগীয়া যে এন আৰ চিত ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বে অসমত বসবাস কৰা আৰু তাৰ পূৰ্বে প্ৰস্তুত কৰা যিকোনো ভোটাৰ তালিকাত নাম থকা সকলো ভাৰতীয়ৰে নাম অন্তৰ্ভুক্তৰ সুযোগ দিয়া হৈছে। অসম, যি বিংশ শতিকাৰ আগভাগৰে পৰা বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনৰ সন্মুখীন হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd