‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’; ইডিক ‘সাৱধানবাণী’ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়।

ছত্তীশগড়কে ধৰি কেইবাখনো অবিজেপি শাসিত ৰাজ্যত বিভিন্ন ধৰণৰ বিত্তীয় কেলেংকাৰিৰ অভিযোগৰ তদন্ত প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) অব্যাহত ৰাখিছে। ছত্তীশগড় চৰকাৰৰ এটা গোচৰৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় সংস্থাটোক ‘সতৰ্ক কৰি দিছে’। দেশৰ শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় সংস্থাটোক কয় যে তদন্তৰ স্বাৰ্থত ভয়ৰ পৰিৱেশ সৃষ্টি কৰাটো উচিত নহয়।

ছত্তীশগড় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে ৰাজ্যৰ আবকাৰী বিভাগৰ কেইবাগৰাকীও বিষয়াক ইডিৰ বিষয়াই এটা গোচৰৰ পিছত ভাবুকি প্ৰদান কৰিছে। সুৰা কেলেংকাৰীত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলও জড়িত বুলি অভিযোগ কৰি ইডিয়ে শংকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ আমানুল্লাহৰ বিভাগীয় বিচাৰপীঠে ইডিক কয় যে এইদৰে ভয়ৰ পৰিৱেশ সৃষ্টি কৰাটো বাঞ্চনীয় নহয়।

লগতে পঢ়ক: সৰিতা তোছনিৱাল হত্যাকাণ্ডৰ গোচৰত দোষমুক্ত ডাঃ দীপমণি শইকীয়া; দোষী সাৱ্যস্ত ৱাৰ্ড বয় কিৰু মেচ

আদালতত ছত্তীশগড় চৰকাৰৰ হৈ যুক্তি আগবঢ়ায় অধিবক্তা কপিল ছিবালে। তেওঁ কয়, প্ৰৱৰ্তন সঞ্চালকালয়ে অস্থিৰ ভাৱে কাম কৰি আছে। তদন্তৰ সময়ত আবকাৰী বিষয়াক ভাবুকি দিছে।”

আনহাতে, ইডিৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে এই অভিযোগ মানি ল’ব বিচৰা নাছিল। ইডিয়ে কেৱল সুৰা কেলেংকাৰীৰ সৈতে জড়িত গোচৰৰ তদন্ত কৰি আছে, ইয়াতকৈ বেছি একো নহয় বুলিও তেওঁ কয়।  উচচতম ন্যায়ালয়ে দুয়োপক্ষৰ মতামত শুনি সেই মন্তব্য কৰে।

উল্লেখ্য যে ছত্তীশগড়ত সুৰা ব্যৱসায়ৰ সকলো দিশ ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰে। তাত কোনো ব্যক্তিগত সুৰাৰ দোকানৰ অনুমতি নাই। ছত্তীশগড়ৰ প্ৰায় ৮০০ খন সুৰাৰ দোকান ৰাজ্যৰ দ্বাৰা পৰিচালিত। কিন্তু দুৰ্নীতিৰ বহু অভিযোগ উত্থাপন হয়।

লগতে পঢ়ক:ৰাছিয়াৰ তেল পুনৰ বিক্ৰীত ভাৰতৰ বিৰুদ্ধে ইউৰোপীয় ইউনিয়নৰ আহ্বানৰ পিছতে প্ৰত্যুত্তৰ জয়শংকৰৰ!

শেহতীয়াকৈ ইডিয়ে এক বিবৃতিত দাবী কৰিছে যে ছত্তীশগড়ত প্ৰতিটো সুৰাৰ বটল বিক্ৰীৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে। সুৰা ব্যৱসায়ৰ পৰা অবৈধভাৱে ধন তোলা হৈছে। আকৌ সেই দুৰ্নীতিৰ পৰিমাণ হেনো প্ৰায় ২ হাজাৰ কোটি টকা!