এখন সুৰাৰ দোকানত স্কুলীয়া ছাত্ৰীৰ ভিৰ! এনে এক আচৰিত ছবি দেখা গ’ল মধ্য প্ৰদেশৰ মণ্ডালা জিলাৰ নৈনপুৰত। ঘটনাটো পোহৰলৈ অহাৰ পিছত সকলোৱে ইয়াক গৰিহণা দিছে।
ইপিনে, ইয়াৰ সমান্তৰালকৈ এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। বিজেপি শাসিত এই ৰাজ্যখনৰ আইন-শৃংখলা আৰু সামাজিক সচেতনতাক লৈও প্ৰশ্ন উত্থাপন হৈছে।
ইয়াৰ সৈতে জড়িত কেইবাখনো ছবি আৰু ভিডিঅ’ পোহৰলৈ আহিছে। য’ত দেখা গৈছে ছোৱালীকেইজনীয়ে স্কুলৰ ইউনিফৰ্ম পিন্ধি সুৰাৰ দোকানত সুৰা কিনিছে। তাতোকৈ আশ্চৰ্যজনক কথাটো হ’ল দোকানীজনেও আইন উলংঘা কৰি তেওঁলোকৰ হাতত সুৰাৰ বটল আগবঢ়াইছে।
অৱশ্যে এই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। ততাতয়াকৈ দোকানখনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। প্ৰাথমিক তদন্তৰ অন্তত ছোৱালীকেইজনী নাবালক বুলি ধৰা পৰে।
ইয়াৰ পিছতে মহকুমাধিপতি আশুতোষ ঠাকুৰে ৰাজ্যৰ আবকাৰী বিভাগক পুংখানুপুংখ তদন্তৰ অন্তত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
এই ঘটনা পোহৰলৈ অহাৰ পিছত মণ্ডালা আৰু ইয়াৰ বাহিৰতো ক্ষোভৰ সৃষ্টি হৈছে। দোকানৰ মালিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে।
আনহাতে, সমগ্ৰ ঘটনাটোত সচেতন ৰাইজে প্ৰশাসনকো চৰ্চালৈ আনিছে। তেওঁলোকৰ প্ৰশ্ন, নাবালকক কেনেকৈ মুকলিকৈ সুৰা বিক্ৰী কৰা হৈছে?





