• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

সেই ভাইৰাছবোৰৰ কোনোটোৰেই পৃথিৱীত অস্তিত্ব নাছিল। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়, এম আই টিৰ ব্ৰড ইনষ্টিটিউট, হাৰ্ভাৰ্ডৰ বিজ্ঞানীসকলে এই অসাধ্য সাধন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2026 1:04 pm
ফটোঃ এ আই।

ফটোঃ এ আই।

92
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভৱিষ্যতে এআইয়ে (AI) মানুহক চেৰ পেলাব বুলি বহু আগতেই ভৱিষ্যদ্বাণী কৰা হৈছিল। অৱশ্যে এইবাৰ প্ৰকৃতিক অতিক্ৰম কৰিলে এআইয়ে। কাৰণ বিজ্ঞানীসকলে এআইৰ সহায়ত নতুন ভাইৰাছৰ সৃষ্টি কৰিছে। এটা বা দুটা নহয়, ১৬টা নতুন ভাইৰাছৰ সৃষ্টি কৰা হৈছে।

বহুতে ধাৰণা কৰে যে ইয়াৰ দ্বাৰা ভৱিষ্যতে চিকিৎসা বিজ্ঞানৰ উন্নতি হ’ব। একে সময়তে একাংশ বিশেষজ্ঞই সকীয়াই দিছে যে এআই ভুল হাতত পৰিলে দুৰ্যোগৰ সৃষ্টি হ’ব পাৰে।

Apply Now

চায়েঞ্চ জাৰ্নালত প্ৰকাশিত এক গৱেষণা পত্ৰত এআইৰ সহায়ত ১৬টা নতুন ভাইৰাছৰ সৃষ্টি হোৱাৰ কথা পোহৰলৈ আহিছে। এতিয়ালৈকে সেই ভাইৰাছবোৰৰ কোনোটোৰেই পৃথিৱীত অস্তিত্ব নাছিল। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়, এম আই টিৰ ব্ৰড ইনষ্টিটিউট, হাৰ্ভাৰ্ডৰ বিজ্ঞানীসকলে এই অসাধ্য সাধন কৰিছে।

সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে ব্যাখ্যা কৰি বিজ্ঞানীসকলে কয় যে তেওঁলোকে এআই ব্যৱহাৰ কৰি হাজাৰ হাজাৰ জিন’ম সৃষ্টি কৰিবলৈ আগবাঢ়িছিল। সেই কামত বেক্টেৰিয়া সংক্ৰমিত কৰা ফেজ নামৰ এক প্ৰকাৰৰ ভাইৰাছক টেমপ্লেট হিচাপে ব্যৱহাৰ কৰা হয়।

বিজ্ঞানীসকলে প্ৰায় ৩০০ জিন’ম ৰাসায়নিকভাৱে সংশ্লেষণ কৰিছিল। পৰীক্ষাগাৰত তেওঁলোকৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰা হৈছিল। আৰু তাৰ ফলত ১৬টা কাৰ্যক্ষম ভাইৰাছৰ সৃষ্টি হ’ল।

বিজ্ঞানীসকলে কয় যে কৃত্ৰিমভাৱে সৃষ্টি কৰা ভাইৰাছৰ মিশ্ৰণটোৱে প্ৰাকৃতিকভাৱে পোৱা ভাইৰাছতকৈ E.coli বেক্টেৰিয়া ধ্বংস কৰাত অধিক ফলপ্ৰসূ। তাৰ প্ৰমাণ পোৱা গৈছে।

গৱেষণা পত্ৰখনত কোৱা হৈছে যে, “কৃত্ৰিম জিন’মিক্সে নিৰ্দেশিত বিৱৰ্তন আৰু যুক্তিসংগত অভিযান্ত্ৰিকৰ ক্ষেত্ৰখনক আৰু অধিক সম্প্ৰসাৰিত কৰিব পাৰে। ই যেনেদৰে দ্ৰুতগতিত পৰিৱৰ্তিত ৰোগকাৰক জীৱাণুৰ বিৰুদ্ধে খাপ খুৱাবলৈ আৰু দীৰ্ঘস্থায়ী ফেজ থেৰাপীৰ পথ মুকলি কৰে, তেনেদৰে বৃহৎ আৰু জটিল জিনম ক’ড সৃষ্টিৰ পথো মুকলি কৰে।”

ইউনিভাৰ্চিটি অৱ টৰন্টো আৰু টৰন্টো জেনেৰেল হস্পিতালৰ সংক্ৰামক ৰোগ বিশেষজ্ঞ আইজাক বগোচে আল জাজিৰাক জনোৱা মতে, এই গৱেষণাই একেসময়তে আশা আৰু উদ্বেগ দুয়োটাকে জগাই তুলিছে।

আইজাকে কয়, “এআইৰ দ্বাৰা সৃষ্টি হোৱা ভাইৰাছে এন্টিবায়টিক প্ৰতিৰোধী সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ পথ মুকলি কৰিব পাৰে।কিন্তু একে সময়তে যদি এআই ব্যৱহাৰ কৰি ফলপ্ৰসূ ভাইৰাছ সৃষ্টি কৰা হয়, তেন্তে ই জৈৱ সুৰক্ষাৰ বিপদ হ’ব পাৰে। ইয়াৰ অপব্যৱহাৰ কৰি ক্ষতিকাৰক ৰোগ সৃষ্টিকাৰী জীৱাণু সৃষ্টি হ’ব পাৰে।সেয়েহে এনে প্ৰযুক্তিৰ বাবে কঠোৰ নিষেধাজ্ঞা, নিৰীক্ষণ আৰু কঠোৰ সুৰক্ষা প্ৰয়োজনীয়।”

এনে চিন্তাৰ কাৰণো আছে। কাৰণ শেহতীয়াকৈ ব্ৰিটিছ চৰকাৰৰ এআই নিৰীক্ষণ সংস্থাটোৱে কৈছিল যে এন্থ্ৰপিক আৰু অ’পেনএআইৰ কিছুমান উন্নত মডেলে অনুমোদন অবিহনে, স্বয়ংক্ৰিয়ভাৱে ক্ষতিকাৰক কাৰ্য্যকলাপত লিপ্ত হৈছে। ব্যক্তি আৰু কিছুমান সংগঠনে সেইবোৰ সক্ৰিয় কৰিছিল।

এআই ছিকিউৰিটি ইনষ্টিটিউটে কয় যে এন্থ্ৰপিকৰ ক্ল’ড মাইথছ ৫ এ আনৰ ৰূপ লৈ ভুৱা প্ৰফাইল সৃষ্টি কৰি অপেন চোৰ্ছ প্ৰকল্পত ক্ষতিকাৰক ক’ড সুমুৱাই দিয়াৰ  চেষ্টা কৰিছিল। যোৱা মাহত OpenAI আৰু Anthropic য়েও এই বিপদৰ সংকেত দিছিল। তেওঁলোকে কয় যে তেওঁলোকৰ কিছুমান মডেলে কোনো নিৰ্দেশনা বা অনুমোদন অবিহনে অনলাইন হেকিঙৰ কামত লিপ্ত হৈছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যদিও প্ৰথম অৱস্থাত এআইক লৈ বিশেষ আমনি মূৰ ঘমোৱা নাছিল যদিও দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত তেওঁ নিষেধাজ্ঞা কটকটীয়া কৰিছে। জুন মাহত ট্ৰাম্পে স্বাক্ষৰ কৰা নিৰ্দেশনাত কোৱা হৈছে যে যিকোনো অত্যাধুনিক এআই মডেল বজাৰত মুকলি কৰাৰ পূৰ্বে ইয়াৰ মূল্যায়ন কৰিব লাগিব। সেই অনুসৰি আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিব। যদিও সেই পদ্ধতিৰ মাপকাঠী প্ৰকাশ কৰা হোৱা নাই, যিটো সমালোচিত হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd