NORTHEAST NOW (Assamese)

দিখৌত গাড়ীসহ ডুব যোৱা দুৰ্ভগীয়া পৰিয়ালটোক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ-এন ডি আৰ এফৰ অভিযান

September 2, 2018 11:49 am · এন ই নাও নিউজ
Updated: September 2, 2018 1:10 pm

শিৱসাগৰৰ দিখৌমুখ ন-দিছিয়ালত দিখৌ নৈত শনিবাৰে সন্ধিয়া সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত গাড়ীসহ ডুব যোৱা একেটা পৰিয়ালৰ ৫ জনকৈ সদস্যক উদ্ধাৰৰ বাবে পুনৰ আজি অভিযান চলে।

আজি পুৱা ৯ বজাৰ পৰা দুৰ্ভগীয়া পৰিয়ালটো উদ্ধাৰৰ বাবে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলে অভিযান আৰম্ভ কৰে।

আনহাতে স্থানীয় ৰাইজে পৰিয়ালটোৰ সদস্যকেইজনক উদ্ধাৰৰ ক্ষেত্ৰত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলে চূড়ান্ত অৱহেলা কৰাৰ অভিযো উত্থাপন কৰিছে।

স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে শনিবাৰে নিশা সন্ধিয়া ৬-৩০ বজাতে দুৰ্ঘটনাত পতিত হোৱা পৰিয়ালটোক উদ্ধাৰৰ বাবে নিশা ১২ বজালৈকে পানীত নামিবলৈ সক্ষম নহ’ল। আনকি দলটোৱে লগত লৈ আহিছিল বিকল নাও।

পিছত নিশা পলমকৈ কিছু সময়ৰ বাবে উদ্ধাৰৰ বাবে অভিযান চলাইছিল যদিও নিশা বৰষুণ হোৱাৰ বাবে অভিযান স্থগিত ৰাখিব লগা হয়। ইফালে আজি পুৱা ৮ বজাৰ পৰা উদ্ধাৰ অভিযান চলোৱাৰ কথা আছিল যদিও ৯ বজাৰ পৰাহে উদ্ধাৰ অভিযনা আৰম্ভ কৰে।  ফলত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে।

উল্লেখযোগ্য যে শনিবাৰে নিশা সংঘটিত দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ হৰেন বৰা (৫২ বছৰীয়া)ৰ পত্নী ফুনু বৰা (৪৮), জী চিম্পী বৰা (২১) আৰু মুনমী বৰা আৰু মাতৃ পণৌ বৰা (৮৬ বছৰীয়া) পতিত হৈছিল।

Related News