NORTHEAST NOW (Assamese)

ছেবাক শোচনীয় অৱস্থালৈ ঠেলি দিছে স্বয়ং চৰকাৰে!

February 7, 2019 8:21 pm · কল্পজ্যোতি শইকীয়া
Updated: February 7, 2019 8:49 pm
ছেবাৰ গুৱাহাটীৰ মুখ্য কাৰ্যালায়। ফাইল ফটো

অসমৰ মাধ্যমিক শিক্ষা খণ্ডৰ মূল কেন্দ্ৰ বিন্দু ‘অসম মাধ্যমিক শিক্ষা পৰিষদ’ক চৰকাৰে নিজ ইচ্ছাৰে শোচনীয় অৱস্থাৰ দিশলৈ ঠেলি দিব বিচাৰিছে নেকি? পূৰ্বৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ৰাজ্যৰ শিক্ষাৰ দিশটো অধিক উন্নত হোৱা বুলি দাবী কৰিলেও প্ৰকৃতাৰ্থত ইয়াৰ অভ্যন্তৰত কি চলি আছে সেয়া শেহতীয়াভাৱে উন্মোচিত হৈছে এক আৰটিআইৰ তথ্যত।

ছেবাত পৰীক্ষাৰ বহী জ্বলি যোৱা, বহী হেৰুওৱা ইত্যাদিকে ধৰি বিভিন্নধৰণৰ বিসংগতি সংঘটিত হৈ যোৱাৰ পাছত ২০১১ আৰু ২০১৩ চনত দুখনকৈ কমিটি গঠন কৰা হৈছিল। ২০১১ চনত শ্ৰী নাথ বৰুৱা আৰু ২০১৩ চনত দিলীপ বৰুৱাৰ নেতৃত্বত দুখনকৈ কমিটিয়ে ছেবাৰ উন্নীতকৰণ আৰু কাম-কাজ ভাল ধৰণে চলাই নিয়াৰ বাবে যি সমূহ পৰামৰ্শ আগ বঢ়াইছিল, সেই পৰামৰ্শসমূহ এতিয়ালৈকে কাৰ্য্যকৰী হোৱা নাই বুলি অভিযোগ কৰে ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰীয়ে।

ছেবাই দিয়া আৰটিআইৰ তথ্য

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি ‘চৰকাৰে পৰিকল্পিতভাৱে ছেবাক ধ্বংস কৰিব বিচাৰিছে‘ বুলিও কাশ্যপে মন্তব্য কৰে।

ইপিনে, কমিটি দুখনে প্ৰদান কৰা পৰামৰ্শৰ ভিতৰত অন্যতম আছিল নতুনকৈ ৫ টা ছেবাৰ আঞ্চলিক কেন্দ্ৰ স্থাপন কৰা। কোকৰাঝাৰ, কলিয়াবৰ, শিৱসাগৰ, লখিমপুৰ আৰু শিলচৰত এই আঞ্চলিক কেন্দ্ৰ সমূহ গঠন কৰিবৰ বাবে পৰামৰ্শ দিছিল কমিটি দুখনে। আঞ্চলিক কেন্দ্ৰসমূহে আই.চিটিৰ জৰিয়তে মুখ্য কাৰ্য্যালয়ৰ সৈতে সঘনে সংযোগ স্থাপন কৰিব পাৰিব বুলিও তেওঁলোকে প্ৰতিবেদনত উল্লেখ কৰিছিল।

‘কিন্তু দুৰ্ভাগ্যজনক কথা যে শৈক্ষিক দিশটো ত্বৰাম্বিত কৰিবৰ বাবে যিসমূহ পৰামৰ্শ দিছিল, সেই পৰামৰ্শ বৰ্তমানলৈকে কাৰ্য্যকৰী নকৰিলে।‘ এই অভিযোগ চৌধুৰীৰ।

তাৎপৰ্য্যপূৰ্ণভাৱে ছেবা কৰ্তৃপক্ষই আৰ টি আই তথ্যৰ জৰিয়তে কমিটিৰ পৰামৰ্শ কাৰ্য্যকৰী কৰা নাই বুলি স্বীকাৰ কৰিছে বুলি চৌধুৰীয়ে জানিবলৈ দিয়ে।

মন কৰিবলগীয়া কথা যে, ছেবাই নিজাববীয়াকৈ ‘আঞ্চলিক কেন্দ্ৰ’সমূহ স্থাপন কৰিব পৰাৰ শক্তি নাই। কিয়নো ৰাজ্য চৰকাৰৰ পৰা ছেবাই লাভ নকৰে বিত্তীয় অনুদান। ছেবাই প্ৰদান কৰা আৰ টি আই তথ্যতে ফাদিল হৈছে এই কথা।

আৰ টি আই তথ্য অনুসৰি ২০১৬-১৭ বৰ্ষৰ ছেবাৰ বাজেট অনুসৰি পৰিচালনাৰ বাবদ মুঠতে এবছৰত ২৭ কোটি টকাৰ প্ৰয়োজন হয়। ৰাজ্যৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাছুল অথবা নাম পৰীক্ষা কেন্দ্ৰৰ মাছুলৰ পৰাই ছেবা পৰিচালনাৰ বাবে প্ৰয়োজনীয় ধনৰাশি সংগ্ৰহ কৰা হয়।

তাৰ বিপৰীতে অথ্য জনাৰ অধিকাৰ আইন ২০০৫ অনুসৰি ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰীয়ে অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰা লাভ কৰা তথ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাছুলৰ পৰা সংগ্ৰহিত ৰাজহৰ পৰিমাণ স্পষ্ট হৈ পৰিছে। ২০১৬-১৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সংগৃহীত মাছুলৰ পৰিমাণ হৈছে ১৩,৪৯,৮৯,১২০ টকা। ইয়াৰোপৰি, ২০১৭-১৮ বৰ্ষৰ পৰীক্ষা কেন্দ্ৰৰ মাছুল সংলগ্ন কৰি ইয়াৰ পৰিমাণ ২১,০৯,৬৫,৫৫০ টকা।

ইপিনে, যোৱা ১৫ বছৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোনো বিত্তীয় অনুদান লাভ কৰা নাই বুলি বিগত বৰ্ষৰ ৭ জুলাইৰ দিনা প্ৰদান কৰা আৰটিআই তথ্যত উল্লেখ কৰিছে।

ইপিনে, পৰীক্ষা নিয়ন্ত্ৰক আৰু বহী নিৰীক্ষকক দিবলগীয়া মাননী আৰু পৰীক্ষাৰ্থীৰ বাবে বহী যোগান ইত্যাদিৰ বাবদ হোৱা খৰচ ছেবাই নিজে বহন কৰিবলগীয়া হয়।

প্ৰশ্ন হয়, মাধ্যমিক শিক্ষা পৰিষদ কৰ্তৃপক্ষই পৰিচালনাৰ বাবে প্ৰয়োজনীয় ধনৰাশিতকৈ ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা ধনৰ পৰিমাণ কম হোৱা সত্ত্বেও কেনেদৰে চলাই আছে পৰিষদৰ অন্য কাম-কাজ?

এই প্ৰশ্নৰ উত্তৰ বিচাৰি টেলিফোন যোগে সংযোগ স্থাপন কৰা হৈছিল শিক্ষা বিভাগৰ আয়ুক্ত প্ৰীতম শইকীয়াৰ সৈতে। কিন্তু তেওঁ এই বিষয়ে অৱগত নহয়, পাছত অৰ্থ্যাৎ কাইলৈহে ক’ব পাৰিব বুলি জনায়।

প্ৰসংগক্ৰমে ক’ব পাৰি যে, এইবাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ ‘অষ্টাদশ মুকুতাৰ উন্নয়নী মালা’ বাজেটতো ছেবাৰ বাবে কোনো ধনৰ অনুমোদন দিয়া দেখা নগ’ল।

ইয়াৰ লগতে প্ৰশ্ন হয়, এনেধৰণে বাজেটত বিত্তীয় অনুমোদন আগনবঢ়াই ছেবাক শোচনীয় অৱস্থালৈ নিয়াৰ চেষ্টা স্বয়ং চৰকাৰে কৰিছে নেকি?

Related News