NORTHEAST NOW (Assamese)

অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি তৎপৰ জিলা প্ৰশাসন; ১৪৪ ধাৰা জাৰি, বিশ্বনাথত নিষিদ্ধ গাহৰি মাংস বিক্ৰী, সৰবৰাহ

April 28, 2020 4:05 pm · কাজি জেইদুল ইছলাম
গাহৰি

ৰাজ্যৰ কেইবাখনো জিলাত অচিন ৰোগত শ-শ গাহৰিৰ অস্বাভাৱিকভাৱে মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ  পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মুখ্য সচিবৰ নিৰ্দেশ অনুসৰি সমগ্ৰ বিশ্বনাথ জিলাত গাহৰিৰ মাংসৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰাৰ লগতে গাহৰিৰ সৰবৰাহ আদিৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে।

বিশ্বনাথ জিলা দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসে ফৌজদাৰী দণ্ড বিধিৰ ১৪৪ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰিছে।

গাহৰিৰ এনে অস্বাভাৱিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত জিলা খনত যাতে ছোৱাইন ফ্লু (Swine Fever)ৰ সংক্ৰমণ ঘটিব নোৱাৰে তাক প্ৰতিৰোধ কৰিবৰ বাবেই কেতবোৰ বিশেষ নিদৰ্শনাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ১৪৪ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে।

নিৰ্দেশনাটোত জিলা দণ্ডাধীশ গৰাকীয়ে গাহৰি সৰবৰাহ কৰা বা ব্যক্তিগতভাৱে কঢ়িয়াই নিয়া, গাহৰি নিধন কৰা আৰু বিক্ৰী কৰা, আন্তঃজিলাত গাহৰিৰ সৰবৰাহ বন্ধ কৰা, ঘৰুৱা গাহৰিৰ ফাৰ্মত গাহৰি ৰখা আৰু প্ৰতিবেশীৰ অন্য গাহৰিৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থকা, বিক্ৰীৰ ক্ষেত্ৰত বাধা আৰোপ, বিজ্ঞান সন্মতভাৱে সাৱধানতা অৱলম্বন কৰিহে মৃত গাহৰি সমাধিস্থ কৰা, মৃতদেহ নদীত উটুৱাই দিয়া বা মুকলি ঠাইত পেলাই দিয়াৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ লগতে এখন ফাৰ্মৰ পৰা আন এখন ফাৰ্মলৈ গাহৰিৰ খাদ্য সৰবৰাহ আৰু বিতৰণ কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

অবশ্যে, গাহৰি পালক সকলে গাহৰিৰ প্ৰয়োজনীয় খাদ্য অনুমোদিত দোকান বা বিক্ৰেতাৰ পৰা ক্ৰয় কৰিব পাৰিব বুলি নিৰ্দেশটোত কোৱা হৈছে।

উল্লেখ্য যোগ্য যে, যদি গাহৰিৰ অত্যাধিক জ্বৰ অথবা অন্য অস্বাভাৱিক লক্ষণে দেখা দিয়ে, তেন্তে সেই কথা পশু পালক সকলে স্থানীয় পশু চিকিৎসা বিভাগ নাইবা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈ, সংশ্লিষ্ট বিভাগক প্ৰয়োজনীয় কঠোৰ জৈৱ সুৰক্ষা ব্যৱস্থা আৰু নিয়মিতভাৱে গাহৰিৰ ফাৰ্মসমূহত বীজাণুমুক্তকৰণ কৰাৰ বাবে পদক্ষেপ লবলৈও নিৰ্দেশটোত কোৱা হৈছে।

ৰাজহুৱা শান্তি আৰু নিৰাপত্তাৰ স্বাৰ্থতে জিলাখনত এই নিৰ্দেশ জাৰি কৰ হৈছে বুলি উল্লেখ কৰা হৈছে।

Related News