• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি তৎপৰ জিলা প্ৰশাসন; ১৪৪ ধাৰা জাৰি, বিশ্বনাথত নিষিদ্ধ গাহৰি মাংস বিক্ৰী, সৰবৰাহ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , April 28, 2020 4:05 pm

2 min read

অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি তৎপৰ জিলা প্ৰশাসন; ১৪৪ ধাৰা জাৰি, বিশ্বনাথত নিষিদ্ধ গাহৰি মাংস বিক্ৰী, সৰবৰাহ

গাহৰি

5.8k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ কেইবাখনো জিলাত অচিন ৰোগত শ-শ গাহৰিৰ অস্বাভাৱিকভাৱে মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ  পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মুখ্য সচিবৰ নিৰ্দেশ অনুসৰি সমগ্ৰ বিশ্বনাথ জিলাত গাহৰিৰ মাংসৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰাৰ লগতে গাহৰিৰ সৰবৰাহ আদিৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে।

বিশ্বনাথ জিলা দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসে ফৌজদাৰী দণ্ড বিধিৰ ১৪৪ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰিছে।

গাহৰিৰ এনে অস্বাভাৱিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত জিলা খনত যাতে ছোৱাইন ফ্লু (Swine Fever)ৰ সংক্ৰমণ ঘটিব নোৱাৰে তাক প্ৰতিৰোধ কৰিবৰ বাবেই কেতবোৰ বিশেষ নিদৰ্শনাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ১৪৪ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে।

নিৰ্দেশনাটোত জিলা দণ্ডাধীশ গৰাকীয়ে গাহৰি সৰবৰাহ কৰা বা ব্যক্তিগতভাৱে কঢ়িয়াই নিয়া, গাহৰি নিধন কৰা আৰু বিক্ৰী কৰা, আন্তঃজিলাত গাহৰিৰ সৰবৰাহ বন্ধ কৰা, ঘৰুৱা গাহৰিৰ ফাৰ্মত গাহৰি ৰখা আৰু প্ৰতিবেশীৰ অন্য গাহৰিৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থকা, বিক্ৰীৰ ক্ষেত্ৰত বাধা আৰোপ, বিজ্ঞান সন্মতভাৱে সাৱধানতা অৱলম্বন কৰিহে মৃত গাহৰি সমাধিস্থ কৰা, মৃতদেহ নদীত উটুৱাই দিয়া বা মুকলি ঠাইত পেলাই দিয়াৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ লগতে এখন ফাৰ্মৰ পৰা আন এখন ফাৰ্মলৈ গাহৰিৰ খাদ্য সৰবৰাহ আৰু বিতৰণ কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

অবশ্যে, গাহৰি পালক সকলে গাহৰিৰ প্ৰয়োজনীয় খাদ্য অনুমোদিত দোকান বা বিক্ৰেতাৰ পৰা ক্ৰয় কৰিব পাৰিব বুলি নিৰ্দেশটোত কোৱা হৈছে।

উল্লেখ্য যোগ্য যে, যদি গাহৰিৰ অত্যাধিক জ্বৰ অথবা অন্য অস্বাভাৱিক লক্ষণে দেখা দিয়ে, তেন্তে সেই কথা পশু পালক সকলে স্থানীয় পশু চিকিৎসা বিভাগ নাইবা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈ, সংশ্লিষ্ট বিভাগক প্ৰয়োজনীয় কঠোৰ জৈৱ সুৰক্ষা ব্যৱস্থা আৰু নিয়মিতভাৱে গাহৰিৰ ফাৰ্মসমূহত বীজাণুমুক্তকৰণ কৰাৰ বাবে পদক্ষেপ লবলৈও নিৰ্দেশটোত কোৱা হৈছে।

ৰাজহুৱা শান্তি আৰু নিৰাপত্তাৰ স্বাৰ্থতে জিলাখনত এই নিৰ্দেশ জাৰি কৰ হৈছে বুলি উল্লেখ কৰা হৈছে।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd