NORTHEAST NOW (Assamese)

বাঘিনীৰ বাবে কলিয়াবৰত জাৰি কৰা হ’ল ১৪৪ ধাৰা

April 26, 2023 5:02 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 26, 2023 4:05 pm

বুধবাৰে প্ৰকাশ পোৱা এক বাতৰি অনুসৰি কলিয়াবৰত বাঘৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে।

সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ চিলঘাট অঞ্চলত। অঞ্চলটোত এজনী বাঘিনীয়ে নিজৰ দুটি পোৱালী লৈ বিচৰণ কৰি থকাৰ প্ৰেক্ষাপটত অঞ্চলটোত প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা।

লগতে পঢ়কঃ সাংসদ অজিৎ ভূঞাৰ নতুন বিপদ : সাংসদ পুঁজি আত্মসাৎ কৰাৰ অভিযোগত গোচৰ ৰুজু বিশেষ ভিজিলেন্সৰ

এতিয়ালৈকে বাঘিনী জনীৰ আক্ৰমণত কোনো লোক হতাহত হোৱা নাই যদিও নিৰাপত্তাৰ কথা চিন্তা কৰি জিলা দণ্ডাধীশে অঞ্চলটোত মানুহৰ চলাচল বন্ধ কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰিছে।

জানিব পৰা মতে বাঘিনী আৰু পোৱালী দুটি উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱালৈকে এই ধাৰা অব্যাহত থাকিব অঞ্চলটোত।

 অভিযোগ অনুসৰি এতিয়ালৈকে বন বিভাগে বাঘিনী জনী আৰু পোৱালী দুটাক বন্দী কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

লগতে পঢ়কঃ সমলিংগীয় বিবাহক স্বীকৃতি দিয়ক : মুখ্য ন্যায়াধীশলৈ চিঠি পিতৃ-মাতৃৰ

উল্লেখ্য যে কিছুদিন পূৰ্বে এটা বাঘৰ আক্ৰমণত মৃত্যু ডিব্ৰুগড়ত মৃত্যু হৈছিল এটি সাত বছৰীয়া শিশুৰ।

জানিব পৰা মতে, নামৰূপৰ সতীশপুৰ চাহ বাগিচাত সংঘটিত হৈছে এই কৰুণ ঘটনা। বাঘে আক্ৰমণ কৰাৰ ফলত বাগিছাত নিহত হৈছে শিশুটি।

লগতে পঢ়কঃ উঃপূঃৰ পৰা গুজৰাটলৈ অধিক হাতী প্ৰেৰণ কৰা হ’ব : উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটীৰ নিৰ্দেশনা

Related News