NORTHEAST NOW (Assamese)

অসহায় অৱস্থাত জীৱন নিৰ্বাহ কৰা ৬০ উৰ্দ্ধৰ ব্যক্তিক চেলেংহাট হেল্থ ক্লাবৰ সহায়ৰ হাত

December 7, 2020 9:50 pm · নিৰ্মলেন্দু পাঠক
ফটো : নৰ্থ-ইষ্ট নাও

বিভিন্ন জনহিতকৰ কাম কৰি মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে যোৰহাট জিলাৰ টীয়কৰ “চেলেংহাট হেল্থ ক্লাৱে”।

শেহতীয়াকৈ টীয়কৰ নামচেচুৰ জীৰণি চৰাত দীৰ্ঘদিন ধৰি অসহায় অৱস্থাত জীৱন নিৰ্বাহ কৰি থকা এজন প্ৰায় ৬০ উৰ্দ্ধৰ  ব্যক্তিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে চেলেংহাট হেল্থ ক্লাৱ নামৰ সংস্থাটো।

উল্লেখযোগ্য যে সংস্থাটোৱে এই ৰুগীয়া ব্যক্তিজনৰ প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা, ব্যক্তিজন থাকিব পাৰকৈ জীৰণি চ’ৰাটো প’লিথিনেৰে সুন্দৰ কৈ বেৰা, সাধ্য অনুসৰি কিছু খাদ্যবস্তু, জিৰণিৰ বাবে এখন বিচনাৰ ব্যৱস্থা কৰি দিছে।

বছৰ বছৰ ধৰি স্থানীয় ৰাইজে খাদ্য সামগ্ৰী যোগান ধৰি অহা এই ৰুগীয়া ব্যক্তিজনক এই খিনি সুবিধা কৰি দিয়াৰ বাবে সকলোৱে চেলেংহাট হেল্থ ক্লাবে আদৰণি জনাইছে ৷

Related News