• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2025 2:22 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰস্তাৱ কৰা বৃহৎ কৰ আৰু ব্যয় কৰ্তন বিধেয়ক গৃহীত কৰিছে আমেৰিকাৰ কংগ্ৰেছৰ উচ্চ সদন ছিনেটে। মঙলবাৰে ছিনেটৰ ৰিপাব্লিকানসকলে অতি সংকীৰ্ণ ব্যৱধানত বিধেয়কখন গৃহীত কৰিবলৈ সক্ষম হয়।

বিধেয়কখনত কৰ কৰ্তন, সামাজিক সুৰক্ষা কাৰ্যসূচী কৰ্তন, সামৰিক ক্ষমতা বৃদ্ধি আৰু অনুপ্ৰৱেশ নিয়ন্ত্ৰণৰ বাবে ব্যয় বৃদ্ধিৰ কথা কোৱা হৈছে। অৱশ্যে এই বিধেয়কখনে আমেৰিকাৰ ৰাষ্ট্ৰীয় ঋণ আৰু ৩.৩ ট্ৰিলিয়ন ডলাৰ বৃদ্ধি কৰিব।

Apply Now

এতিয়া এই বিধেয়কখন চূড়ান্ত অনুমোদনৰ বাবে প্ৰতিনিধি সদনলৈ প্ৰেৰণ কৰা হৈছে। কিন্তু ইতিমধ্যে তাত থকা একাংশ ৰিপাব্লিকানে ছিনেটত সংযোজন কৰা বিধেয়কখনৰ কিছুমান চৰ্তৰ বিৰোধিতা কৰিছে।

৪ জুলাই অৰ্থাৎ আমেৰিকাৰ স্বাধীনতা দিৱসৰ পূৰ্বে এই বিধেয়কখন আইনত পৰিণত কৰিব বিচাৰিছে ট্ৰাম্পে। সদনৰ অধ্যক্ষ মাইক জনছনেও কয় যে তেওঁ সেই সময়সীমাৰ ভিতৰত কাম শেষ কৰিব বিচাৰে।

এই বিধেয়কখন ২০১৭ চনত ট্ৰাম্পৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰথম কাৰ্যকালত প্ৰদান কৰা কৰ কৰ্তনৰ সম্প্ৰসাৰণ। ইয়াৰ উপৰিও টিপছ আৰু অতিৰিক্ত সময়ৰ আয়ৰ বাবে নতুন কৰ ৰেহাই দিয়া হ’ব। সামৰিক আৰু অনুপ্ৰৱেশ নিয়ন্ত্ৰণৰ বাবেও ব্যয় বৃদ্ধি কৰা হ’ব।

এই বিধেয়কখনত কম আয়ৰ আমেৰিকানসকলৰ বাবে মেডিকেইড নামৰ স্বাস্থ্য কাৰ্যসূচী আৰু খাদ্য সাহায্য কাৰ্যসূচীৰ খৰচৰ পৰা প্ৰায় ৯৩০ বিলিয়ন ডলাৰ কৰ্তন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। একে সময়তে ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ কাৰ্যকালত সেউজ শক্তিৰ বাবে প্ৰদান কৰা বহু সুবিধাও বাতিল কৰা হ’ব।

এই বিধেয়কখনক লৈ ৰিপাব্লিকানসকলৰ মাজতো মতানৈক্যৰ সৃষ্টি হৈছে। কাৰণ এই বিধেয়কখনে দেশত দ্ৰুতগতিত বৃদ্ধি পোৱা ৩.৬২ ট্ৰিলিয়ন ডলাৰৰ ৰাষ্ট্ৰীয় ঋণৰ বিষয়টো সন্মুখলৈ আনিছে। এই বিধেয়কখনত আমেৰিকাৰ ফেডাৰেল চৰকাৰৰ নিজা ঋণৰ সীমা আৰু ৫ ট্ৰিলিয়ন ডলাৰ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। আগন্তুক কেইমাহমানৰ ভিতৰত যদি কংগ্ৰেছে এই সীমা বৃদ্ধি নকৰে তেন্তে গুৰুতৰ ঋণ অপৰিশোধৰ আশংকা থাকিব।

মঙলবাৰে ছিনেটত ৫১-৫০ ভোটত এই বিধেয়কখন গৃহীত হয়। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে টাই ভংগ কৰি বিধেয়কখনৰ পক্ষত ভোটদান কৰে। এই বিধেয়কখনৰ বিৰুদ্ধে ভোট দিয়া ৪৭ জন ডেম’ক্ৰেটৰ সৈতে যোগদান কৰে তিনিজন ৰিপাব্লিকানে। তেওঁলোক আছিল উত্তৰ কেৰ’লিনাৰ টম টিলিছ, মেইনৰ চুজান কলিন্স আৰু কেন্টাকিৰ ৰটাণ্ডা পল।

ভোটদানৰ পূৰ্বে গোটেই নিশা ছিনেটত বিতৰ্ক চলিছিল। ৰিপাব্লিকান ছিনেটৰসকলে বিধেয়কখনৰ খৰচ আৰু আমেৰিকাৰ স্বাস্থ্যসেৱা ব্যৱস্থাত ইয়াৰ প্ৰভাৱৰ বিষয়ে দীঘলীয়াকৈ আলোচনা কৰে।

ইয়াৰ উপৰিও আলাস্কাৰ ৰিপাব্লিকান ছিনেটৰ লিজা মুৰ্ক’ভস্কিৰ সমৰ্থন লাভৰ বাবে শেষ মুহূৰ্তত বহু চেষ্টা কৰা হৈছিল, কিয়নো পূৰ্বে তেওঁ বিধেয়কখনৰ যথেষ্ট পৰিৱৰ্তন নকৰিলে বিধেয়কখনৰ বিৰুদ্ধে ভোট দিব বুলি কৈছিল।

শেষত লিজাৰ সমৰ্থন নিশ্চিত কৰিবলৈ বিলখনত দুটা বিশেষ চৰ্ত সংযোজন কৰা হয় । এটা চৰ্ত আছিল যে অতিৰিক্ত খাদ্য সাহায্যৰ ধন আলাস্কা আৰু আন কেইবাখনো প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব। আনটো আছিল যে মেডিকেইডৰ বৃহৎ কৰ্তনৰ ফলত ক্ষতিগ্ৰস্ত গ্ৰাম্য চিকিৎসালয়সমূহক সহায় কৰিবলৈ ৫০ বিলিয়ন ডলাৰ আবণ্টন দিয়া হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd