• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰাৰুদ্ধ দ্বীপজ্যোতিক আইনী সেৱা প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই

"কোনো এজন নেতাক সমালোচনা কৰিলে, অপৰাধী গোচৰটো বাদেই আনকি এটা সাধাৰণ মানহানি আবেদনেই স্বীকাৰ নহয়" হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 22, 2020 6:42 pm
index.jpgকক
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটোৰ সৈতে ফেচবুকত এক বিতৰ্কিত পোষ্ট share কৰি বৰ্তমান কাৰাৰুদ্ধ হৈ থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ দ্বীপজ্যোতি গগৈক আইনী সহায় আগবঢ়াবলৈ প্ৰস্তুত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জনাইছে হাজৰিকাই।

Apply Now

“এজন সাধাৰণ পৰিয়ালৰ সাধাৰণ ছাত্ৰ হোৱাৰ বাবে দীপজ্যোতি গগৈৰ এই অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ সামৰ্থ নাই। মই আৰু মোৰ সতীৰ্থ অধিবক্তাসকলে আহ্বান জনাইছো যে বাক স্বাধীনতা আৰু মৌলিক অধিকাৰ উলংঘনৰ কোনো ধৰণৰ ভুক্তভোগীৰ কাৰণে আমি আইনী সাহায্য আগবঢ়াবলৈ প্ৰস্তুত আছোঁ।” হাজৰিকাই এইদৰে কয়।

অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ এয়াই প্ৰকৃত সময় বুলি উল্লেখ কৰি হাজৰিকাই কয় “সকলোৱে নিজৰ বুলি আকোঁৱালি ল’লেহে আমি জাতি আৰু দেশ এনেকুৱা নেতাৰ পৰা উদ্ধাৰ কৰিব পাৰিম।”

যদি দীপজ্যোতি গগৈক কেৱল মাত্ৰ যোৱা বছৰৰ এটা বাৰ্তা সামাজিক মাধ্যমত আগবঢ়াই দিয়া আৰু অখিল গগৈৰ সমৰ্থনত কবিতা আবৃত্তি কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছে তেন্তে ই গণতন্ত্ৰৰ বাবে সংকটৰ সংকেত বুলি দাবী কৰে জ্যেষ্ঠ অধিবক্তগৰাকীয়ে।

হাজৰিকাৰ প্ৰশ্ন “দীপজ্যোতি গগৈ ইমান ঘোৰ অপৰাধী হ’ল নেকি যে এটা আনে সামাজিক মাধ্যমত দিয়া পোষ্টক আগবঢ়াই দিয়া কাৰণে মাজনিশা এটা আৰক্ষীৰ দ’ল গৈ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিব লাগে ?”

তেওঁ আৰু কয় “যিটো সময়ত জনসাধাৰণ ক’ৰ’ণা আৰু বানপানীত ককবকাই আছে, তেনেস্থলত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতে ৰাজ্যৰ প্ৰতি আটাইতকৈ ডাঙৰ ভাবুকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন সাধাৰণ ছাত্ৰই আবৃত্তি কৰা কবিতা আৰু সামাজিক মাধ্যমত দিয়া পোষ্টৰ পৰাহে আহিল নেকি?”

যিটো সময়ত শ শ মানুহ বানপানীত মৃত্যুবৰণ কৰিলে তেওঁলোকক বচাবলৈ আৰক্ষী প্ৰশাসনক মোতায়েন কৰিব নোৱাৰিলে কিন্তু এনেকুৱা অৰ্থবিহীন কামৰ বাবে আৰক্ষীক কিন্তু ঠিকেই মোতায়েন কৰিব পাৰিছে বুলি অভিযোগ তোলে হাজৰিকাই।

ইপিনে, অসমীয়া জাতি আৰু আহোম সম্প্ৰদায়ক অপমান কৰা গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ মূখথেকেচা খোৱা অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনে কিন্তু সাধাৰণ খিলঞ্জীয়াৰ ওপৰত ঠিকেই বীৰত্ব প্ৰদৰ্শন কৰিব পাৰিছে বুলি তেওঁ উল্লেখ কৰে।

“এয়া কেৱল মাত্ৰ দীপজ্যোতি গগৈৰ ক্ষেত্ৰতে আৰম্ভ হোৱা নাই। সামাজিক মাধ্যমত সোণোৱালক সমালোচনা কৰা সকলক সেই একেই ধৰণে আইনৰ সম্পূৰ্ণ অপব্যৱহাৰৰ কৰি, ভুৱা গোচৰ তৰি, তেওঁলোকক উদাহৰণ হিচাপে প্ৰস্তুত কৰি সকলোৰে মূখ বন্ধ কৰিবলৈ চেষ্টা কৰি আহিছে।” হাজৰিকাই এইদৰে কয়।

হাজৰিকাৰ মতে “আইনৰ সম্পূৰ্ণ অপব্যৱহাৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়দানৰ পৰা স্পষ্ট যে কোনো এজন নেতাক সমালোচনা কৰিলে, অপৰাধী গোচৰটো বাদেই আনকি এটা সাধাৰণ মানহানি আবেদনেই স্বীকাৰ নহয়। ২০১৫ চনত উচ্চতম ন্যায়ালয়ত শ্ৰেয়া সৃংঘালৰ আবেদনত এনেধৰণৰ গোচৰ ৰুজু কৰা আৰু গ্ৰেপ্তাৰ কৰাটো অ-সাংবিধানিক আৰু অবৈধ বুলি ঘোষণা কৰি Information Technology Actৰ অন্তৰ্গত Section 66(A) বাতিল কৰে।”

“সৰ্বানন্দ সোনোৱালে যিদৰে নিৰ্বাচনৰ সময়ত খিলঞ্জীয়া ৰাইজৰ আশা আকাংক্ষাৰ ওপৰত ভিত্তি কৰি প্ৰতিশ্ৰুতি দি প্ৰৱঞ্চনা কৰিলে, তেনেস্থলত তেওঁৰ সমালোচনা হোৱাটো স্বাভাৱিক। যিহেতু ৰাজপাট চলাবলৈ তেওঁৰ ন্যূনতম জ্ঞানো নাই আৰু সেয়েহে তেওঁ নিজক কৰা সমালোচনা সহ্য কৰিব নোৱাৰে কাৰণ তেওঁ গণতন্ত্ৰৰ মূল অধিকাৰ বুজি নাপায়।” হাজৰিকাই লগতে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd