• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত হত্যা: পদুলিত ৩ বছৰীয়া কন্যা, মাকৰ ৰক্তাক্ত দেহ; আঁঠুৱাত ওলমি ৰ’ল পিতৃ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 27, 2019 8:25 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত মুখীগাঁৱত একেটা পৰিয়ালৰে তিনিজন সদস্যক অচিনাক্ত দুষ্কৃতিকাৰীয়ে দাৰে ঘঁপিয়াই হত্যা কৰাত জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

বুধবাৰে নিশা সংঘটিত এই ভয়ানক ঘটনাত একেটা পৰিয়ালৰে নিহত হোৱা তিনিজন সদস্য হ’ল ক্ৰমে টিপুল ৰায় (পিতৃ, ৩৪), মৰমী ৰায় (মাতৃ , ২৫) আৰু অঞ্জুমণি ৰায় (কন্যা, ৩)। আনহাতে উক্ত ঘটনাত সৌভাগ্যবশতঃ কবিতা ৰায় (৬) নামৰ কণমানি কন্যাগৰাকী ৰক্ষা পৰে।

Apply Now

ঘটনাটো বৃ্হস্পতিবাৰে ৰাতিপুৱাহে পোহৰলৈ আহে। গাওঁবাসীৰ একাংশই ৰাতিপুৱা মৰমী ৰায় (মাতৃ, ২৫) আৰু অঞ্জুমণি ৰায় (কন্যা, ৩)ৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত ঘৰৰ বাহিৰত পৰি থকা প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায় আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মুহূৰ্ততে ঘটনাস্থলীত উপস্থিত হৈ মাক আৰু কণমানিজনীৰ লগতে ঘৰৰ ভিতৰত টিপুল ৰায় (পিতৃ, ৩৪)ৰ মৃতদেহ উদ্ধাৰ কৰে।

দুষ্কৃতিকাৰীয়ে ঘৰৰ পিছফালে সিন্ধি খান্দিছিল যদিও সিন্ধিটো অসম্পূৰ্ণ অৱস্থাত থকালৈ চাই দুষ্কৃতিকাৰীয়ে সন্মুখৰ পৰাই সোমাই উক্ত অপকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে।

গাওঁবাসীৰ সন্দেহ অনুসৰি দুষ্কৃতিকাৰীয়ে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি প্ৰথমে টিপুল ৰায়ক হত্যা কৰে আৰু কন্যা সন্তানক সাৱটি লৈ মাতৃ মৰমী ৰায়ে পলায়ন কৰিব খোজোতে ঘৰৰ বাহিৰতে হানিখুচি হত্যা কৰে।

গাওঁবাসীয়ে প্ৰকাশ কৰা মতে পৰিয়ালটো সাধাৰণ শ্ৰমিক পৰিয়াল আছিল আৰু কাৰো সতে কোনোধৰণৰ সংঘাত নাছিল।

দুষ্কৃতিকাৰীৰ চোকা অস্ত্ৰৰ আঘাতত নিহত হোৱা টিপুল ৰায়ৰ ভৰি আঁঠুৱাতে ওলমি আছিল আৰু মাতৃ কন্যাৰ মৃতদেহ ঘৰৰ বাহিৰত তলমূৰ হৈ পৰি আছিল । দুষ্কৃতিকাৰীৰ চোকা অস্ত্ৰৰ আঘাতত কণমানি অঞ্জুমনি ৰায়ৰ মূৰৰ পিছফাল ক্ষত-বিক্ষত হৈ পৰে।

ইপিনে উক্ত ঘটনা সন্দৰ্ভত কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথে তদন্ত অব্যাহত আছে বুলি সদৰী কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি মন্তব্য কৰে। আৰক্ষীয়ে ঘাতকৰ সন্ধান লাভ কৰিবলৈ স্নিফাৰ ডগ ব্যৱহাৰ কৰিছিল যদিও বিফল হয়।

দোষীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে প্ৰতিটো দিশেই তন্ন-তন্নকৈ পৰীক্ষা কৰি তদন্ত চলোৱা হ’ব বুলিও মন্তব্য কৰিছে উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথে।
ইপিনে আছাৰ সভাপতি ষ্টিফেন লাক্ৰাই ঘটনাস্থলীত উপস্থিত হৈ দোষীক কৰায়ত্ত কৰাৰ বাবে আহ্বান জনায়। দোষীক কৰায়ত্ত কৰাৰ স্বাৰ্থত প্ৰয়োজনবশতঃ চিআইডি তদন্তৰ পোষকতা কৰি নিঠৰুৱা সন্তানৰ দায়িত্ব চৰকাৰে লোৱা উচিত বুলি মন্তব্য কৰে ষ্টিফেন লাক্ৰাই।

ইপিনে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মন আৰু নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে ঘটনাটোক গৰিহণা দি দুষ্কৃতিকাৰীক অতিশীঘ্ৰে কৰায়ত্ত কৰি আইন অনুসাৰে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd