DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আকাংক্ষা শৰ্মাৰ হত্যাকাৰী প্ৰেমিক উদয়ন দাসক যাৱজ্জীৱন কাৰাদণ্ড ফাষ্ট ট্ৰেক আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2020 9:46 am
image.jpgk
713
VIEWS
Share on FacebookShare on Twitter

ভূপালৰ আকাংক্ষা শৰ্মাৰ হত্যাকাৰী প্ৰেমিক উদয়ন দাসক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে বাঁকুড়াৰ ফাষ্ট ট্ৰেক আদালতে।

২০১৭ চনত বাঁকুড়াৰ নিৱাসী আকাংক্ষা শৰ্মা(২৮)ক ভূপালৰ ছাকেট নগৰৰ প্ৰেমিক উদয়ন দাসে হত্যা কৰি এটা কংক্ৰিটৰ বেদী সাজি তাতে মৃতদেহটো লুকুৱাই ৰাখিছিল।

উক্ত হত্যাকাণ্ডটো সংঘটিত কৰি কেবা মাহলৈ প্ৰমাণ নষ্ট কৰি গাপ দি ৰাখিছিল হত্যাকাৰী উদয়ন দাসে।

আদালতে হত্যাকাৰী উদয়ন দাসক হত্যা অপৰাধত যাৱজ্জীৱন আৰু ২০ হাজাৰ টকাৰ জৰিমনা আৰু প্ৰমাণ নষ্ট কৰাৰ অপৰাধত আৰু ২ বছৰৰ কাৰাদণ্ড আৰু ২ হাজাৰ টকাৰ জৰিমনাৰে দণ্ডিত কৰিছে।

জৰিমনা অনাদায় হ’লে আৰু ২ বছৰৰ কাৰাদণ্ডৰ অতিৰিক্ত শাস্তি বিহিছে হত্যাকাৰী উদয়ন দাসক আদালতে।

উল্লেখ্য যে, চ’ছিয়েল মিডিয়াৰ যোগে আংকাক্ষা শৰ্মা আৰু উদয়ন দাসৰ সৈতে পৰিচয় ঘটিছিল। ইয়াৰ পিছতে উদয়নে আকংক্ষাক প্ৰেম নিবেদন কৰিছিল।

২০১৬ চনৰ ২৬ জুলাইত আমেৰিকাত ইউনিচেফৰ কামত যোগ দিয়াৰ উদ্দেশ্যে আকাংক্ষাই ঘৰৰ পৰা উলাই গৈছিল যদিও উদয়নৰ ছাকেট নগৰৰ ঘৰত উপস্থিত হয়। জানিব পৰা উদয়নৰ ভাতৃয়ে আকাংক্ষাৰ নামত ভুৱা পাৰ্ছপ’ৰ্ট উলিয়াই থৈছিল।

১৫ জুলাইত ছাকেট নগৰৰ নিজ বাসগৃহতে প্ৰেমিকা আকাংক্ষাক হত্যা কৰি উদয়নে কংক্ৰিটৰ বেদী সাজি এটা টিনৰ বাকচত মৃতদেহটো ভৰাই তাতে লুকুৱাই ৰাখে।

ইফালে আকাংক্ষাৰ পৰিয়ালৰ লোকক বিভ্ৰান্ত কৰাৰ উদ্দেশ্যে উদয়নে আকাংক্ষাৰ নম্বৰৰ পৰা পৰিয়ালৰ লোকলৈ হোৱাটছএপত মেচেছ প্ৰদান কৰে। আনকি আমেৰিকাত উপস্থিত হোৱা বুলি আকাংক্ষাৰ নামতে মেচেছ প্ৰেৰণ কৰে হত্যাকাৰী উদয়নে।

কেবামাহো ধৰি পৰিয়ালৰ লোকে আকাংক্ষাৰ সৈতে ফোনত যোগাযোগ কৰিব নোৱাৰি ২০১৬ চনৰ ডিচেম্বৰ মাহৰ ৫ তাৰিখে আৰক্ষীৰ থানাত আকাংক্ষা নিখোজ হোৱাৰ অভিযোগ দাখিল কৰে।

আৰক্ষীয়ে আকাংক্ষাৰ মোবাইল নম্বৰৰ লোকেশ্যন ট্ৰেছ কৰি নিশ্চিত হয় যে ভূপালৰ ছাকেট নগৰৰ পৰা হোৱাটছএপৰ যোগে মেচেছ কৰা হৈছে। ইয়াৰ পিছতে ২০১৭ চনৰ ৫ জানুৱাৰীত আৰক্ষীয়ে এক অপহৰণৰ গোচৰ ৰুজু কৰি তদন্তৰ অভিযান ক্ষীপ্ৰতৰ কৰে।

আৰক্ষীয়ে অভিযান চলাই ১ ফেব্ৰুৱাৰিত বাঁকুড়াৰ আৰক্ষীয়ে উদয়ন দাসক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত উদয়ন দাসে আকাংক্ষা শৰ্মাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। আৰু কংক্ৰিটৰ বেদীৰ ভিতৰৰ পৰা আকাংক্ষা শৰ্মাৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ জেৰাত পোহৰলৈ আহে যে ২০১০ চনত উদয়নে নিজ পিতৃ-মাতৃ ক্ৰমে বীৰেন্দ্ৰকুমাৰ দাস আৰু ইন্দ্ৰাণী দাসক হত্যা কৰি মৃতদেহ দুটা ছত্তিশগড়ৰ ৰায়পুৰৰ নিজা বাগানত পুতি থৈছিল।

৫ ফেব্ৰুৱাৰিত আৰক্ষীয়ে উদয়নৰ পিতৃ-মাতৃৰ কংকালসাৰ দুটা উদ্ধাৰ কৰে। আৰু আকাংক্ষাক হত্যা কৰাৰ তিনি মাহৰ ভিতৰতে আৰক্ষীয়ে হত্যাকাৰী উদয়নৰ বিৰুদ্ধে ফাষ্ট ট্ৰেক আদালত চাৰ্জশ্বিট দাখিল কৰে।

বুধবাৰে যাৱজ্জীৱন কাৰাদণ্ড লাভ কৰি হত্যাকাৰী উদয়ন দাসে কয়, “মোৰ কোনো অনুশোচনা হোৱা নাই। এইবাৰ হাই ক’ৰ্ট আৰু ছুপ্ৰিন ক’ৰ্টলৈ যাম।”

ইফালে আকাংক্ষা শৰ্মাৰ পৰিয়ালে কয় যে তেওঁলোকে হত্যাকাৰী উদয়ন দাসৰ ফাঁচী বিচাৰিছিল। কিন্তু আদালতৰ এই ৰায়ক তেওঁলোকে সন্মান জনোৱা বুলিও জানিবলৈ দিয়ে সংবাদ মাধ্যমক।

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd