উত্তৰ পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে কেইখনমান বিশেষ ৰে’ল সেৱাৰ পৰিচালন আৰু সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উভয় দিশত এই বিশেষ ৰে’ল সেৱা সম্প্ৰসাৰিত কৰা হ’ব আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ পৰা বিভিন্ন চহৰলৈ চলিব। উত্তৰ পূব সীমান্ত ৰে’লৱেই এক প্ৰেছ বিজ্ঞপ্তিত এই কথা জানিবলৈ দিছে।
বিশেষ ৰে’ল সেৱাৰ সম্প্ৰসাৰণ সম্পৰ্কত বিস্তৃত তথ্য তলত উল্লেখ কৰা সূচী অনুসাৰে হব-
৩ জুলাইৰ পৰা ৩১ জুলাই, ২০২৩ লৈ প্ৰতি সোমবাৰে ৰে’ল নং ০৭০৪৬ (ছেকেন্দ্ৰাবাদ-ডিব্ৰুগড়) বিশেষ ৰেলখনৰ সেৱা ০৫(পাঁচ) টা ট্ৰিপৰ বাবে ছেকেন্দ্ৰাবাদৰ পৰা ডিব্ৰুগড়ত উপস্থিত হোৱাৰ বাবে সম্প্ৰসাৰিত কৰা হ’ব।
একেদৰে, ৬ জুলাইৰ পৰা ৩ আগষ্ট, ২০২৩ লৈ প্ৰতি বৃহস্পতিবাৰে ৰে’ল নং ০৭০৪৭ (ডিব্ৰুগড়-ছেকেন্দ্ৰাবাদ) বিশেষ ৰে’লখনৰ সেৱা আন ০৫(পাঁচ) টা ট্ৰিপৰ বাবে ডিব্ৰুগড়ৰ পৰা ছেকেন্দ্ৰাবাদলৈ ইয়াৰ সেৱা সম্প্ৰসাৰিত কৰিব।
উভয় দিশৰ যাত্ৰাৰ সময়ত এই বিশেষ ৰে’লসমূহ শিমলুগুড়ী, ডিমাপুৰ, লামডিং, গোৱালপাৰা টাউন, আলিপুৰদুৱাৰ, নিউ জলপাইগুড়ী, ৰামপুৰহাট, খড়গপুৰ, ভুৱনেশ্বৰ, বিশাখাপত্তনম আৰু বিজয়ৱাড়া হৈ ইয়াৰ গন্তব্যস্থানত উপস্থিত হ’ব।
৪ জুলাইৰ পৰা ২৯ আগষ্ট, ২০২৩লৈ প্ৰতি মঙলবাৰে ৰে’ল নং. ০৯৫২৫ (ওখা-নাহৰ লাগুণ) গ্ৰীষ্মকালীন বিশেষ ৰে’লখনৰ সেৱা ০৯ (ন )টা ট্ৰিপৰ বাবে ওখাৰ পৰা নাহৰ লাগুণলৈ সম্প্ৰসাৰিত কৰা হব।
একেদৰে, ৮ জুলাইৰ পৰা ২ছেপ্টেম্বৰ, ২০২৩ লৈ প্ৰতি শনিবাৰে ৰে’ল নং ০৯৫২৬ (নাহৰলাগুণ-ওখা) গ্ৰীষ্মকালীন বিশেষ ৰে’লখনৰ সেৱা নাহৰলাগুণৰ পৰা যাত্ৰা আৰম্ভ কৰি ওখাত উপস্থিত হ’বলৈ আন ০৯ (ন) টা ট্ৰিপৰ বাবে সম্প্ৰসাৰিত কৰা হব। উভয় দিশৰ যাত্ৰাৰ সময়ত এই ৰে’লসমূহ ইয়াৰ গন্তব্যস্থানত উপস্থিত হ’বলৈ হাৰমতী আৰু ৰঙাপাৰা নৰ্থ হৈ চলাচল কৰিব।
ৰে’ল নং ০৮০৪৭ (সাঁতৰাগাছি-গুৱাহাটী) সাপ্তাহিক উৎসৱ বিশেষ ৰে’লখনে ৭ জুলাইৰ পৰা ২৮ জুলাই, ২০২৩লৈ প্ৰতি শুকুৰবাৰে আন ০৪ (চাৰি) টা ট্ৰিপৰ বাবে ইয়াৰ সেৱা সম্প্ৰসাৰিত কৰিব।
একেদৰে, ৮জুলাইৰ পৰা ২৯জুলাই, ২০২৩লৈ প্ৰতি শনিবাৰে ৰে’ল নং ০৮০৪৮ (গুৱাহাটী-সাঁতৰাগাছি) সাপ্তাহিক উৎসৱ বিশেষ ৰে’লখনে আন ০৪ (চাৰি)টা ট্ৰিপৰ বাবে গুৱাহাটীৰ পৰা সাঁতৰাগাছিলৈ ইয়াৰ সেৱা সম্প্ৰসাৰিত কৰিব।
দুয়োখন ৰে’ল গোৱালপাৰা টাউন, নিউ বঙাইগাঁও, নিউ জলপাইগুড়ী, কিশণগঞ্জ, মালদা টাউন আৰু বৰ্দ্ধমান হৈ ইয়াৰ গন্তব্যস্থানত উপস্থিত হ’ব।
এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰি থকা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনোৱা হৈছে।