Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

ভৈৰৱচূড়া পাহাৰৰ ওপৰেৰে মেঘালয়ৰ পৰা ছালাকাটিলৈ পাৰ হৈ যাবলগীয়া প্ৰস্তাৱিত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী প্ৰকল্প বাতিলৰ দাবী

বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন ‘সেউজ মাণিকপুৰ’ৰ উদ্যোগত আপুৰুগীয়া সোণালী বান্দৰৰ বসতিস্থল ভৈৰৱচূড়া পাহাৰৰ ওপৰেৰে মেঘালয়ৰ পৰা ছালাকাটিলৈ পাৰ হৈ যাবলগীয়া প্ৰস্তাৱিত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী প্ৰকল্প বাতিলৰ দাবীত আৰু সোণালী বান্দৰৰ বসতিস্থল সুৰক্ষাৰ দাবীত বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক’ শীৰ্ষক এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰকৃতিপ্ৰেমীসকলে সোণালী বান্দৰক ৰক্ষা কৰক, সোণালী বান্দৰৰ ৰম্যভূমি ভৈৰৱচূড়া ধ্বংস হ’বলৈ দিয়া নহ’ব, ভৈৰৱচূড়া পাহাৰৰ ওপৰেৰে উচ্চ ক্ষমতাসম্পন্ন বিদ্যু্ৎ পৰিবাহী তাঁৰ নিবলৈ দিয়া নহ’ব আদি বিভিন্ন শ্লোগান দিয়ে ৷

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সেউজ মানিকপুৰৰ তৰফৰ পৰা উক্ত প্ৰকল্প বন্ধ কৰি সোণালী বান্দৰৰ লগতে সোণালী বান্দৰৰ আৱাসস্থল ৰক্ষাৰ দাবীত বঙাইগাঁও জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰখন কাৰ্যবাহী দণ্ডাধীশ মগেন নৰহে গ্ৰহণ কৰে ৷

ইপিনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি সংগঠনটোৰ সভাপতি মহীধৰ ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে যি কোনো বিনিময়ৰ মূল্যত সোণালী বান্দৰৰ ৰম্যভূমি ভৈৰৱচূড়া পাহাৰ ৰক্ষা কৰিব লাগিব ৷ সোণালী বান্দৰ অকল অবিভক্ত গোৱালপাৰাৰ গৌৰৱ নহয় বা অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ নহয় ৷

এই প্ৰাণীবিধ সম্পূৰ্ণ গোটেই পৃথিৱীৰ গৌৰৱ ৷ গতিকে সোণালী বান্দৰ জীয়াই ৰখাৰ দায়িত্ব আৰু কৰ্তব্য আমাৰ সকলোৰে আছে ৷ সেই কাৰণে আমি বঙাইগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি সোণালী বান্দৰ আৰু সোণালী বান্দৰৰ হৃদপিণ্ড ভৈৰৱচূড়া পাহাৰ ৰক্ষা কৰক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো৷