NORTHEAST NOW (Assamese)

মোদীৰ জন্মদিন উপলক্ষে বিজেপিৰ সেৱা সপ্তাহ; শিৱসাগৰত তপন গগৈৰ ৰক্তদান

September 14, 2019 5:40 pm · পার্শ্বজোতি গগৈ

অহা ১৭ ছেপ্টেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে বিজেপি দলে আজিৰ পৰা ২০ ছেপ্টেম্বৰ লৈকে পালন কৰিছে সেৱা সপ্তাহ।

আজি বিজেপিৰ মন্ত্ৰী, বিধায়ক আৰু সাংসদসকলে জিলাৰ চৰকাৰী চিকিৎসালয়সমূহত ৰক্তদান কৰি সেৱা সপ্তাহ কাৰ্যসূচী শুভাৰম্ভণি কৰে।

ইয়াৰে অংশ হিচাপে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰক্তদান কৰে। ৰক্তদান কৰি সাংসদ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক শক্তিশালী ৰাষ্ট্ৰ হিচাপে বিশ্বৰ মানচিত্ৰত জিলিকাই তুলিছে’।

‘প্ৰধান মন্ত্ৰীয়ে তেখেতৰ জন্মদিন কেক কাটি পালন কৰাৰ পৰিৱৰ্তে ৰাইজৰ সেৱা কৰিবলৈ আহ্বান জনোৱাত বিজেপি দলে আজিৰ পৰা ২০ ছেপ্টেম্বৰলৈকে সেৱা সপ্তাহ হিচাপে পালন কৰিছে।’ তেওঁ কয়।

সেৱা সপ্তাহৰ দিনকেইটাত বিজেপিয়ে ৰক্তদান, বৃক্ষৰোপণ, ফল বিতৰণ, স্বচ্ছ অভিযান কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি গগৈয়ে লগতে কয় যে মোদীৰ নেতৃত্বত ভাৰত ‘বিশ্বগুৰুত’ পৰিণত হ’ব।

Related News