• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিধানসভা নিৰ্বাচন: ৰণত পৰিল কেইবাগৰাকীও প্ৰাক্তন মুখ্যমন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2022 9:36 am
Former chief ministers who lost assembly election
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঁচ খনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হৈছে। ইয়াৰে ভিতৰত উত্তৰ প্ৰদেশকে ধৰি চাৰিখনকৈ ৰাজ্যত বিজেপিয়ে বিজয়ধ্বজা উৰোৱাৰ লগতে পঞ্জাৱ দখল কৰিছে আম আদমী পাৰ্টিয়ে।

লক্ষ্যণীয়ভাৱে নিৰ্বাচনটোত মুখথেকেচা খাইছে বহুকেইজন হাইপ্ৰফাইল নেতাই। ইয়াৰ ভিতৰত আছে কেইবাজনো মুখ্যমন্ত্ৰীও। এই চমু প্ৰতিবেদনত চাও আহক, কোনকেইজন মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনটোত পৰাজয়বৰণ কৰিছে।

Apply Now

প্ৰথমেই নাম ল’ব লাগিব কেপ্টেইন অমৰিন্দৰ সিঙৰ। পঞ্জাৱৰ এই প্ৰাক্তন মুখ্যমন্ত্ৰীজনে নিজৰ সমষ্টি পাটিয়ালাত পৰাজয়বৰণ কৰিছে। তেওঁৰ বিৰুদ্ধে বিজয়ী হয় আপ প্ৰাৰ্থী আজিত পাল সিং কহলী।

ফলাফলৰ ঘোষণা অনুসৰি কেপ্টেইন সিঙে ২২,৮৬৮ টা ভোট লাভ কৰাৰ বিপৰীতে আপৰ কহলীয়ে লাভ কৰিছে ৩৩,১৪২টা ভোট।

উল্লেখযোগ্য যে পাঞ্জাৱ লোক কংগ্ৰেছ নামেৰে এটা নতুন দল গঠন কৰি নিৰ্বাচনত অংশ লোৱা কেপ্টেইন সিং পূৰ্বে আছিল কংগ্ৰেছত। কংগ্ৰেছৰ পৰাই ২০১৭ চনত মুখ্যমন্ত্ৰীৰ পদবীও লাভ কৰিছিল।

পাটিয়ালাৰ মহাৰাজা হিচাপে খ্যাত এই হেভীৱেইট নেতাজনৰ পৰাজয় অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

কেৱল কেপ্টেইন অমৰিন্দৰ সিঙেই নহয়, পাঞ্জাৱৰ নিৰ্বাচনত মুখথেকেচা খাইছে ৰাজ্যখনৰ শাসনাধীষ্ঠ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলেও।

চৰণজীৎ সিং চান্নীয়ে দুটাকৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। সমষ্টি দুটা হৈছে- চামকৌৰ চাহিব আৰু ভাদাউৰ। চামকৌৰ চাহিবৰ পৰা চান্নীয়ে ২০০৭ চনৰ পৰা বিজয়ী হৈ আহিছে। কিন্তু আজি তেওঁ আপ প্ৰাৰ্থী ডঃ চৰণজিৎ সিঙৰ হাতত পাঁচ হেজাৰ ভোটৰ ব্যৱধানত পৰাজিত হয়।

আনহাতে, চান্নীয়ে প্ৰতিদ্বন্দিতা কৰা আনটো সমষ্টি ভাদাউৰতো তেওঁ আপ প্ৰাৰ্থী লাভ সিং উগকেৰ হাতত তেত্ৰিশ হাজাৰ ভোটৰ বিশাল ব্যৱধানত পৰাজয়বৰণ কৰে।

আনহাতে প্ৰকাশ সিং বাদল হৈছে শিৰোমণি আকালি দলৰ আটাইতকৈ জ্যেষ্ঠ নেতা। সাতটাকৈ দশকজুৰি পঞ্জাৱৰ ৰাজনীতিত দপদপাই থকা বাদলে চাৰিবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল।

কিন্তু আজি নিজৰ সমষ্টি লাম্বীত আম আদমী পাৰ্টিৰ গুৰমীত সিং খুদিয়ানৰ হাতত পৰাজীত হ’ব লগা হয় জ্যেষ্ঠ নেতাজন। তেওঁলোকৰ মাজত ভোটৰ ব্যৱধান হৈছে এঘাৰ হাজাৰ তিনিশ সাতাৱন্নটা।

কেৱল পাঞ্জাৱেই নহয়, উত্তৰাখণ্ডতো কেইবাজনো প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে পৰাজয়বৰণ কৰা দেখা গৈছে। আনকি বিজেপি শাসিত ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনেই পৰাজিত হৈছে। তেওঁ হৈছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী।

লক্ষ্যণীয়ভাৱে ধামীৰ মুখ্যমন্ত্ৰীত্বতে ৰাজ্যখনত নিৰ্বাচন খেলিছিল বিজেপিয়ে। কিন্তু নিজৰ সমষ্টি খাটিমাত কংগ্ৰেছৰ ভুৱন চন্দ্ৰ কাপ্ৰীৰ হাতত প্ৰায় ৭০০০টা ভোটত পৰাজয়বৰণ কৰে ধামীয়ে।

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ জুলাইত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে বিজেপিয়ে নিৰ্বাচিত কৰিছিল ৪৬ বৰ্ষীয় ধামীক।

ধামীৰ দৰেই পৰাজিত হ’ব লগা হৈছে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিশ ৰাৱাট।ৰাৱাটৰ সমষ্টি লালকুৱাত ১৪,০০০টা ভোটত বিজয়ী হৈছে বিজেপিৰ মোহন বিষ্ট।

উল্লেখযোগ্য যে উত্তৰাখণ্ড কংগ্ৰেছৰ অন্যতম শীৰ্ষ নেতা ৰাৱাটে চাৰিবাৰকৈ সাংসদ নিৰ্বাচিত হৈ আহিছে। ২০১৬ চনত তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছিল।

এনেদৰে কেইবাজনো প্ৰাক্তন আৰু চলিত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত পৰাস্ত হোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd