• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঙিয়া-তামুলপুৰ-ভূটান পথত সংঘটিত পৃথক পৃথক পথ দুৰ্ঘটনাত কিশোৰীসহ আহত হৈছে কেবাজনো লোক

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
December 26, 2020 9:00 pm
index.jpgx
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কিছুদিন ধৰি ৰঙিয়া-তামুলপুৰ-ভূটান পথত ক্ৰমাৎ বৃদ্ধি পাইছে পথ দুৰ্ঘটনা।

এই পথছোৱাত দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত ইতিমধ্যে কেইবাজনো লোকৰ প্ৰাণ হানি হোৱাই নহয় বহু কেইজন লোকে পঙ্গুত্ব জীৱন কটাবলগীয়া হৈছে।

Apply Now

যোৱা নিশা ৮ মান বজাত ৰঙিয়া-তামুলপুৰ-ভূটান পথৰ ভাংবাৰীত এক পথ দুৰ্ঘটনাত এজন মটৰ চাইকেল চালক গুৰুতৰ ভাবে আহত হয়।

আহত লোক জন হৈছে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বতিয়ামাৰী গাঁওৰ মনেশ্বৰ দৈমাৰীৰ পুত্ৰ ফিংৰা দৈমাৰী (২৯) ।

জানিব পৰা মতে ফিংৰা দৈমাৰীয়ে কুমাৰীকাটাৰ পৰা নিজ গৃহ বতিয়ামাৰীলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰাই ভাংবাৰীত পথ দুৰ্ঘটনাত পতিত হয়।

পথ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলভজ্যোতি নাথৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে স্থানীয় লোকৰ সহায়ত ফিংৰা দৈমাৰীক উদ্ধাৰ কৰি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে।

ইয়াৰ পুনৰ  যোৱা নিশা ১১ মান বজাত ভূটানৰ পৰা তামুলপুৰ-ৰঙিয়া হৈ নেপাল অভিমুখী জিপচন কঢ়িয়াই নিয়া আৰ জে ৩৬ জি এ ৫৮১১  নম্বৰৰ ওঠৰ চকীয়া টেইলৰ ট্ৰাক এখনে ৰঙিয়া-তামুলপুৰ-ভূটান-পথৰ জামুগুৰীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে।

ট্ৰাকখন বাগৰি পৰাৰ ফলত ১১ হাজাৰ ভোল্ট বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা ভাঙি যোৱাত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে সমগ্ৰ অঞ্চলটো। দুৰ্ঘটনাটোত চালক আৰু খালাচীজন সৌভাগ্য ক্ৰমে ৰক্ষা পৰে।

পথ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলভজ্যোতি নাথৰ নেতৃত্বত এটি আৰক্ষীৰ দল পথ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু আহত গাড়ীচালক আৰু খালাচীজনক উদ্ধাৰ কৰি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতললৈ প্ৰেৰণ কৰে।

ইপিনে কালি সন্ধিয়া ভাৰত-ভূটান সীমান্তৰ কালানদীৰ পাৰৰ আলুখুন্দাত বনভোজ খাই উভতি অহাৰ সময়ত এ এছ -০১- বি ৱাই- ৪১৩৮ নম্বৰৰ এখন স্কৰপিও বাহন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাটোৰ ফলত নলবাৰী শান্তিপুৰৰ কেইবাগৰাকী লোক আহত হয়। আহতসকলৰ ভিতৰত বিপুল বল্লভ শৰ্মাৰ ১৩ বছৰীয়া কন্যা সন্তান মৈত্ৰী পৰাশৰ গুৰুতৰ ভাবে আহত হয়।

আহত মৈত্ৰীক কুমাৰীকাটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd