• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিনেমাৰ নায়িকা কৰাৰ নামত হোটেলত মহিলাক ধৰ্ষণ? দক্ষিণৰ জনপ্ৰিয় তাৰকাৰ বিৰুদ্ধে অভিযোগ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2024 11:21 am
জনপ্ৰিয় মালয়ালম তাৰকা নিভিন পৌলিৰ বিৰুদ্ধে উঠিছে ধৰ্ষণৰ অভিযোগ! ফটোঃ সংগ্ৰহীত।

জনপ্ৰিয় মালয়ালম তাৰকা নিভিন পৌলিৰ বিৰুদ্ধে উঠিছে ধৰ্ষণৰ অভিযোগ! ফটোঃ সংগ্ৰহীত।

381
VIEWS
Share on FacebookShare on Twitter

ন্যায়াধীশ কে হেমা কমিটীৰ প্ৰতিবেদনত মালয়ালম চলচ্চিত্ৰ জগতত নাৰীৰ ওপৰত হোৱা নিৰ্যাতন আৰু বৈষম্যৰ বিষয় তুলি ধৰা হৈছে। শেহতীয়াকৈ মালয়ালম তাৰকা মোহনলালে দায়বদ্ধতা স্বীকাৰ কৰি ‘এছ’চিয়েচন অৱ মালয়ালম মুভি আৰ্টিষ্টেছ’ৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পিছতে এইবাৰ জনপ্ৰিয় মালয়ালম তাৰকা নিভিন পৌলিৰ বিৰুদ্ধে উঠিছে ধৰ্ষণৰ অভিযোগ!

হেমা কমিটীৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছৰে পৰা দক্ষিণৰ মনোৰঞ্জন জগতখনত পতন নামি আহিছে। মালয়ালম চলচ্চিত্ৰ তাৰকা নিভিন পৌলিৰ বিৰুদ্ধে এগৰাকী মহিলাই অভিযোগ উত্থাপন কৰিছে যে নিভিনে যোৱা বছৰ ডুবাইৰ এখন হোটেলত তেওঁক ডাঙৰ পৰ্দাত কাম দিয়াৰ প্ৰতিশ্ৰুতি দি ধৰ্ষণ কৰিছিল।

লগতে পঢ়কঃ প্ৰয়োজন নহ’ব চশমাৰ! ভাৰতত অনুমোদন লাভ কৰিলে অভিনৱ আই ড্ৰপ PresVuয়ে

তেওঁ লগতে অভিযোগ কৰিছে যে কেৱল নিভিন পৌলিয়ে নহয়, এগৰাকী চিনেমা প্ৰযোজক আৰু আন চাৰিজন লোকেও মহিলাগৰাকীক যৌন নিৰ্যাতন চলাইছিল!

অৱশ্যে নিভিনে কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপিত ধৰ্ষণৰ অভিযোগ সম্পূৰ্ণ মিছা। তাৰ লগতে অভিযোগকাৰীৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সদৰী কৰে। জানিব পৰা মতে, আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা মহিলাগৰাকী এৰ্নাকুলাম জিলাৰ বাসিন্দা।

সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত নিভিন পৌলীয়ে ইনষ্টাগ্ৰামত নিজৰ প্ৰফাইলত এটা পোষ্ট দি নিজৰ বক্তব্য দাঙি ধৰে। তেওঁ লিখিছে, “মই গম পালোঁ যে মোৰ বিৰুদ্ধে এগৰাকী মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। অনুগ্ৰহ কৰি জানি থওক যে অভিযোগটো সম্পূৰ্ণ মিছা। সেই অভিযোগৰ কোনো সত্যতা নাই। এইটো প্ৰমাণ কৰিবলৈ মই যি কৰিব লাগিব সেয়া কৰিম। এতিয়াৰ পৰা বাকীবোৰ আইন অনুসৰি আগবাঢ়িব।’’

লগতে পঢ়কঃ বিজেপিৰ সৈতে ‘মতানৈক্য’ স্বীকাৰ আৰএছএছৰ; সংঘৰ দাবী এয়া ‘পৰিয়ালৰ সমস্যা’

উল্লেখ্য যে কেৰালা চৰকাৰে হেমা কমিটীৰ প্রতিবেদনৰ ভিত্তিত এটা বিশেষ তদন্তকাৰী দল গঠন কৰিছে৷ 

Recent News

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd