DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যৌন কেলেংকাৰি গোচৰৰ সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ৰাজেন গোহাঁই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2019 12:35 pm
Rajen Gohain

কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই। ফাইল ফটো।

474
VIEWS
Share on FacebookShare on Twitter

এটা যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইক ১৪ ফেব্ৰুৱাৰি অৰ্থাৎ বৃহস্পতিবাৰে নগাঁও আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল যদিও হাজিৰ নহ’ল আদালতত।

নগাঁও আদালতত হাজিৰ হোৱাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালীন স্থগিতাদেশ দিয়াৰ বাবেহে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বৃহস্পতিবাৰে আদালতত হাজিৰ হোৱা দেখা নগ’ল।

উল্লেখযোগ্য যে বিজেপিৰ সাংসদ তথা মন্ত্ৰীজনে নগাঁও জিলাৰ দেউৰী গাঁৱৰ বিজেপিৰ যুৱ মৰ্চাৰ এজন সদস্যৰ পত্নীক দীৰ্ঘদিন ধৰি যৌন নিৰ্য্যাতন চলাই আহিছিল বুলি যোৱা বৰ্ষৰ ২ আগষ্টত যুৱ মৰ্চাৰ সদস্যজনৰ পত্নীয়ে নগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল।

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰথমে গোচৰ ৰুজু কৰা নাছিল যদিও পিছত দল-সংগঠন তথা সংবাদ মাধ্যমৰ হেচাত সেয়া কৰিবলৈ বাধ্য হয়। আনহাতে গোচৰটোত মন্ত্ৰী ৰাজেন গোহাঁইক নগাঁৱৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলোৱা বুলিও অভিযোগ উত্থাপিত হৈছিল।

উল্লেখ্য যে গোচৰটো উঠাই লোৱাৰ বাবে ৰাজেন গোহাঁয়ে ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ স্বামীক বিভিন্ন প্ৰলোভন দিছিল যদিও পিছত সেই গোচৰটো চলাই নিয়াৰ সংকল্প লয় বুলি ভুক্তভোগী পৰিয়ালটোৱে আদালতক জনায়।

ইয়াৰ পিছতে নগাঁও আদালতে গোহাঁইৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষীয়ে আদালতত দাখিল কৰা চূড়ান্ত প্ৰতিবেদনখন অগ্ৰাহ্য কৰি গোচৰটো চলোৱাৰ সিদ্ধান্ত লৈছিল।

নগাঁও আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংগীতা গগৈৰ আদালতে ৰাজেন গোহাঁইৰ গোচৰটো সন্দৰ্ভত যোৱা ২০ নবেম্বৰত এটা নিৰ্দেশনা জাৰি কৰিছিল, য’ত ৰাজেন গোহাঁইক ৮ জানুৱাৰিত সোঁশৰীৰে আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল। কিন্তু সেই দিনাও আদালতত উপস্থিত হোৱা নাছিল মন্ত্ৰী ৰাজেন গোহাঁই।

মন কৰিব লগীয়া যে ৰাজেন গোহাঁয়ে উক্ত মহিলাগৰাকীৰ উপৰি তেওঁৰ এগৰাকী ননদকো চাকৰিৰ প্ৰলোভনেৰে যৌন শোষণ কৰি আহিছিল বুলি অভিযোগ আনিছিল বিজেপি যুৱ মৰ্চাৰ সদস্যজনে।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd