NORTHEAST NOW (Assamese)

যৌন কেলেংকাৰি গোচৰৰ সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ৰাজেন গোহাঁই

February 15, 2019 12:35 pm · এন ই নাও নিউজ
কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই। ফাইল ফটো।

এটা যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইক ১৪ ফেব্ৰুৱাৰি অৰ্থাৎ বৃহস্পতিবাৰে নগাঁও আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল যদিও হাজিৰ নহ’ল আদালতত।

নগাঁও আদালতত হাজিৰ হোৱাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালীন স্থগিতাদেশ দিয়াৰ বাবেহে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বৃহস্পতিবাৰে আদালতত হাজিৰ হোৱা দেখা নগ’ল।

উল্লেখযোগ্য যে বিজেপিৰ সাংসদ তথা মন্ত্ৰীজনে নগাঁও জিলাৰ দেউৰী গাঁৱৰ বিজেপিৰ যুৱ মৰ্চাৰ এজন সদস্যৰ পত্নীক দীৰ্ঘদিন ধৰি যৌন নিৰ্য্যাতন চলাই আহিছিল বুলি যোৱা বৰ্ষৰ ২ আগষ্টত যুৱ মৰ্চাৰ সদস্যজনৰ পত্নীয়ে নগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল।

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰথমে গোচৰ ৰুজু কৰা নাছিল যদিও পিছত দল-সংগঠন তথা সংবাদ মাধ্যমৰ হেচাত সেয়া কৰিবলৈ বাধ্য হয়। আনহাতে গোচৰটোত মন্ত্ৰী ৰাজেন গোহাঁইক নগাঁৱৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলোৱা বুলিও অভিযোগ উত্থাপিত হৈছিল।

উল্লেখ্য যে গোচৰটো উঠাই লোৱাৰ বাবে ৰাজেন গোহাঁয়ে ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ স্বামীক বিভিন্ন প্ৰলোভন দিছিল যদিও পিছত সেই গোচৰটো চলাই নিয়াৰ সংকল্প লয় বুলি ভুক্তভোগী পৰিয়ালটোৱে আদালতক জনায়।

ইয়াৰ পিছতে নগাঁও আদালতে গোহাঁইৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষীয়ে আদালতত দাখিল কৰা চূড়ান্ত প্ৰতিবেদনখন অগ্ৰাহ্য কৰি গোচৰটো চলোৱাৰ সিদ্ধান্ত লৈছিল।

নগাঁও আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংগীতা গগৈৰ আদালতে ৰাজেন গোহাঁইৰ গোচৰটো সন্দৰ্ভত যোৱা ২০ নবেম্বৰত এটা নিৰ্দেশনা জাৰি কৰিছিল, য’ত ৰাজেন গোহাঁইক ৮ জানুৱাৰিত সোঁশৰীৰে আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল। কিন্তু সেই দিনাও আদালতত উপস্থিত হোৱা নাছিল মন্ত্ৰী ৰাজেন গোহাঁই।

মন কৰিব লগীয়া যে ৰাজেন গোহাঁয়ে উক্ত মহিলাগৰাকীৰ উপৰি তেওঁৰ এগৰাকী ননদকো চাকৰিৰ প্ৰলোভনেৰে যৌন শোষণ কৰি আহিছিল বুলি অভিযোগ আনিছিল বিজেপি যুৱ মৰ্চাৰ সদস্যজনে।

Related News