• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অর্থনৈতিকভাৱে দুর্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰখাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ এছ এফ আই আৰু ডি ৱাই এফ আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2022 3:47 pm
EWS reservations
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ছাত্র ফেডাৰেছন (এছ এফ আই ) আৰু ভাৰতৰ গণতান্ত্রিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)-এ আজি অর্থনৈতিকভাৱে দূর্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰখাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে উপায়ুক্তক এছ এফ আই আৰু ডি এফ আইৰ এক প্রতিনিধি দলে সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।

এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাস, ৰাজ্যিক যুটিয়া সম্পাদক হিমাংশু বৰা, সম্পাদকমণ্ডলীৰ সদস্য অনুজা ডেকা আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথেৰে গঠিত প্রতিনিধি দলটোৱে স্মাৰক পত্ৰ প্ৰদান কৰে।

Apply Now

উল্লেখ্যযোগ্য যে, আজি সংগঠন দুটাই ৰাজ্যৰ প্ৰতিখন জিলাই জিলাই স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। যোৱা ২১ ডিচেম্বৰত এক জাননীৰ জৰিয়তে অসম চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত কাৰ্যকৰী হৈ থকা আর্থিকভাবে দুর্বল শ্ৰেণী (ইডব্লিউ এছ)ৰ সংৰক্ষণ ব্যৱস্থা স্থগিত ৰাখিবলৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সিদ্ধান্তত দুয়োটা সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

এই সিদ্ধান্তই সমাজৰ এক বৃহৎ অংশৰ যুৱক-যুৱতীৰ ক্ষতি কৰিব বুলি সংগঠন দুটাই আশংকা প্ৰকাশ কৰে। ভাৰতৰ ছাত্র ফেডাৰেচন আৰু ভাৰতৰ গণতান্ত্রিক যুব ফেডাৰেচনে এই সিদ্ধান্ত বাতিল কৰি অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰখাৰ দাবী জনাইছে।

মন কৰিবলগীয়া যে অসম চৰকাৰে ২০১১ চনৰ ২ ফেব্ৰুৱাৰী আৰু ১০ এপ্ৰিলত সুকীয়া ‘অফিচ মেম’ৰেণ্ডাম’ যোগে ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াত দহ শতাংশ পদ সংৰক্ষণ কৰিছিল। এনে সংৰক্ষণ ব্যৱস্থাৰ বাবে বিগত সময়ছোৱাত বহু দুখীয়া ঘৰৰ যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল।

কিন্তু যোৱা ২১ ডিচেম্বৰত অসম চৰকাৰৰ কর্মচাৰী বিভাগে ২০১৯ চনত বলৱৎ কৰা অফিচ মেম ৰেণ্ডামখন স্থগিত ৰাখি চৰকাৰী নিযুক্তি প্রক্রিয়াত আর্থিকভাবে দুর্বল শ্ৰেণীৰ বাবে থকা ১০ শতাংশ পদ সংৰক্ষণ ব্যৱস্থাত নিষেধাজ্ঞা বলৱৎ কৰে। এই নিষেধাজ্ঞাই এক বিৰূপ প্ৰভাৱ পেলাব বুলি মত পোষণ কৰি এই সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰিছে দুয়োটা সংগঠনে।

ইয়াৰ লগতে স্মাৰক পত্ৰৰ জৰিয়তে আর্থিকভাৱে দুৰ্বল শ্ৰেণীৰ সংৰক্ষণৰ সম্পৰ্কত কিছু মত দাঙি ধৰিছে এছ এফ আই আৰু ডি ৱাই এফ আই- এ। স্মাৰক পত্ৰ খনত সংগঠন দুটাই কয়, “প্রথমে, ই ডব্লিউ এইছ সংজ্ঞা নিৰ্ধাৰণৰ মাপকাঠীক লৈ আমি কিছু দিশ বিবেচনা কৰাৰ দাবী জনাইছোঁ।”

“অসম চৰকাৰে ই ডব্লিউ এইছ কোটাত সংৰক্ষণৰ সুবিধা লাভৰ বাবে পৰিয়াল এটাৰ বছৰেকীয়া আয় আৰু সম্পত্তিৰ ক্ষেত্ৰত থকা নিৰিখে যি প্রকৃত দৰিদ্ৰ আৰু নিঃস্ব নহয়, তেনে বৃহৎ জনসংখ্যাক এই সংৰক্ষণৰ সুবিধাসমূহ লাভ কৰিবলৈ সুযোগ দিব। কার্যতঃ ইয়াৰ ফলত দুখীয়াৰ মাজত বৈষম্যৰ সৃষ্টি হয়। গতিকে চৰকাৰে এই দিশটো বিশেষভাবে পর্যালোচনা কৰাৰ প্ৰয়োজন আছে।”

“দ্বিতীয়তে মুঠ আসনৰ ১০ শতাংশ সংৰক্ষণৰ বাবে নিৰ্ধাৰণ কৰা সঠিক হ’ব নে অসমৰ জনগাঁথনিলৈ বিবেচনা কৰি তাক পুনৰ নিৰ্ধাৰণ কৰাৰ প্রয়োজন থাকিব পাৰে সেই দিশটোও পর্যালোচনা কৰাৰ প্ৰয়োজন আছে। তৃতীয়তে বিগতসময়ত ই ডব্লিউ এছৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ ক্ষেত্ৰত বিভিন্ন দুর্নীতিৰ অভিযোগ উত্থাপন হৈছে। ভুৱা প্ৰমাণ পত্ৰ যাতে ব্যবহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষ মনযোগ দিয়াৰ প্রয়োজন আছে।

এই দিশসমূহ উত্থাপন কৰি আমি পুনৰ ক’ব বিচাৰোঁ যে ই ডব্লিউ এছৰ সংৰক্ষণৰ ব্যৱস্থা অসমত বাহাল ৰখাৰ প্ৰয়োজন। ইয়াৰ সংশোধনী কৰি ত্রুটিসমূহ আঁতৰ কৰা প্ৰয়োজন কিন্তু ইয়াক বাতিল কৰাৰ সিদ্ধান্ত গ্রহণযোগ্য নহয়। আমি অসম চৰকাৰক নিযুক্তিৰ ক্ষেত্ৰত থকা আর্থিকভাবে দুর্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰাখিবলৈ দাবী জনালোঁ।”- স্মাৰক পত্ৰত এইদৰে উল্লেখ কৰে এছ এফ আই আৰু ডি বাই এফ আই- এ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd