• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লজ্জাজনক! মোদীৰ “A” ফৰ “Assam” ৰ স্থান ভাৰতৰ ৩৬ খন ৰাজ্যৰ ভিতৰতে ৩০ নম্বৰত কিয়?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 19, 2021 9:08 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

A For Assam………. অৰ্থ্যাৎ ভাৰতৰ ৩৬ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ অসম। আপোনাৰো নিশ্চয়কৈ এগৰাকী অসমৰ বাসিন্দা হিচাপে এই কথা শুনি গৌৰৱ অনুভৱ হৈছে। কিন্তু এয়া প্ৰকৃততে সত্য নে?

মোদীয়ে সেই সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসমক দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰিব অৰ্থ্যাৎ সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী বনালেহে এয়া সম্ভৱ হ’ব।

Apply Now

মোদীৰ মতে ‘A for Assam’ বুলি সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ হ’লে সৰ্বানন্দ সোণোৱালৰ চৰকাৰ শাসনলৈ আনিব লাগিব।

৮ এপ্ৰিল, ২০১৬ চন। তেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ A For Assam ফৰ্মুলাৰ সপোন বাস্তৱায়িত কৰিবলৈ অতি দৃঢ়তাৰে কাম কৰি যাম বুলি ঘোষণা কৰিছিল।

এনে বহু প্ৰতিশ্ৰুতিপূৰ্ণ ভাষণ অংশ এতিয়া আপুনি য়ু-টিউব বা ফেচবুকত চাৰ্চ কৰিলে দেখা পাব। কিন্তু এতিয়া সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীয়ে A For Assam বুলি পঢ়িবলৈ সক্ষম হৈছে নে? দুৰ্ভাগ্যৰ কথা এয়ে যে বিজেপিৰ ‘শ্ৰেষ্ঠতম অসম’ এতিয়া দেশৰ ৩০ নং স্থানতে আছে।

তাৰ বিপৰীতে প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত দেশৰ প্ৰথম স্থানত অসম আৰু শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত অসমৰ স্থান তৃতীয়। ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্যত এই কথা প্ৰকাশ পাইছে।

তাৰোপৰি ভাৰতৰ ভিতৰতে অসমতে সৰ্বাধিক হাৰত ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰে। ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে সংসদত দিয়া তথ্য অনুসৰি প্ৰাথমিক পৰ্য্যায়ত ১০.১ শতাংশ আৰু মাধ্যমিক পৰ্য্যায়ত ৩৩.৭ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰিছে।

অথচ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক সপোন দেখুৱাইছিল তথা শিক্ষাখণ্ডত অভূতপূৰ্ব উন্নয়ন সাধন কৰা বুলি দাবী কৰে দক্ষ তথা প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে. বিজেপিৰ শাসনৰ সময়ছোৱাত ৫ বছৰত অসমক ইতিবাচক কোনো দিশতে ১ নং ৰাজ্যত পৰিণত কৰিব নোৱাৰিলে। এই অভিযোগ ৰাইজৰ দলৰ।

ইয়াৰোপৰি, প্ৰকৃত স্থিৰ পুঁজি গঠনত ভাৰতৰ ভিতৰত অসমৰ স্থন ২৮ নম্বৰ, সামগ্ৰিক বহনক্ষম উন্নয়নত দেশৰ ৰাজ্যসমূহৰ ভিতৰত ৩০ নম্বৰ স্থানত হোৱাৰ লগতে ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য মতে জনমুৰি বিদ্যুৎ লাভৰ ক্ষেত্ৰত অসমৰ স্থান ৩৪ নম্বৰত আছে বুলি আজি সম্বোধন কৰা এক সংবাদমেলত দাবী কৰে ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্কোডি শইকীয়াই।

ইপিনে তেওঁ জনোৱা অনুসৰি স্বাধীনোত্তৰ কালছোৱাৰ পৰা ২০১৬ চনলৈকে ৰাজ্যৰ ঋণৰ বোজা আছিল ৩২,৮৬৩ কোটি টকা। মাত্ৰ ৫ বছৰত এই ধাৰ বৃদ্ধি পালেগৈ ৬৮,৩২২ কোটি অৰ্থ্যাৎ এই পাঁচ বছৰত বিজেপিয়ে ধাৰ ল’লে ৩৫,৪৫৯ কোটি টকা।

এতিয়া পুনৰ আকৌ A For Assam নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতিৰে ৰাইজৰ কাষ চাপি ভোট ভিক্ষা কৰিব নেকি বিজেপিয়ে? নে অন্য নতুন স্বপ্ন লৈ আনিব বিজেপিয়ে। বিজেপি চৰকাৰে কি কি প্ৰতিশ্ৰুতিৰে এইবাৰ ৰাইজৰ কাষ চাপিব।

তাক লৈ কেইটামান প্ৰত্যাহ্বান জনালে ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই কয় ‘তেওঁলোকে ২৩ লাখ নিৱনুৱাক সংস্থাপন দিয়া হ’ল বুলি ৰাইজৰ পৰা ভোট বিচাৰক, তেওঁলোকে ঘৰে ঘৰে বিদ্যুৎ দিয়া বুলি কৈ ৰাইজৰ পৰা ভোট বিচাৰক, মূল্যবৃদ্ধি ৰোধ কৰা হ’ল বুলি তেওঁলোকে ভোট বিচাৰক। বা তেওঁলোকে পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰক।‘

নিশ্চয়কৈ A For Assam ৰ ফৰ্মুলা অসমৰ ক্ষেত্ৰত ভাষণৰ দৰেই কাৰ্য্যক্ষেত্ৰত প্ৰযোজ্য হোৱাহেঁতেন আজি অসম দেশৰ ভিতৰতে উন্নতিৰ শিখৰত থাকিলহেঁতেন।

কিন্তু এতিয়া যেন বিজেপিৰ দক্ষ নেতাৰ মুখত উন্নয়নৰ সলনি ফুটিছে মোগলৰ আক্ৰমণ, সভ্যতাৰ যুঁজ, মিঞা মিউজিয়ামৰ প্ৰসংগ। পৰিৱৰ্তন ৰাইজে বিচাৰিছিল কিন্তু বিজেপি চৰকাৰে কৰা এনে পৰিৱৰ্তনো কাৰো কাম্য নহয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd