আই পি এল ২০২০ত চেন্নাই ছুপাৰ কিংছ দলৰ হৈ খেলা অষ্ট্ৰেলিয়া দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ শ্বেন ৱাটছনে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে।
এতিয়াৰে পৰা ৱাটছনক আৰু আই পি এল নাইবা অন্যধৰণৰ টুৰ্ণামেণ্টত দেখা পোৱা নাযাব।
চলিত আই পি এলৰ অন্তিমখন লীগ মেচত খেলিবলৈ সুযোগ নোপোৱা ৱাটছনক চেন্নাই ছুপাৰ কিংছে ২০১৮ চনত দলৰ সৈতে চুক্তিবদ্ধ কৰিছিল।
উল্লেখ্য যে ২০১৬ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৱাটছনে।
অষ্ট্ৰেলিয়াৰ এইগৰাকী অন্যতম সফল অলৰাউণ্ডাৰে চেন্নাই দলৰ হৈ আই পি এলত কেইবাটাও গুৰুত্বপূৰ্ণ আৰু ৰোমাঞ্চকৰ ইনিংছ খেলিছে।
চেন্নাইৰ হৈ খেলা ইনিংছৰ ভিতৰত ৱাটছনে অন্যতম আকৰ্ষণীয় তথা স্মৰণীয় ইনিংছটো খেলিছিল ২০১৯ বৰ্ষৰ আই পি এলৰ ফাইনেলত।
যোৱা বছৰ মুম্বাইৰ বিৰুদ্ধে ফাইনেলত ৱাটছনে ৮০ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। মেচখনত চেন্নাই পৰাস্ত হৈছিল যদিও অনুৰাগীসকলে সদায় ৱাটছনৰ সেই ইনিংছটো মনত ৰাখিব।
কিয়নো বেট ধৰি থকাৰ মাজতে তেওঁ আঠুত গুৰুতৰভাৱে আঘাত পাইছিল আৰু আঘাতপ্ৰাপ্ত ঠাইৰে ৰক্তক্ষৰণো হৈছিল। কিন্তু আঘাতক অৱজ্ঞা কৰি দলক জয়ী কৰোৱাৰ বাবে যি চেষ্টা চলাইছিল তাৰ বাবে ৱাটছনৰ সেই ইনিংছটো অনুৰাগীসকলৰ মাজত সদায় বিশেষ হিচাপে সজীব হৈ থাকিব।
উল্লেখ্য যে শ্বেন ৱাটছনে আই পি এল কেৰিয়াৰত সৰ্বমুঠ ১৪৫ খন মেচ খেলি ৩৮৭৪ ৰান সংগ্ৰহ কৰাৰ লগতে ৯২টা উইকেটো দখল কৰে। তেওঁ ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈও খেলিছিল।