NORTHEAST NOW (Assamese)

শচীন পাইলটে কংগ্ৰেছ এৰি যাবলৈ ওলোৱাটো অত্যন্ত দুখদায়ক : শশী থাৰুৰ

July 14, 2020 9:53 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

ৰাজস্থানৰ উপ মুখ্য মন্ত্ৰী পদ আৰু ৰাজস্থান কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা শচীন পাইলটক অপসাৰণৰ পাছতে জেষ্ঠ কংগ্ৰেছী নেতা তথা সাংসদ শশী থাৰুৰে মন্তব্য প্ৰকাশ কৰিছে।

”শচীন পাইলটে কংগ্ৰেছ দল এৰি যোৱাটো দুৰ্ভাগ্যজনক আৰু দুখজনক,” সাংসদ শশী থাৰুৰে এইদৰে লিখে।

”মই তেওঁক কংগ্ৰেছ দলৰ এগৰাকী উজ্বল আৰু শ্ৰেষ্ঠ নেতা বুলি গন্য কৰো………আৰু আশাকৰো এয়া সত্য নহওঁক,” থাৰুৰে পুনৰ এইদৰে উল্লেখ কৰে।

আনহাতে, সাংসদ গৰাকীয়ে শচীন পাইলটে কংগ্ৰেছ দল ত্যাগ কৰিব নালাগে বুলি উল্লেখ কৰি দলক শক্তিশালী কৰাৰ হকেহে কাম কৰিব লাগে বুলি কয়।

উল্লেখযোগ্য যে, ৰাজস্থানত মুখ্য মন্ত্ৰী অশোক গেহলট আৰু উপ মুখ্য মন্ত্ৰী শচীন পাইলটৰ মাজত সংঘাট বৃদ্ধি পাইছিল যাৰ পৰিণতিত ৰাজস্থানৰ ৰাজনীতিত তীব্ৰ অস্থিৰতাই দেখা দিছিল।

আজি ৰাজস্থান কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা শচীন পাইলটক অপসাৰণ কৰাৰ লগতে ৰাজস্থানৰ উপ মুখ্য মন্ত্ৰী পদৰ পৰাও অপসাৰণ কৰা হয়।

Related News