NORTHEAST NOW (Assamese)

মোক মাত্ৰ এজন সুস্থ শৰীৰৰ মানুহ দিব লাগিব; চকুলো টুকি নেদেখুৱাও : অখিলৰ পত্নী গীতাশ্রী

July 12, 2020 10:08 am · কল্পজ্যোতি শইকীয়া
কৃষক নেতা অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলী। ফাইল ফটো।

দুদিন পূৰ্বে নিগেটিভ তথা দুদিন পাছত পজিটিভ ওলোৱা অখিল গগৈৰ পত্নী গীতাশ্রী তামুলী এতিয়া অধিক চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে।

নিৰুপায় অখিল পত্নীয়ে ফেচবুক পোষ্টযোগে নিজৰ মনৰ ভাৱখিনি দাঙি ধৰা পৰিলক্ষিত হ’ল।

নিশা দিয়া এটা ফেচবুক পোষ্টত তেওঁ লিখি কয়, “অৱশেষত অপেক্ষাৰ অন্ত হ’ল। তেওঁলোকে নিজৰ পৰা জনাব নোৱাৰিলে। আমাৰ অধিবক্তাই সোধাত উত্তৰ আহিল, ‘পজিটিভ’! আগৰেই পজিটিভ আছিল নেকি? দিল্লীৰ ৰিপৰ্টত কি আহিল? জনাব নোৱাৰিলে। শুনামতে, পৰহিৰ পৰা জি এম চি এইচৰ বিচনা পাৰিয়েই আছে। কৃতজ্ঞ!অতি কৃতজ্ঞ!”

ইপিনে, তামুলী ৰাজনীতি কৰা মানুহ নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয়, “শিক্ষকতা কৰোঁ। মই আন সাধাৰণ মানুহবোৰৰ দৰে কাৰোবাৰ জী, পত্নী আৰু মাতৃ। মোক মাত্ৰ এজন সুস্থ শৰীৰৰ মানুহ দিব লাগিব। আপোনালোকৰ দায়িত্বত আছিল, হে মহামহিম কাৰাগাৰ কৰ্তৃপক্ষ, হে মাননীয় গৃহমন্ত্ৰী মহোদয়!”

তদুপৰি “চকুলো টুকি নেদেখুৱাওঁ” বুলি উল্লেখ কৰি তামুলীয়ে লগতে কয়, “মানৱীয় আবেগৰ দোহাই, অধিকাৰৰ দোহাই। মাতৃ, ভগ্নী, জী, পিতৃ, সন্তান, আৰু সকলো সমব্যথী মানুহৰ শুকাই শিল হোৱা চকুপানীবোৰৰ দোহাই!”

আনহাতে, উক্ত ফেচবুক পোষ্টৰ জৰিয়তে কয়দীসকলক উপযুক্ত চিকিৎসা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় অখিলৰ পত্নীয়ে।

“হয়তো জনমত গঠন নোহোৱা হ’লে, NIAৰ আদালতত আবেদন নজনোৱা হ’লে গোটেই কাৰাগাৰখনৰ মানুহবোৰ অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিলেহেঁতেন!” পোষ্টটোত এইদৰে লিখিছে তামুলীয়ে।

ইপিনে, অখিলৰ কথা কি ক’ম? বুলি উল্লেখ কৰি তেওঁ কয়, “বহু পুৰণা চিকিৎসকে জানে। সাধাৰণ ভাইৰেল জ্বৰতো বছৰি এবাৰ বা দুবাৰ চিকিৎসালয়ত থাকিব লগা হয়। ২০০৩ৰ পৰা চলি থকা ‘য’তে ৰাতি ত’তে কাটি’ জীৱনে শৰীৰ ভংগুৰ কৰি পেলাইছে।”

“লকডাউন! অকলে আছোঁ। জীৱনৰ কঠোৰ অভিজ্ঞতাই এই বয়সতে ক্ষিপ্ত কৰি তোলা ল’ৰাটোক বুকুত সাৱটি। এতিয়া ওলাই যাব নোৱাৰো। মানুহজনক ভালকৈ চাব! অনুনয় নহয়, মানৱীয়তাৰ দাবী, অধিকাৰৰ দাবী!” চৰকাৰৰ স্বাস্থ্য বিভাগলৈ আহ্বান জনাই তামুলীয়ে এইদৰে কয়।

Related News