ডুৰাণ্ড কাপৰ কোৱাৰ্টাৰত শক্তিশালী ইষ্টবেংগলক হৰুৱাই ছেমি ফাইনেলত শ্বিলং লাজং

বুধবাৰে শ্বিলঙত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত শ্বিলং লাজঙৰ হাতত ১-২ গ’লত পৰাস্ত হৈ ইষ্টবেংগল ডুৰাণ্ডৰ পৰা বাহিৰ হয়। এইটো প্ৰতিযোগিতাখনৰ আটাইতকৈ ডাঙৰ অঘটন বুলি বিবেচিত হৈছে।

গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হৈছিল মহামেদান স্প’ৰ্টিং। এইবাৰ বিদায় ল’লে যোৱাবাৰৰ ৰানাৰ্ছ আপ ইষ্টবেংগলে। প্ৰতিযোগিতাত ডাঙৰ ক্লাৱৰ ভিতৰত বৰ্তি আছে কেৱল মোহন বাগান।

শ্বিলঙত ইষ্টবেংগলৰ ছন্দপতন ঘটাটো নতুন কথা নহয়। ইয়াৰ পূৰ্বেও বহুবাৰ আই-লীগত সেয়া দেখা গৈছে। শ্বিলঙৰ ফুটবলাৰসকলৰ গতি আৰু আগ্ৰাসনে ইষ্টবেংগলৰ দৰে দলৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল। বুধবাৰেও তাৰ প্ৰতিফলন ঘটিল। আৰম্ভণিতে পিছ পৰিছিল ইষ্টবেংগল।

লগতে পঢ়কঃ খেলৰ মাজতে খেলপথাৰৰ কোণত প্ৰস্ৰাৱ কৰি আছিল ফুটবলাৰে! ৰঙা কাৰ্ড দেখুৱালে ৰেফাৰীয়ে (চাওক ভিডিঅ’)

বুধবাৰে খেলৰ আৰম্ভণিতে দুৰ্যোগ ঘটে ইষ্টবেংগলৰ। খেলখনৰ ৮ মিনিটত মাৰ্কাছ ৰুডৱাৰৰ গ’লেৰে লাজঙে অগ্ৰগতি লাভ কৰে। কৰ্ণাৰৰ পৰা বলটো গ’লৰ ভিতৰলৈ ঠেলি দিয়ে। খেলখনৰ আৰম্ভণিতে শ্বিলঙে শক্তিশালী ফুটবল খেলে। লাজঙৰ ফুটবলাৰৰ গতিৰ সন্মুখত ইষ্টবেংগলৰ ডিফেন্সৰ কিছু অসুবিধা হৈছিল।

ঘৰুৱা দলটোৱেও প্ৰথমাৰ্ধত গ’লত অধিক শ্বট মাৰিছিল। বিৰতিৰ পূৰ্বে লাজঙে ২-০ গ’লত অগ্ৰগতি লাভ কৰাৰ সুযোগ পাইছিল। কিন্তু মাৰ্কাছৰ হেডটো ক্ৰছপিছত খুন্দা মাৰে। দিনটোৰ প্ৰথম ৪৫ মিনিটত ইষ্টবেংগলৰ চিনাকি ছন্দ দেখা পোৱা নগ’ল। অৱশ্যে ইয়াৰ পিছতো কলকাতাৰ দলটোৱে সমতা স্থাপনৰ সুযোগ লাভ কৰে। খেলখনৰ ২৩ মিনিটত ডেভিদে নন্দকুমাৰৰ ক্ৰছৰ পৰা হেড কৰাৰ সুযোগো লব নোৱাৰিলে। খেলখনৰ ২৯ মিনিটত নন্দকুমাৰৰ শ্বটটো লাজঙৰ গ’লৰক্ষকে পোনপটীয়াকৈ কৰায়ত্ত কৰে।

লাজংক প্ৰশংসা কৰিবই  লাগিব। সৰু সৰু দলবোৰে সাধাৰণতে আগবাঢ়ি গ’লে অলপ টানি ৰাখে। ডিফেন্স শক্তিশালী কৰি খেলে। কিন্তু বুধবাৰে শ্বিলঙৰ দলটোৱে একেৰাহে গ’ল দিবলৈ চেষ্টা কৰি থাকে। শেষলৈকে আক্ৰমণাত্মক ফুটবল খেলে। খেলখনৰ ৩৭ মিনিটত মাৰ্কাছৰ দীৰ্ঘ দূৰত্বৰ শ্বটটো মুঠি মাৰি বিপদ ৰক্ষা কৰে প্ৰভসুখন গিলে। লাজঙে প্ৰত্যাক্ৰমণত আগবাঢ়ে। ৫২ মিনিটত সুযোগ পোৱাৰ পিছতো ছানাই বল বাহিৰলৈ মাৰে। অৱশ্যে ইষ্টবেংগলেও গ’ল দিয়াৰ সমান সুযোগ পায়।

লগতে পঢ়কঃ অলিম্পিকৰ পিছতেই বাঢ়িল অধিক জনপ্ৰিয়তা : আয় ৩ গুণলৈ বৃদ্ধি পালে ৱিনেশ ফ’গাটৰ

খেলখনৰ ৩৯ মিনিটত মাডি তালালৰ গ’লটো অফছাইডৰ বাবে বাতিল হয়।  খেলখনৰ ৭৭ মিনিটত নন্দকুমাৰে সমতা স্থাপন কৰে। পৰিৱৰ্ত ফুটবলাৰ বিষ্ণুৰ ক্ৰছৰ পৰা নন্দকুমাৰে এটা চলন্ত বলত গ’ল কৰে। কিন্তু ডিফেন্সৰ ভুলত হাৰি থাকিল। খেলখনৰ ৮৪ মিনিটত ফিগো চেণ্টাইৰ গ’লত পুনৰ পিছ পৰি ৰ’ল ইষ্টবেংগল। খেলৰ শেষৰপিনে ৰেফাৰীয়ে ইষ্টবেংগলৰ খেলুৱৈসকলৰ হেণ্ডবলৰ আবেদনৰ প্ৰতি গুৰুত্ব নিদিলে। লাজঙে এই ব্যৱধান আৰু বৃ্দ্ধি কৰিব পাৰিলেহেঁতেন। কিন্তু শেষ মুহূৰ্তত ফিগোৰ শ্বটটো গিলে ৰক্ষা কৰে।