দেশৰ এক ঐতিহাসিক কীৰ্তিচিহ্ন তথা এক উল্লেখযোগ্য পৰ্যটনস্থলী ফতেহপুৰ চিক্ৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
ফতেহপুৰ চিক্ৰিত ২৫ জনীয়া এটা পৰ্যটকৰ দলৰ সৈতে চেল্ফি লৈ থকাৰ সময়তে ক্ষতিগ্ৰস্ত ৰেলিঙৰ পৰা তলত পৰি নিহত হয় এগৰাকী ফৰাচী নাগৰিক।
জানিব পৰা মতে ৬১ বছৰীয়া ফৰাচী পৰ্যটকগৰাকীৰ নাম এছমা বেনেলেছ।
লগতে পঢ়কঃ গণতন্ত্ৰৰ মন্দিৰত বিজেপি সাংসদৰ কালিমা: মুছলমান সাংসদক সংসদৰ ভিতৰতে চৰম সাম্প্ৰদায়িক শব্দৰে আক্ৰমণ
খবৰ অনুসৰি, চেল্ফি তুলিবলৈ গৈ ৰেলিঙৰ পৰা তললৈ পৰি যোৱাত মহিলাগৰাকী অচেতন হৈ পৰে। তাৰপিছত তেখেতক ফতেহপুৰ চিক্ৰিৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও কিছুসময়ৰ পিছতেই চিকিৎসকে মৃত ঘোষণা কৰে।
অভিযোগ অনুসৰি মহিলাগৰাকী পৰি যোৱাৰ লগে লগে আৰ্কিঅ’লজিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ কৰ্মচাৰীয়ে এম্বুলেঞ্চ মাতিছিল যদিও এম্বুলেনঞ্চখন যথেষ্ট পলমকৈ ঘটনাস্থলীত উপস্থিত হয়।
স্থানীয় ষ্টুৰিষ্ট গাইড এজনে সংবাদ মাধ্যমক জনোৱা অনুসৰি ৰেলিংখন দীৰ্ঘদিন ধৰি বিপদসংকুল অৱস্থাত আছিল যদিও কৰ্তৃপক্ষই মেৰামতি কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল।
এই ঘটনাত পৰ্যটকৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। লগতে দণ্ডাধীশৰ তদন্ত আৰু কৰ্তৃপক্ষৰ সংশোধনী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় লোকসকলে।
লগতে পঢ়কঃ গুৱাহাটী-আগৰতলা বিমানত অঘটন! মাজ আকাশতে দুৱাৰ খোলাৰ চেষ্টা যাত্ৰীৰ; চাওক ভিডিঅ’