NORTHEAST NOW (Assamese)

টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিত স্থান লাভ শ্বুটাৰ হৃদয় হাজৰিকাৰ

December 14, 2018 10:47 am · এন ই নাও নিউজ
শ্বুটাৰ হৃদয় হাজৰিকা। ফাইল ফটো

 

টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকাই। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে বৃহস্পতিবাৰে ২০২০ চনৰ টকিঅ’ অলিম্পিকৰ বাবে ১১গৰাকী শ্বুটাৰক টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিত অন্তৰ্ভুক্ত কৰিছে।

আনহাতে, টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিত দেশৰ দুগৰাকী টেনিছ খেলুৱৈ আৰু তিনিগৰাকী টেবুল টেনিছ খেলুৱৈকো অন্তৰ্ভুক্ত কৰা হৈছে।

টি অ’ পি এছত স্থান লাভ কৰা টেনিছ খেলুৱৈ দুগৰাকী হ’ল ডিভিজ চৰন আৰু ৰোহন বোপান্না। আনহাতে, টেবুল টেনিছ খেলুৱৈকেইগৰাকী হ’ল—মণিকা বাত্ৰা, অশন্ত শৰথ কমল আৰু জি ছাথিয়ান।

ইপিনে, ২০২৪ চনৰ অলিম্পিকৰ ডেভেলপমেণ্ট গ্ৰুপত অতিৰিক্ত ছয়গৰাকী শ্বুটাৰক অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই ছয়গৰাকী শ্বুটাৰৰ ভিতৰতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ হৃদয় হাজৰিকাই।

টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিত স্থান লাভ কৰা খেলুৱৈসকলে অনুশীলনৰ বাবে প্ৰতি মাহত ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব।

Related News