যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল উদ্যোক্তা শ্যামকানু মহন্ত। নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা অসমৰ সংবাদ মাধ্যম NEWS18 অসম NORTH EASTএ প্ৰকাশ কৰিছে এই খবৰ।
প্ৰকাশিত বাতৰি অনুসৰি ইতিমধ্যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰিছে প্ৰস্তুতি।
বহিঃৰাজ্যত শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে কালি অৰ্থাৎ ২০ ছেপ্টেম্বৰত ‘দ্য নৰ্থ ইষ্ট ফেষ্টিভেল’ৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ব্যাপক ক্ষোভৰ মাজতে অসমৰ মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ ডিজিপিক সকলো এফআইআৰ চিআইডিলৈ হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে, শুকুৰবাৰে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আদিৰ বিৰুদ্ধে মৰিগাওঁ আৰক্ষী থানাত দাখিল হৈছিল এখন এজাহাৰ।




