সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা আজমলৰ শাস্তিৰ দাবীত শিৱসাগৰ বাৰ্তাজীৱি সংঘৰ মৌন সমদল 

IMG-20181228-WA0005

এআইয়ুডিএফৰ প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে শিঙিমাৰীত কতৰ্ব্যৰত সাংবাদিকক কৰা অপমানৰ প্ৰতিবাদত আজি শিৱসাগৰ জিলা বাৰ্তাজীৱি সংঘই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

জিলাখনৰ সাংবাদিকসকলে চহৰৰ মাজ মজিয়াত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ পাছতেই বিভিন্ন দল সংগঠনৰ নেতা-কৰ্মীৰ লগতে জিলাখনৰ সাংবাদিকসকলে মুখত ক’লা কাপোৰ বান্ধি জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈ মৌন সমদল বাহিৰ কৰে।

পিছত শিৱসাগৰ জিলাৰ এগৰাকী দণ্ডাধীশৰ হাতত এখন স্মাৰকপত্ৰ জমা দিয়ে। সাংবাদিকক অসভ্য আচৰণ কৰা, কুকুৰ, বদমাছ  বুলি গালি পাৰি বুমটো দলিয়াই দিয়া বদৰুদ্দিন আজমলৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাই শিৱসাগৰ জিলা বাৰ্তাজীৱি সংঘই  দেশৰ ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

শিৱসাগৰ জিলা বাৰ্তাজীৱি সংঘৰ সভাপতি খলিলুৰ ৰহমান হাজৰিকাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সংবাদ মাধ্যম আৰু সাংবাদিকৰ প্ৰতি অশোভনীয় আচৰণ কৰা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে লোকসভা অধ্যক্ষকে ধৰি উৰ্দ্ধতন কৰ্তৃপক্ষই তৎকালে বিহিত ব্যৱস্থা গ্রহণ নকৰিলে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি মন্তব্য কৰে।