NORTHEAST NOW (Assamese)

এলপেথিক দৰৱ অবিহনে পত্নীয়ে কেন্সাৰক পৰাস্ত কৰাৰ দাবী সিদ্ধুৰ! ৮৫০ কোটি টকাৰ লিগেল ন’টিছ সিদ্ধুলৈ

November 27, 2024 3:57 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

কথাতে বঁটা পায়, কথাতে কটা যায়। এই পৰিণামৰ যেন সন্মুখীন হৈছে ভাৰতৰ প্ৰাক্তন আন্তৰাষ্ট্ৰীয় ক্ৰিকেটাৰ তথা ৰাজনীতিবিদ নৱজোৎ সিং সিদ্ধুৱে। ছত্তীশগড় চিভিল চ’ছাইটিয়ে প্ৰাক্তন ক্ৰিকেটাৰ তথা পঞ্জাৱ কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধুলৈ আইনী জাননী জাৰি কৰিছে।

জাননীখনত সিদ্ধুক পত্নী নৱজোৎ কৌৰৰ কৰ্কট ৰোগৰ চিকিৎসাৰ নথি ৭ দিনৰ ভিতৰত দাখিল কৰিবলৈ কোৱা হৈছে। যদি দাখিল কৰিব নোৱাৰে তেনে ৮৫০ কোটি টকাৰ দাবী ক্ষতিপূৰণো দাবী কৰা হৈছে। উল্লেখ্য যে কিছুদিনৰ পূৰ্বে নৱজোৎ সিং সিদ্ধুৱে তেওঁৰ পত্নীয়ে কোনো চিকিৎসা গ্ৰহণ নকৰাকৈ দুৰাৰোগ্য কেঞ্চাৰক পৰাস্ত কৰা বুলি দাবী কৰিছিল। কোৱা হৈছিল যে তেওঁৰ পত্নীয়ে কোনো চিকিৎসা গ্ৰহণ নকৰাকৈ মাত্ৰ ৪০ দিনতে কৰ্কট ৰোগৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিছিল। কঠোৰ অনুশাসনমূলক খাদ্য শৈলীৰে তেওঁৰ পত্নীয়ে চতুৰ্থ পৰ্যায়ৰ কেঞ্চাৰক পৰাস্ত কৰিছে। এই দাবীৰ পিছতে দেশৰ চিকিৎসকসকলৰ তীব্ৰ বিৰোধিতাৰ লগতে প্ৰশ্নৰ সন্মুখীন হয় প্ৰাক্তন ক্ৰিকেটগৰাকী। চিকিৎসকৰ এই বিৰোধিতাৰ পাছতে সুৰ সলনি কৰে সিদ্ধুৱে। তাৰ পাছত সিদ্ধুৱে স্পষ্ট কৰে যে তেওঁৰ পত্নীৰ অস্ত্ৰোপচাৰ, কেমোথেৰাপি, হৰম’ন থেৰাপী আৰু টাৰ্গেটেড থেৰাপী কৰা হৈছে।

সিদ্ধুৱে আৰু কয় যে তেওঁ চিকিৎসকক বহুত সন্মান কৰে আৰু তেওঁৰ পত্নীয়ে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে তেওঁৰ খাদ্যাভ্যাস মানি চলিছিল। চিকিৎসক নৱজোৎ কৌৰ সিদ্ধুৱে চিকিৎসাৰ পৰামৰ্শ অবিহনে কেতিয়াও কোনো পদক্ষেপ লোৱা নাছিল বুলি জোৰ দি সিদ্ধুৱে কয় যে ডায়েট চাৰ্টে কেৱল সহায়ক হিচাপে কাম কৰে। তেওঁ কয় যে ইয়াক আয়ুৰ্বেদৰ নীতি আৰু জাপানীজ প্ৰথাক সামৰি লোৱা হৈছে যিয়ে ৰোজাৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

কিন্তু সিদ্ধুৱে সুৰ সলনি কৰাৰ পাছতো আশ্বস্ত হোৱা চিকিৎসকৰ লগতে নাগৰিক সমাজ। তেওঁলোকৰ দাবী যে সিদ্ধুৰ এই অদ্ভূত দাবীৰ পাছতে বহু কেঞ্চাৰ ৰোগীয়ে এল’পেথি চিকিৎসাৰ প্ৰতি অহীনা প্ৰকাশ কৰিবলৈ ধৰিছে। আনকি বহুতে এল’পেথি চিকিৎসাৰ ওপৰত বিশ্বাস আৰু আস্থাও হেৰুওৱাই পেলাইছে। এই অভিযোগ আৰু দাবীৰে ছত্তিশগড়ৰ চিভিল চ’ছাইটিয়ে সিদ্ধুলৈ আইনী জাননী প্ৰেৰণ কৰিছে।

Related News