চাঞ্ল্য সৃষ্টিকাৰী পঞ্জাৱৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালাৰ হত্যাত জড়িত বাহনৰ সন্ধান লাভ কৰিছে পঞ্জাৱ আৰক্ষীয়ে। গায়কজনৰ হত্যাকাণ্ডৰ অনুসন্ধান কৰি থকা মানছা আৰক্ষী অধীক্ষকৰ (এছএছপি) তত্বাৱধানত গঠিত বিশেষ অনুসন্ধান দলে হত্যাকাণ্ডত ব্যৱহৃত বাহনসমূহ উদ্ধাৰ কৰিছে বুলি জানিবলৈ দিছে।
এছআইটিৰ নেতৃত্ব বহন কৰা মানছাৰ এছএছপি গৌৰৱ তুৰাই জানিবলৈ দিয়া মতে গায়কজনৰ হত্যাৰ সন্দৰ্ভত আৰক্ষীয়ে বিভিন্ন দিশৰ তদন্ত কৰি আছে আৰু এইপৰ্যন্ত দলটোৱে যথেষ্ট তথ্য লাভ কৰিছে।
উল্লেখ্য যে পঞ্জাৱ চৰকাৰে ৰাজ্যকনৰ ভিআইপি সকলৰ নিৰাপত্তা কৰ্মী প্ৰত্যাহাৰ কৰাৰ এদিন পিছতে দেওবাৰে পঞ্জাৱৰ মানচা জিলাৰ জাৱাহাৰকে গাঁৱত অচিনাক্ত আক্ৰমণকাৰীয়ে সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰে।
ঘটনা সন্দৰ্ভত অনুসন্ধানৰ অগ্ৰগতি সম্পৰ্কে সাংবাদিকৰ আগত মানছাৰ এছএছপি গৰাকীয়ে কয়, “মোৰ তত্বাৱধানত এটা এছআইটি দল গঠন কৰা হৈছে। আমি বিভিন্ন দিশৰ পৰা গোচৰটোৰ তদন্ত কৰি আছো। আমি অপৰাধটোত ব্যৱহৃত গাড়ীবোৰ উদ্ধাৰ কৰিছো। আমি বিভিন্ন তথ্য লাভ কৰিছো। আমি আশাবাদী যে অভিযুক্তক সোনকালেই গ্ৰেপ্তাৰ কৰা হ’ব।”
আনহাতে ঘটনাটোৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা দুজন ব্যক্তি বৰ্তমান সুস্থিৰ আৰু বিপদমুক্ত বুলি পঞ্জাৱ আৰক্ষীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰৰ গোটে সিদ্ধু মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল।
কানাডাস্থিত গোল্ডি ব্ৰাৰে হত্যাৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছত দিল্লী আৰক্ষীৰ বিশেষ চেলে সিদ্ধু মুছেৱালাৰ হত্যাৰ গোচৰৰ সন্দৰ্ভত তিহাৰ কাৰাগাৰত থকা লৰেন্স বিষ্ণৈক সোধা-পোছা আৰম্ভ কৰিছে। ব্ৰাৰ বিষ্ণৈইৰ এজন ঘনিষ্ঠ সহায়ক বুলি ইতিমধ্যে আৰক্ষীয়ে প্ৰকাশ কৰিছিল।
ইতিমধ্যে পঞ্জাৱ আৰক্ষীয়ে সোমবাৰে মুছেৱালাৰ হত্যাকাণ্ড সন্দৰ্ভত ডেৰাডুনৰ পেলিয়ন আৰক্ষী চকী অঞ্চলৰ পৰা ছয়জন লোকক আটক কৰিছিল।